ETV Bharat / sitara

কৰ'ণাৰ প্ৰভাৱঃ অহা বছৰতহে মুক্তি পাব অজয় দেৱগনৰ মেদান

author img

By

Published : Jul 4, 2020, 7:37 PM IST

ajay devgan maidaan to hit theatres in 2021
অহা বছৰতহে মুক্তি পাব অজয় দেৱগনৰ মেদান

কৰ'ণাৰ তাণ্ডৱৰ বাবে পিছুওৱা হৈছে অজয় দেৱগন অভিনীত খেলধৰ্মী ছবি মেদানৰ মুক্তিৰ তাৰিখ ৷ এতিয়া এই ছবিখন মুক্তি পাব 2021 চনৰ 13 আগষ্টত ৷ শেহতীয়াকৈ নিজৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে এই কথা প্ৰকাশ কৰে অজয় দেৱগনে ৷

চিটাৰা ডেস্ক,4 জুলাইঃ কৰ'ণা ভাইৰাছৰ দৰে ভয়াৱহ মহামাৰীয়ে অন্যান্য ক্ষেত্ৰৰ সমান্তৰালভাৱে বলীউডটো যথেষ্ট বেয়া প্ৰভাৱ পেলাইছে ৷ এই প্ৰভাৱ ক্ৰমাৎ যথেষ্ট দীঘলীয়া হৈ পৰিছে ৷

যদিও কিছু নীতি-নিয়মৰ মাজেৰে পুনৰ শ্বুটিং আৰম্ভ হৈছে কিন্তু ছবিগৃহত ছবি মুক্তি দিবলৈ সক্ষম হোৱা নাই ছবি নিৰ্মাতাসকল ৷ শেহতীয়াকৈ অজয় দেৱগনে নিজৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে জনাইছে যে, তেওঁৰ আগন্তুক ছবি মেদানৰ মুক্তিৰ তাৰিখ পিছুওৱা হৈছে ৷

তেওঁ টুইট যোগে লিখিছে,"2021 Independence week. An untold story that will make every Indian proud. 13th August mark the date."

মেদান ছবিখন ভাৰতীয় ফুটবল ক্ষেত্ৰখনৰ সোণালী দিনৰ ওপৰত আধাৰিত ৷ অজয় দেৱগনে ছবিখনত মহান প্ৰশিক্ষক চৈয়দ আব্দুল ৰহিমৰ চৰিত্ৰ ৰূপায়ন কৰিছে ৷ যি গৰাকী প্ৰশিক্ষকক সকলোৱে ভাৰতীয় ফুটবলৰ স্থাপক তথা পিতৃ বুলি অভিহিত কৰে ৷

লগতে পঢ়কঃঅষ্টম মৃত্যুবাৰ্ষিকীত হীৰুদালৈ শ্ৰদ্ধাৰ্ঘ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.