ETV Bharat / science-and-technology

Wi-Fi 6E ৰ সৈতে ছেমছাঙৰ নতুন মিনি এলইডি টিভি

author img

By

Published : Mar 30, 2021, 5:13 PM IST

Wi-Fi 6E ৰ সৈতে ছেমছাঙৰ নতুন মিনি এলইডি টিভি
Wi-Fi 6E ৰ সৈতে ছেমছাঙৰ নতুন মিনি এলইডি টিভি

উন্নত ৱাই-ফাই প্ৰযুক্তিৰ বাবে এক প্ৰমাণপত্ৰ লাভ কৰিছে ছেমছাঙৰ মিনি এলইডি টিভিয়ে । এতিয়াৰে পৰা ৱাই-ফাই ৫ তকৈ চাৰিগুণ দ্ৰুত সংযোগ প্ৰদান কৰিব আৰু এটা ডিভাইচত একাধিক ৰাউটাৰ সংযুক্ত হৈ থাকিলেও ডাটা স্থানান্তৰৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰে ।

বিজনেছ ডেস্ক,৩০ মাৰ্চ: ছেমছাং কোম্পানীৰ বিশেষ ঘোষণা । কোম্পানীটোৰ মতে ছেমছাঙৰ মিনি এলইডি টিভিত উন্নত ৱাই-ফাই প্ৰযুক্তিৰ বাবে এক প্ৰমাণপত্ৰ লাভ কৰিছে । ইয়াৰ জৰিয়তে ছেমছাঙে দ্ৰুত আৰু অধিক স্থিৰ সংযোগ প্ৰদান কৰিব বুলি আশাবাদী কোম্পানীটো ।

Wi-Fi 6E ৰ সৈতে ছেমছাঙৰ নতুন মিনি এলইডি টিভি
Wi-Fi 6E ৰ সৈতে ছেমছাঙৰ নতুন মিনি এলইডি টিভি

ছেমছাঙৰ মতে দুটা নতুন কিউএলইডি টিভি মডেল QN900A আৰু QN800A হৈছে কোম্পানীটোৰ প্ৰথম দুটা এলইডি যিয়ে ৱাই-ফাই এলায়েঞ্চৰ পৰা ৱাই-ফাই ৬ই প্ৰমাণপত্ৰ লাভ কৰিছে ।

ছেমছাঙে অৱগত কৰা মতে ৱাই-ফাই ৬ইয়ে, ৱাই-ফাই ৫ তকৈ চাৰিগুণ দ্ৰুত সংযোগ প্ৰদান কৰে আনকি এটা ডিভাইচত একাধিক ৰাউটাৰ সংযুক্ত হৈ থাকিলেও ডাটা স্থানান্তৰৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰে ।

Wi-Fi 6E ৰ সৈতে ছেমছাঙৰ নতুন মিনি এলইডি টিভি
Wi-Fi 6E ৰ সৈতে ছেমছাঙৰ নতুন মিনি এলইডি টিভি

উল্লখ্য যে ২.৪ গীগাহাৰ্টজ আৰু ৫ গীগাহাৰ্টজ ফ্ৰিকুৱেঞ্চিৰ সংমিশ্ৰণত ৱাই-ফাই ৬ই প্ৰযুক্তিয়ে ৬ গীগাহাৰ্টজ ফ্ৰিকুয়েঞ্চি প্ৰদান কৰিব ।

ছেমছাঙৰ মতে এতিয়া, ছেমছাং নতুন কিউএইডি ৮ কে টিভি বাছনি কৰিলে, ডাঙৰ বেণ্ডউইথ লোড সমৰ্থন কৰিব , দ্ৰুততৰ মাল্টি-গিগাবিট ডাটা প্ৰক্ৰিয়া কৰা, নিম্ন লেটেঞ্চি সক্ষম কৰিব পৰা আৰু নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত সংযোগ প্ৰদান কৰিব পাৰে । ছেমছাঙে আশা কৰা মতে ৱাই-ফাই ৬ই প্ৰযুক্তিৰ সৈতে ইয়াৰ নতুন কিউএলইডি টিভিবোৰ গ্ৰাহকসকলে যথেষ্ট পচন্দ কৰিব আৰু ইয়াৰ বিক্ৰী বৃদ্ধি হ'ব ।

Wi-Fi 6E ৰ সৈতে ছেমছাঙৰ নতুন মিনি এলইডি টিভি
Wi-Fi 6E ৰ সৈতে ছেমছাঙৰ নতুন মিনি এলইডি টিভি

লগতে পঢ়ক: ভাৰতত G-চিৰিজৰ চাৰিটাকৈ টিভি মুকলি কৰিছে আইটেলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.