ETV Bharat / science-and-technology

Affordable 5G smartphones: খুব কম দামত ক্ৰয় কৰিব পাৰিব এইসমূহ 5G smartphones

author img

By

Published : Nov 6, 2022, 6:42 PM IST

Best 5G Smartphones at Most Affordable Prices
খুব কম দামত ক্ৰয় কৰিব পাৰিব এইসমূহ 5G smartphones

দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত ভাৰতত আৰম্ভ হৈছে 5G সেৱা । ইতিমধ্যে ভাৰতৰ কেইবাখনো চহৰত আৰম্ভ হৈছে এই 5G সেৱা । 5G সেৱা পোৱাৰ বাবে কেৱল 5G ছিম ব্যৱহাৰ কৰিলে নহ’ব । নিজৰ ফোনটোৱে 5G সেৱা ছাপ’ৰ্ট কৰিবনে নাই সেয়াও গুৰুত্বপূৰ্ণ । চাওক ভাৰতৰ বজাৰত এই মুহূৰ্তত আটাইতকৈ কম দামৰ ৬টা শ্ৰেষ্ঠ ৫জি ফোন ।

নিউজ ডেস্ক, 11 নৱেম্বৰ: দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত ভাৰতত আৰম্ভ হৈছে 5G সেৱা । ইতিমধ্যে ভাৰতৰ কেইবাখনো চহৰত আৰম্ভ হৈছে এই 5G সেৱা । ইয়াৰ ভিতৰত আছে, আহমেদাবাদ, বেংগালুৰু, চেন্নাই, বাৰাণসী, চণ্ডীগড়, দিল্লী, জামনগৰ, গান্ধীনগৰ, মুম্বাই, পুনে, লক্ষ্ণৌ, কলকাতা, শিলিগুৰি, গুৰুগ্ৰাম আৰু হায়দৰাবাদ ।

5G সেৱা পোৱাৰ বাবে কেৱল 5G ছিম ব্যৱহাৰ কৰিলে নহ’ব(Best 5G Smartphones at Most Affordable Prices) । নিজৰ ফোনত 5G সেৱা ছাপ’ৰ্ট কৰিবনে নাই সেয়াও গুৰুত্বপূৰ্ণ । বহু টেলিকম সংস্থাই ইয়াৰ মাজতে জনাই দিছে যে কিদৰে গ্ৰাহকসকলে তেওঁলোকৰ ফোনত 5G msye আৰম্ভ কৰিব পাৰিব । কিন্তু তাৰ পিছতো যদি ফোনত ছাপ’ৰ্ট নকৰে, 5G সেৱাৰ সুবিধাৰ পৰা বঞ্চিত হ’ব লাগিব । ফলত ফোন সলনি কৰাত বাদে কোনো উপায় নাই।

ভাৰতৰ বজাৰত বিভিন্ন ধৰণৰ ৫জি স্মাৰ্টফোন আছে । এইক্ষেত্ৰত প্ৰাথমিক লক্ষ্য হোৱা উচিত বাজেট ফোন, যাতে কোনোভাৱে লোকচনাৰ আশংকা নাথাকে । চাওক ভাৰতৰ বজাৰত এই মুহূৰ্তত আটাইতকৈ কম দামৰ ৬টা শ্ৰেষ্ঠ ৫জি ফোন ।

Samsung Galaxy M13 5G: ভাৰতত এই ফোনটো পোৱা যায় ১৩,৯৯৯ টকাত। এই ফোনত আছে ৯০ এইচজেড ৰিফ্ৰেছ ৰেট । এই ফোনত ব্যৱহাৰ কৰা হৈছে মিডিয়াটেক ডাইনমেনচিটি ৭০০ চিপছেট, যি ৪ জিবি ৰেমযুক্ত। ইয়াৰ উপৰি এই ফোনত আছে Mali G57 GPU আৰু ৬৪ জিবি ইনবিল্ট ষ্ট’ৰেজ । এই ফোনত ব্যৱহাৰ কৰা হৈছে ৫০০০ এমএএইচ বেটাৰী ।

Poco M4 Pro 5G: ভাৰতত এই ফোনটো পোৱা যায় ১৪,৬৯০ টকাত । এই ফোনত ব্যৱহাৰ কৰা হৈছে ৬.৬ ইঞ্চিৰ ফুল এইচডি প্লাছ ডিছপ্লে । এই ফোনত ব্যৱহাৰ কৰা হৈছে মিডিয়াটেক ডাইমেনচিটি ৮১০ চিপছেট আৰু ৫০০০ এমএএইচ বেটাৰী । এই ফোনত ব্যৱহাৰ কৰা হৈছে ডুৱেল ৰিয়েৰ কেমেৰা ছেটআপ । ইয়াৰ ভিতৰত আছে ৫০ মেগাপিক্সেলৰ প্ৰাইমাৰী ছেন্সৰ আৰু ৮ মেগাপিক্সেলৰ ছেকেণ্ডেৰী চেন্সৰ। ছেলফি তোলাৰ বাবে এই ফোনৰ সন্মুখভাগত আছে ১৬ মেগাপিক্সেলৰ ছেলফি শ্বুটাৰ ।

iQoo Z6 5G: ভাৰতত এই ফোনৰ দাম ১৫,৪৯৯ টকা । এই ফোনত ব্যৱহাৰ কৰা হৈছে ৬.৫৮ ইঞ্চিৰ ফুল এইচডি প্লাছ ডিছপ্লে, যিটো ১২০ এইচজেড ৰিফ্ৰেছ ৰেটযুক্ত । এই ফোনত ব্যৱহাৰ কৰা হৈছে স্নেপড্ৰেগন ৬৯৫ চিপছেট, যিটো FunTouch OS 12 ৰেছ এন্ড্ৰইড ১২ যুক্ত। এই ফোনত ব্যৱহাৰ কৰা হৈছে ৫০ মেগাপিক্সেলৰ ট্ৰিপল ৰিয়েৰ কেমেৰা ছেটআপ, যিটো আই অটোফকাচ টেকন’লজীযুক্ত ।

Redmi Note 11 Pro Plus 5G: ভাৰতত এই ফোনটোৰ দাম ১৯,৯৯৯ টকা। এই ফোনত ব্যৱহাৰ কৰা হৈছে ৬.৬৭ ইঞ্চিৰ ছুপাৰ এমোলেড ডিছপ্লে, যি ১২০ এইচজেড ৰিফ্ৰেছ ৰেটযুক্ত। এই ফোনৰ স্কীনৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হৈছে কৰনিং গৰিলা গ্লাছ ৫। এই ফোনত ব্যৱহাৰ কৰা হৈছে স্নেপড্ৰেগন ৬৯৫ চিপছেট। এই ফোনত ব্যৱহাৰ কৰা হৈছে ১০৮ মেগাপিক্সেলৰ ট্ৰিপল কেমেৰা ছেটআপ, যি ৮ মেগাপিক্সেলৰ আৰট্ৰা ৱাইড লেন্স আৰু ২ মেগাপিক্সেলৰ মেক্ৰ’ ছেন্সৰযুক্ত।

Realme 9 Pro 5G: ভাৰতত এই ফোনৰ দাম ১৮,৯৬৭ টকা । এই ফোনত ব্যৱহাৰ কৰা হৈছে ৬.৬ ইঞ্চিৰ ফুল এইচডি প্লাছ ডিছপ্লে । এই ফোনত ব্যৱহাৰ কৰা হৈছে কোৱালকম স্নেপড্ৰেগন ৬৯৫ চিপছেট যি এনড্ৰইড ১২ অপাৰেটিং ছিষ্টেমযুক্ত। এই ফোনত ব্যৱহাৰ কৰা হৈছে ট্ৰিপল ৰিয়েৰ কেমেৰা ছেটআপ। ইয়াৰ ভিতৰত আছে ৬৪ মেগাপিক্সেলৰ প্ৰাইমাৰী কেমেৰা, ৮ মেগাপিক্সেলৰ আলট্ৰা ৱাইড লেন্স আৰু ২ মেগাপিক্সেলৰ নেনো ছেন্সৰ । ছেলফি তোলাৰ বাবে আছে ১৬ মেগাপিক্সেলৰ শ্বুটাৰ ।

Samsung Galaxy M33 5G: ভাৰতত এই ফোনটোৰ দাম ১৬,৯৯৯ টকা । এই ফোনত ব্যৱহাৰ কৰা হৈছে ৬.৬ ইঞ্চিৰ ফুল এইচডি প্লাছ এলচিডি পেনেল, যি ১০৮০x২৪০০ পিক্সেল ৰিজল্যুচনযুক্ত । এই ফোনৰ স্কীনৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হৈছে গৰিলা গ্লাছ ৫ । এই ফোনত ব্যৱহাৰ কৰা হৈছে কোৱাড কেমেৰা ছেটআপ। ইয়াৰ ভিতৰত আছে ৫০ মেগাপিক্সেলৰ প্ৰাইমাৰী কেমেৰা, ৫ মেগাপিক্সেলৰ মেক্ৰ’ শ্বুটাৰ, ২ মেগাপিক্সেলৰ নেনো ছেন্সৰ আৰু ২ মেগাপিক্সেলৰ টেলিফটো লেন্স। ছেলফি তোলাৰ বাবে আছে ৮ মেগাপিক্সেলৰ ছেলফি স্নেপাৰ ।

লগতে পঢ়ক: Amazon special deal: ব্যৱহাৰৰ পিছতো অপছন্দ হ'লে ঘূৰাই দিব পাৰিব এই স্পীকাৰ, অফাৰ আগবঢ়াইছে আমাজনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.