ETV Bharat / jagte-raho

বিহাৰত চাইবাৰ অপৰাধীৰ ভয়াৱহ জাল

author img

By

Published : Dec 27, 2020, 5:34 PM IST

বিহাৰত বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা ৷ দেওবাৰে এখন জিলাত গোচৰ হৈছে দুটাকৈ গোচৰ ৷ বেংকৰ পৰা অজ্ঞাত লোকে বৃহৎ পৰিমানৰ টকা হৰলুকি কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষী থানাত গোচৰ ৰুজু ৷

increasing cybercrime thousands of rupees siphoned off from 2 accts in bihar
বিহাৰত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা !

নিউজ ডেস্ক, 27 ডিচেম্বৰ : বিহাৰত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা ৷ দেওবাৰে বিহাৰৰ বাংকা জিলাত পুনৰ পঞ্জীয়ন হৈছে দুটা অপৰাধমূলক গোচৰ ৷ পঞ্জীয়ন হোৱা গোচৰৰ প্ৰথমটো ডমহোন পঞ্চায়তৰ অন্তৰ্গত ৰানিবান্ধ গাঁৱৰ গৌৰ মোহন যাদৱ নামৰ লোকজনৰ ৷ দ্বিতীয়টো গোচৰ একোটা পঞ্চায়তৰে কৈকুৰা গাঁৱৰ কমলেশ যাদৱ নামৰ লোকজনৰ ৷

increasing cybercrime thousands of rupees siphoned off from 2 accts in bihar
অনলাইন প্ৰৱঞ্চকৰ জালত পৰিলে আপোনাৰ কৰিবলগীয়া কাম

প্ৰথমটো গোচৰঃ গৌৰ মোহন যাদৱ নামৰ লোকজনে কাটৰিয়া আৰক্ষী থানাত পঞ্জীয়ন কৰা গোচৰ অনুসৰি, তেওঁৰ বেংকৰ একাউন্টৰ পৰা কোনোবা অজ্ঞাত লোকে 1 লাখ 70 হাজাৰ টকা হৰলুকি কৰিছে ৷

increasing cybercrime thousands of rupees siphoned off from 2 accts in bihar
অনলাইন প্ৰৱঞ্চকৰ জালত পৰিলে আপোনাৰ কৰিবলগীয়া কাম

অভিযোগ অনুসৰি, ব্যক্তিজনক প্ৰধানমন্ত্ৰী কিষান সন্মান নিধিৰ নামত প্ৰতিমাহে 2 হাজাৰ টকা দিয়াৰ প্ৰলোভনৰে বেংকৰ পাছবুক আৰু এ টি এম কাৰ্ডৰ সকলো তথ্য বিচাৰিছিল ৷ গৌৰ মোহন যাদৱ নামৰ লোকজনেও প্ৰতিমাহে 2 হাজাৰ টকা লাভ কৰাৰ বাবে ব্যক্তিজনক সকলো তথ্য প্ৰদান কৰিছিল আৰু সেই তথ্যৰ ভিত্তিতে ব্যক্তিজনৰ একাউন্টৰ পৰা 1 লাখ 70 হাজাৰ টকা হৰলুকি কৰিছে ৷ পৰৱৰ্তী সময়ত গৌৰ মোহন যাদৱে কাটিৰিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ আহ্বান জনাইছে ৷

increasing cybercrime thousands of rupees siphoned off from 2 accts in bihar
অনলাইন প্ৰৱঞ্চকৰ জালত পৰিলে আপোনাৰ কৰিবলগীয়া কাম

উক্ত ঘোচৰৰ পম খেদিয়ে বিশেষজ্ঞ সকলে দিয়া মন্তব্য অনুসৰি :

  • আপোনাৰ বেংকৰ তথ্য অজ্ঞাত লোকৰ আগত প্ৰকাশ নকৰিব ৷
  • চ'চিয়েল মিডিয়াৰ পৰা কোনো ধৰণৰ অ-কৰ্তৃত্বশীল এপছ ডাউনলোড নকৰিব ৷
  • আপুনি যিকোনো এপছ ডাউনলোড কৰাৰ সময়ত এপছটোৰ চৰ্ত আৰু নীতি-নিয়ম ভালদৰে পঢ়ি লব ৷
  • অজ্ঞাত নম্বৰৰ পৰা আপোনালৈ ফোন আহিলে আপুনি কোনো তথ্য প্ৰকাশ নকৰিব
  • চ'চিয়েল মিডিয়াৰ পৰা আপুনি সন্দেহজনক লোকৰ সৈতে বন্ধুত্ব স্থাপন কৰাত সাবধান হ'ব ৷

দ্বিতীয় গোচৰঃ কাটৰিয়া আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক সুনীল কুমাৰ নামৰ লোকজনৰ সৈতে সংঘটিত হৈছে ৷ ব্যক্তিজনৰ একাউন্টৰ পৰা 63 হাজাৰ 798 টকা হৰলুকি কৰিছে কোনোবা অজ্ঞাত লোকে ৷

অজ্ঞাত লোকজনে ভাৰতীয় ষ্টেট বেংকৰ শীৰ্ষ বিষয়া হোৱাৰ দোহাই দি সুনীল কুমাৰৰ পৰা বেংকৰ সকলো তথ্য বিচাৰিছিল ৷ বেংকৰ তথ্য লাভ কৰাৰ পিচত লোকজনে অনলাইন শ্বপিং আৰম্ভ কৰিছিল আৰু সুনীল কুমাৰৰ পৰা চাৰিবাৰকৈ OTP বিচাৰিছিল ৷ পৰৱৰ্তী সময়ত সুনীল কুমাৰৰ সন্দেহ জন্মাত ঘটনা সন্দৰ্ভত আৰক্ষী থানাত গোচৰ পঞ্জীভূত কৰিছিল ৷

উল্লেখ্য যে, বৰ্তমান নগদ বিহীন অৰ্থনীতিৰ সময়ত এনেকুনা ধৰণৰ অপৰাধমূলক ঘটনাৰ পৰা নিজকে বচাই ৰখাটো বৰ্তমান অতি জৰুৰী হৈ পৰিছে ৷

লগতে পঢ়ক : গৃহমন্ত্ৰী অমিত শ্বাহৰে ৰুদ্ধদ্বাৰ বৈঠক অজন্তা নেওগ-ৰাজদ্বীপ গোৱালাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.