ETV Bharat / jagte-raho

বিশ্বনাথত পুনৰ পহুমাংসসহ দুজন গ্ৰেপ্তাৰ

author img

By

Published : Jul 1, 2020, 5:58 PM IST

শেহতীয়াকৈ হোৱা বানপানীৰ ফলত ৰাজ্যৰ বন্যপ্ৰাণীসমূহ দিশহাৰা হৈছে ৷ এনে অৱস্থাত এচাম দুষ্ট প্ৰকৃতিৰ লোকে দৈনন্দিন চিকাৰ কৰি আহিছে বন্য়প্ৰাণীৰ ৷ বিশ্বনাথত শেহতীয়াকৈ বৃদ্ধি পাইছে পহু চিকাৰৰ ঘটনা ৷

বিশ্বনাথত পুনৰ পহুমাংসসহ দুজন গ্ৰেপ্তাৰ
প্ৰতিনিধিত্বমুলক ছবি

নিউজ ডেস্ক, 1 জুলাই : ৰাজ্য়ত শেহতীয়াকৈ বৃদ্ধি পাইছে পহু চিকাৰৰ ঘটনা ৷ বিশেষকৈ বিশ্বনাথ জিলাত বিগত কিছুদিনত অধিক পৰিমানে পহু চিকাৰৰ ঘটনা পোহৰলৈ আহিছে ৷

বিশ্বনাথ চাৰিআলি বন সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাই লাভ কৰা এক গোপন তথ্যৰ ভিত্তিত পুনৰ পহু মাংসৰ সৈতে গ্ৰেপ্তাৰ হয় দুগৰাকী লোক ৷ বিহালী আৰক্ষী চকীৰ উপ-পৰিদৰ্শক ৰাজু দুৱৰা আৰু ফৰেষ্টাৰ ৰাজু গগৈৰ নেতৃত্বত যুটীয়া অভিযানকাৰী দলটোৱে বিশ্বজিৎ বৰুৱা ওৰফে টকৌ আৰু অকামন ল'ৰা বৰুৱা ওৰফে হলিৰাম ওৰফে শনি নামৰ ব্যক্তিদুগৰাকীক আটক কৰে ৷

জব্দ কৰা পহুমাংসখিনি
জব্দ কৰা পহুমাংসখিনি

দুয়োগৰাকী ব্যক্তিৰ পৰা অভিযানকাৰী দলটোৱে ভাৰতীয় সুগৰী পহুৰ ৰন্ধা মাংসৰ লগতে তিনিখন ছাল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে দুয়োগৰাকীৰ বিৰুদ্ধে বন্যপ্ৰানী সুৰক্ষা আইন আৰু বন্য়প্ৰাণী সুৰক্ষা (অসম সংশোধনী) আইন, 2009ৰ 9, 39(3), 40 আৰু 51 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷ ইতিমধ্য আটকাধীন দুয়োগৰাকী ব্যক্তিয়ে বিশ্বনাথ চাৰিআলিৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত ন্যায়িক জিম্মাৰ বাবে উত্থাপন কৰা হ'ব বুলি জানিব পৰা গৈছে ৷

জব্দ কৰা পহুমাংসখিনিৰ সৈতে গ্ৰেপ্তাৰ হোৱা লোকদুজন
জব্দ কৰা পহুমাংসখিনিৰ সৈতে গ্ৰেপ্তাৰ হোৱা লোকদুজন

উল্লেখ্য যে, ইয়াৰ পূৰ্বে 27 জুনত বিহালীৰ কাছমাৰীত পহু মাংসসহ সুনীল ওৰাং,যোগেশ তাছা,বিকেশ্বৰ বাউৰী, ফাগু বিৰজা,নিৰ্মল খেৰোৱাৰ নামৰ চোৰাং চিকাৰী কেইটাক আটক কৰা হৈছিল বিহালী আৰক্ষী আৰু বন বিভাগৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল অপৰাধ শাখাই ৷

লগতে পঢ়কঃ কাছমাৰিত পহু মাংস সহ গ্ৰেপ্তাৰ পাচঁজন

আনহাতে 28 জুনত বিশ্বনাথত নাৱত খৰিৰ মাজত "খটীয়া পহু" লুকুৱাই আনিছিল আব্দুল আলী নামৰ এজন লোকে । ব্ৰহ্মপুত্ৰ নদীৰ মাজত খৰি আহৰণ কৰিবলৈ গৈ পহুটো ধৰি নাৱত খৰিৰ মাজত লুকুৱাই আনিছিল অভিযুক্ত গৰাকীয়ে । চেন্ট্ৰেল ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ ইকবাল হুছেইনে সু-পৰিকল্পিতভাৱে হাতে লোটে পহুটিৰ সৈতে আটক কৰিছিল আব্দুল আলীক ।

লগতে পঢ়কঃ খৰিৰ মাজত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ খটীয়া পহু

30 জুনটো বিশ্বনাথৰ বৰগাং বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ বিহমাৰী বন গাঁৱৰ পৰা পহু মাংসসহ আটক কৰা হৈছিল ধনীৰাম ইংতি,অমল ইংতি,আৰু অমল ৰংহাং নামৰ তিনিটা দুৰ্ধৰ্ষ পহু চিকাৰী ।

লগতে পঢ়কঃ বিহালীত হৰিণাৰ মাংসসহ আটক তিনিটা পহু চিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.