ETV Bharat / jagte-raho

লাওখোৱা অভয়াৰণ্যত চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ বনৰীয়া চৰাই

author img

By

Published : Dec 16, 2020, 9:53 PM IST

বন বিভাগে জনোৱা মতে এমাহত বিভিন্ন গাঁৱত অভিযান চলাই চোৰাং চিকাৰীৰ কৱলৰ পৰা প্ৰায় শতাধিক বনৰীয়া চৰাই উদ্ধাৰ কৰাৰ লগতে বহুতো চৰাই ধৰা সজুলি ও জব্দ কৰে বিভাগে ৷

বন বিভাগৰ অভিযান
বন বিভাগৰ অভিযান

ৰূপহীহাট, ১৬ ডিচেম্বৰ : লাওখোৱা অভয়াৰণ্যত পক্ষী নিধনকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান ৷ অভিযানত বনৰীয়া চৰাইৰ লগতে চৰাই ধৰা যন্ত্ৰ উদ্ধাৰ কৰে বিভাগে ৷

ৰূপহীহাটৰ জুৰীয়া লালুং গাঁৱত বন বিভাগে অভিযান চলাই বহুটো বনৰীয়া চৰাইৰ লগতে চৰাই ধৰা সঁজুলি জব্দ কৰে । লাওখোৱা অভয়াৰণ্যৰ খাল বিল সমুহলৈ আগমন ঘটা চৰাই বিলাকক কৌশলেৰে ধৰা চোৰাং চিকাৰীৰ বিৰুদ্ধে চলায় এই অভিযান ৷

বন বিভাগৰ অভিযান
বন বিভাগৰ অভিযান

অভিযানত কেবাটাও চৰাই উদ্ধাৰ কৰে সুতিৰপাৰ বন বিভাগে । চৰাই ধৰা যন্ত্ৰ, টেপ ৰেকৰ্ডাৰৰ লগতে অন্যান্য সজুলিও জব্দ কৰে যদিও চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম নহ’ল বন বিভাগ । পাছত বন বিভাগে উদ্ধাৰ কৰা চৰাই কেইটা অভয়াৰণ্যত এৰি দিয়া হয় । বন বিভাগে জনোৱা মতে এমাহত বিভিন্ন গাঁৱত অভিযান চলাই চোৰাং চিকাৰীৰ কৱলৰ পৰা প্ৰায় শতাধিক বনৰীয়া চৰাই উদ্ধাৰ কৰাৰ লগতে বহুতো চৰাই ধৰা সজুলি জব্দ কৰে বিভাগে ৷

লগতে পঢ়ক : আন্দোলনৰ জুইত ৰাজনীতিৰ ৰুটি সেকিব নালাগে : অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.