ETV Bharat / jagte-raho

বিলাসীপাৰাত আটক 5 জুৱাৰী

author img

By

Published : Oct 7, 2020, 10:00 AM IST

বিলাসীপাৰাত আটক 5 জুৱাৰী
বিলাসীপাৰাত আটক 5 জুৱাৰী

অসামাজিক কাৰ্যকলাপৰ ৰম্যভূমিলৈ পৰ্যবসিত হৈছে বিলাসীপাৰা ৷

বিলাসীপাৰা, 7 অক্টোবৰ : অসামাজিক কাৰ্যকলাপৰ ৰম্যভূমিলৈ পৰ্যবসিত হৈছে বিলাসীপাৰা ৷ ড্ৰাগছ,মাদক দ্ৰব্য আৰু জুৱাৰ ঘাটিত পৰিণত বিলাসীপাৰাত আটক 5 জনকৈ জুৱাৰী ৷ আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই আটক কৰে 4 জন আইপিএলৰ জুৱাৰীৰ লগতে এজন তীৰৰ বুকি ৷ আৰক্ষীৰ অভিযানত আটক হোৱা আইপিএল ক্ৰিকেটৰ জুৱাৰী চাৰিজন ক্ৰমে আব্দুল আজিজ,মছতাক আলী,ৰফিউল আলী আৰু ময়নাল হক বুলি জানিব পৰা গৈছে ৷ ধৃত আটাই কেইজনৰে ঘৰ বিলাসীপাৰা চহৰৰ 2 নম্বৰ ৱাৰ্ডৰ বাটাপাৰাত ৷ আনহাতে একেটা ৱাৰ্ডৰ আনন্দ নগৰৰ মজিবৰ ৰহমান নামৰ তীৰৰ বুকি এজনকো আটক কৰে আৰক্ষীয়ে ৷

বিলাসীপাৰাত আটক 5 জুৱাৰী

আটকাধীন জুৱাৰী কেইজনৰ পৰা আৰক্ষীয়ে কেবাটাও মোৱাইল ফোনৰ লগতে আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰে ৷

লগতে পঢ়ক : ধলাইত নিচাজাতীয় টেবলেটসহ দুজন গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.