ETV Bharat / jagte-raho

মেচগুৰি গুলিচালনাৰ সৈতে জড়িত তিনিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

author img

By

Published : Dec 24, 2020, 9:07 PM IST

তামুলপুৰ থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধীনৰ মেচগুৰিত সংঘটিত গুলিচালনাৰ ঘটনাৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাত ব্যৱহৃত পিষ্টল উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

মেচগুৰি গুলিচালনাৰ সৈতে জড়িত তিনিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ
মেচগুৰি গুলিচালনাৰ সৈতে জড়িত তিনিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

বাক্সা, ২৪ ডিচেম্বৰ : তামুলপুৰ থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধীনৰ মেচগুৰিত যোৱা ২১ ডিচেম্বৰত এক গুলিচালনাৰ ঘটনা সংঘটিত হৈছিল । কৃষ্ণ দাস নামৰ খেতিয়ক এগৰাকীৰ ঘৰলৈ গুলিচালনা কৰিছিল অচিনাক্ত লোকে । সেই ঘটনাৰ পাছতেই তামুলপুৰ আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখে ।

বৃহস্পতিবাৰে আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত দোষীক কৰায়ত্ব কৰিবলৈ অভিযান চলায় । তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন মেধি আৰু কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নীলাভজ্যোতি নাথৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই উক্ত ঘটনাৰ সৈতে জড়িত থকা তিনিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

মেচগুৰি গুলিচালনাৰ সৈতে জড়িত তিনিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলাভজ্যোতি নাথে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে দিনৰ ভাগত গুলিচালনাৰ সৈতে জড়িত থকা ১ নম্বৰ মাইনাওপুৰৰ মনেশ্বৰ ৱাৰীৰ সন্তান বিক্ৰম ৱাৰী (২৮)ক আটক কৰে । বিক্ৰমৰ স্বীকাৰোক্তিৰ ভিত্তিত মেচগুৰিৰ পূৰ্ণ মগৰৰ সন্তান বিক্ৰম মগৰ (৩০) আৰু ২ নম্বৰ কালিপুৰৰ কুল বাহাদুৰ লিম্বুৰ সন্তান ৰাজু লিম্বু (২৮)ক আটক কৰিবলৈ সক্ষম হয় ।

ইয়াৰোপৰি আটকাধীন যুৱক তিনিজনৰ পৰা এটা পিষ্টল আৰু তিনি জাঁই সক্ৰিয় গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । ইপিনে আটকাধীন তিনিওজন যুৱকক আদালতত প্ৰেৰণ কৰা হয় । গুলিচালনাৰ ঘটনাৰ সৈতে অধিক যুৱক জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে আৰক্ষী বিষয়া নীলাভজ্যোতি নাথে ।

লগতে পঢ়ক : মেঘালয়ৰ সৈতে চামিল হোৱাৰ সিদ্ধান্ত অসমৰ চাৰি গাঁৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.