ETV Bharat / international

ইজৰাইল-হামাছৰ মাজত চলা যুদ্ধৰ অৱসান নিবিচাৰে নেকি আমেৰিকাই !

author img

By ANI

Published : Dec 21, 2023, 7:48 AM IST

ইজৰাইল-হামাছৰ যুদ্ধ সমাপ্তি ঘটোৱা(Israel–Hamas war), গাজাত ক্ষতিগ্ৰস্ত লোকক সাহায্যৰ প্ৰদান সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত(United Nations Security Council) এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ বুধবাৰে গ্ৰহণ কৰা প্ৰস্তাৱত ভোট দিয়াত পলম কৰিলে আমেৰিকাই (USA)৷

USA delays voting on Gaza call for more aid
ইজৰাইল হামাছৰ মাজত চলা যুদ্ধৰ অৱসান নিবিচাৰে নেকি আমেৰিকাই !

ইন্টাৰনেশ্যনেল ডেস্ক, 21 ডিচেম্বৰ : ইজৰাইল আৰু হামাছৰ মাজত চলা যুদ্ধ বন্ধ হোৱাটো নিবিচাৰে নেকি আমেৰিকাই ! ইজৰাইল-হামাছৰ যুদ্ধক লৈ দুটা ভাগত বিভক্ত বিশ্ব ৷ ইফালে গাজা ষ্ট্ৰিপত বসবাস কৰা সাধাৰণ লোকৰ অৱস্থা দিনক দিনে জটিলৰ পৰা অধিক জটিল দিশে গতি কৰিছে ৷

দুই পক্ষৰ মাজত হোৱা যুদ্ধত গাজাত ষ্ট্ৰিপত বিস্তৰ ক্ষতি হৈছে ৷ ইজৰাইলে গাজাত বিভিন্ন স্থানত চলোৱা আক্ৰমণত হাজাৰ হাজাৰ লোক নিহত হৈছে আৰু লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে ৷ সেয়ে সাধাৰণ নাগৰিকৰ অৱস্থা দেখি বিশ্ববাসী শংকিত ৷ দুয়ো পক্ষকে যুদ্ধৰ পৰা বিৰত থাকিবলৈ বিশ্ববাসীয়ে আহ্বান জনাইছে ৷ আনফালে নিৰপেক্ষ স্থানত অৱস্থান কৰা আমেৰিকাই বন্ধু ৰাষ্ট্ৰ ইজৰাইলক যুদ্ধ সমাপ্তি কৰাৰ বাবে সৈমান কৰাব পৰা নাই ৷

বুধবাৰে ইজৰাইল-হামাছৰ যুদ্ধ সমাপ্তি ঘটোৱা, ইজৰাইলে কৰা অৱৰোধ প্ৰত্যাহাৰ কৰা আৰু গাজা ষ্ট্ৰিপত ক্ষতিগ্ৰস্ত লোকক উদ্ধাৰ আৰু সাহায্যৰ প্ৰদানৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত এক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ৷ উক্ত প্ৰস্তাৱত ভোটদান কৰাত আমেৰিকাই বিলম্ব ঘটায় বুলি বাতৰি প্ৰকাশ পাইছে ৷ উল্লেখ্য যে, সপ্তাহটোত তৃতীয়বাৰলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত উত্থাপিত হৈছিল এই প্ৰস্তাৱ ৷

আনহাতে উক্ত প্ৰস্তাৱত ভোট নিদিয়াৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কয় যে, এই সন্দৰ্ভত আমেৰিকাই এতিয়াও সিদ্ধান্তত উপনীত হোৱা নাই ৷

ইফালে চি এন এনত প্ৰকাশ পোৱা বাতৰি এটাত কূটনৈতিক সূত্ৰই কৈছে যে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত আলোচনা চলি থকা খচৰাখনৰ মুখ্য বিষয়বোৰ ভিতৰত এটা হৈছে শত্ৰুতা বন্ধ কৰা । কিন্তু এই ক্ষেত্ৰত আমেৰিকাই ভোটৰ দানৰ পৰা বিৰত বা পলম কৰাক লৈ বিশ্বজুৰি চৰ্চিত হৈছে ৷ এয়া আমেৰিকাৰ কূটকৌশল নেকি বুলি প্ৰশ্নও উত্থাপিত হৈছে ৷

লগতে পঢ়ক : ইজৰাইলী বিমান আক্ৰমণত গাজা ষ্ট্ৰিপত নিহত ৪৫ পেলেষ্টাইনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.