ETV Bharat / international

ইজৰাইলী বিমান আক্ৰমণত গাজা ষ্ট্ৰিপত নিহত ৪৫ পেলেষ্টাইনী

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 10:21 AM IST

Israeli Bombardments in Gaza : দক্ষিণ গাজাত ইজৰাইলৰ বোমাবর্ষণত প্ৰায় ৪৫ পেলেষ্টাইনী নিহত হয় । আনহাতে, টেল আভিভৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সতৰ্ক কৰি দিছে যে এই অভিযান কেইবা মাহ ধৰি চলি থাকিব । ইফালে ৰাফাত এটি দুবছৰীয়া শিশু আৰু দুসপ্তাহ পূৰ্বে জন্ম হোৱা এটি শিশুকন্যাৰ আক্ৰমণত মৃত্যু হয় ।

Israeli airstrikes kill 45 Palestinians
ইজৰাইলী বিমান আক্ৰমণত গাজা ষ্ট্ৰিপত নিহত ৪৫ পেলেষ্টাইনী

ইণ্টাৰনেচনেল ডেস্ক, ২০ ডিচেম্বৰ : ইজৰাইলী সেনাই গাজাৰ উত্তৰৰ অন্তিমখন কাৰ্যকৰী চিকিৎসালয়ত তালাচী চলাই কৰ্মচাৰীসকলক আটক কৰিছে । আনহাতে, ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে মঙলবাৰে কয় যে সৈন্যবাহিনীয়ে হামাছ সন্ত্ৰাসবাদীক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ কাম কৰি আছে ।

ইজৰাইলে মঙলবাৰে দক্ষিণ গাজাৰ চহৰসমূহত বিমান আক্ৰমণ চলায় । এই আক্ৰমণত কমেও ৪৫ পেলেষ্টাইনী নিহত হয় । আনহাতে, আন্তৰ্জাতিক সতৰ্কতা বৃদ্ধি হোৱা সত্ত্বেও আমেৰিকাৰ পৰা পুনৰ সমৰ্থন লাভ কৰাৰ পিছত ইজৰাইলৰ আক্ৰমণ পুনৰ বৃদ্ধি পাইছে । তাৰ লগতে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে সতৰ্ক কৰি দিছে যে গাজাৰ দক্ষিণত অভিযান কেইবা মাহ ধৰি চলি থাকিব ।

দক্ষিণৰ ৰাফা চহৰৰ এখন চিকিৎসালয়ত মাহমুদ জৰাব নামৰ এগৰাকী ব্যক্তিয়ে তেওঁৰ দুই সন্তানক হেৰুৱায় । তাৰে এটি হৈছে দুবছৰীয়া ল'ৰা আৰু আনটি দুসপ্তাহ পূৰ্বে জন্ম হোৱা এটি শিশুকন্যা । তেওঁলোক পুৱাতে হোৱা আক্ৰমণত ঘৰতে নিহত হয় ।

ইফালে মাত্ৰ দুসপ্তাহ বয়সৰ শিশুকন্যাটিৰ আইতাক চুজান জৰাবে কওঁ যে শিশুটিৰ নামকৰণে হোৱা নাছিল । ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক সম্বোধন কৰি তেওঁ কান্দি কান্দি কয়, তেওঁ ভাবে নেকি যে এই শিশুসকলক হত্যা কৰি তেওঁ কিবা লাভ কৰিব পাৰিব ? তেওঁলোক এতিয়া সফল হৈছেনে ? তেওঁ যি বিচাৰে সেয়া লাভ কৰিছেনে ? আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী গেলেণ্টে কয় যে ইজৰাইলী বাহিনীয়ে অঞ্চলটোৰ পৰা সন্ত্ৰাসবাদীসকলক সম্পূৰ্ণভাৱে নিৰ্মূল কৰাৰ অংশ হিচাপে উত্তৰ গাজাত হামাছৰ সুৰংগ নেটৱৰ্কত প্ৰৱেশ কৰি আছে ।

উল্লেখ্য যে গাজা চহৰকে ধৰি অতি ঘন বসতিপূৰ্ণ নগৰীয়া অঞ্চলত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ যুদ্ধ দেখা গৈছে । তাৰ মাজতে পেলেষ্টাইনী স্বাস্থ্য বিষয়াসকলে শেহতীয়া দিনবোৰত বোমাবর্ষণত শ শ লোক নিহত হোৱাৰ কথা প্ৰকাশ কৰিছে ।

আনহাতে, ইজৰাইলী সেনাই উত্তৰৰ কেইবাখনো চিকিৎসালয় আৰু আশ্ৰয়স্থলত অভিযান চলাইছে । সন্ত্ৰাসবাদীৰ সন্ধান উলিয়াবলৈ স্থানীয় লোকসকলক আটক কৰিছে আৰু তাত আশ্ৰয় লোৱা আনসকলক উলিয়াই দিছে । গেলেণ্টে কয় যে দক্ষিণ গাজাত এই অভিযানত কেইবা মাহ সময় লাগিব । ইয়াৰ ভিতৰত আছে অঞ্চলটোৰ দ্বিতীয় বৃহত্তম চহৰ খান ইউনুছৰ ওপৰত সামৰিক বাহিনীৰ আক্ৰমণ । তেওঁ কয় যে লক্ষ্যত উপনীত নোহোৱালৈকে তেওঁলোক থমকি নৰয় ।

ইফালে সোমবাৰে ইজৰাইলৰ বিষয়াসকলৰ সৈতে বৈঠকৰ পিছত আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে ইজৰাইলক অসামৰিক লোকসকলক সুৰক্ষা দিবলৈ আহ্বান জনায় । কিন্তু হামাছৰ বিৰুদ্ধে যুদ্ধত ইজৰাইলৰ প্ৰতি আমেৰিকাৰ সমৰ্থনৰ কথা পুনৰ দোহাৰি কয় যে তেওঁ তালৈ সময়সীমা বা চৰ্তাৱলী নিৰ্ধাৰণ কৰিবলৈ যোৱা নাই । অষ্টিনৰ এই মন্তব্যই ইজৰাইলক যুদ্ধবিৰতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি বৰ্ধিত আহ্বান, তাৰ পৰা আঁতৰাই আনিব বুলি ইংগিত পোৱা গৈছে । কিয়নো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে পুনৰ ভোটদানত পলম কৰিছে আৰু একবিংশ শতিকাৰ আটাইতকৈ ভয়ংকৰ সামৰিক অভিযানত হোৱা ক্ষয়-ক্ষতিৰ বাবে সহায় আগবঢ়াই যাব বুলি কৈছে ।

লগতে পঢ়ক :গাজা সীমান্তত ডাঙৰ সুৰংগৰ সন্ধান ইজৰাইলৰ; চোৰাংচোৱাৰ ব্যৰ্থতাক লৈ সমালোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.