ETV Bharat / international

Taliban on Female Education : নাৰী শিক্ষাৰ ওপৰত নিষেধাজ্ঞা উঠাই নলয় তালিবানে

author img

By

Published : Aug 16, 2023, 11:14 AM IST

Taliban on Female Education
Taliban on Female Education

তালিবানে ইংগিত দিছে যে তেওঁলোকে নাৰী শিক্ষাৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ নকৰে । আনহাতে, তেওঁলোকে আফগানিস্তানৰ শাসনক মুকলি বুলি ভাবে । তেওঁলোকে ইছলামিক আইনৰ পৰা বৈধতা আহৰণ কৰে আৰু কোনো গুৰুত্বপূৰ্ণ ভাবুকিৰ সন্মুখীন নহয় ।

ইণ্টাৰনেচনেল ডেস্ক, ১৬ আগষ্ট : তালিবানে তেওঁলোকৰ আফগানিস্তানৰ শাসনক মুকলি বুলি বিবেচনা কৰে । আনহাতে, ইছলামিক আইনৰ পৰা তেওঁলোকে বৈধতা আহৰণ কৰে আৰু কোনো গুৰুত্বপূৰ্ণ ভাবুকিৰ সন্মুখীন নহয় । তালিবানৰ মুখ্য মুখপাত্ৰই দেশখনত তালিবানী শাসনৰ দ্বিতীয় বাৰ্ষিকী উপলক্ষে এক সাক্ষাৎকাৰত এনেদৰে কয় । তেওঁ লগতে ইংগিত দিয়ে যে, নাৰী শিক্ষাৰ ওপৰত নিষেধাজ্ঞা চলি থাকিব ।

জবিয়াহুল্লাহ মুজাহিদে ছোৱালী আৰু মহিলাৰ ওপৰত থকা নিষেধাজ্ঞাৰ বিষয়ে এছ'চিয়েটেড প্ৰেছে কৰা সকলো প্ৰশ্নৰ পৰা আঁতৰি গৈ কয় যে, পূৰ্বৰ স্থিতি বৰ্তি থাকিব । ষষ্ঠ শ্ৰেণীৰ পিছত বিদ্যালয়ত পঢ়ি থকা ছোৱালীবোৰৰ ওপৰত প্ৰথমতে নিষেধাজ্ঞা আৰোপ কৰিছিল । কিন্তু বৰ্তমান আফগান নাৰীসকলক শ্ৰেণীকোঠা, বেছিভাগ চাকৰি আৰু ৰাজহুৱা জীৱনৰ পৰা আঁতৰাই ৰখাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে ।

উল্লেখ্য যে, ২০২১ চনৰ ১৫ আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটো বাহিনীয়ে দুটা দশকৰ যুদ্ধৰ পিছত দেশখনৰ পৰা সেনাবাহিনী প্ৰত্যাহাৰ কৰাৰ ফলত তালিবানে পুনৰ ক্ষমতা দখল কৰে । তাৱিবানী শাসনৰ বাৰ্ষিকী উপলক্ষে মঙলবাৰে দেশখনত ৰাজহুৱা বন্ধ ঘোষণা কৰা হয় । আনহাতে, মুখ্যতঃ ৰাজহুৱা জীৱনৰ পৰা বাধাপ্ৰাপ্ত মহিলাসকলে এই উৎসৱত অংশগ্ৰহণ কৰা নাছিল ।

তালিবানৰ আধ্যাত্মিক জন্মস্থান কান্দাহাৰৰ দক্ষিণ চহৰত সামৰিক বাহিনীয়ে সশস্ত্ৰ বাহনৰ সৈতে ফটো উঠা দেখা গৈছে । আনহাতে, যুৱকসকলে চাইকেল, মটৰচাইকেল আৰু গাড়ীৰে চহৰখনৰ মাজেৰে সমদল কৰে । সেই সময়ত তেওঁলোকৰ হাতত তালিবানী পতাকা আৰু অস্ত্ৰ-শস্ত্ৰও আছিল । ইয়াৰ উপৰি শিশুসকলে তলৰ সোঁ-কোণত প্ৰতিৰক্ষা মন্ত্ৰী মৌলবী মহম্মদ য়াকুবৰ ফটো থকা সৰু বগা তালিবান পতাকাবোৰ খামুচি ধৰি আছিল ।

ইফালে ৰাজধানী কাবুলত পুৰুষ আৰু যুৱকসকলে ট্ৰাকত উঠি চহৰখনৰ মাজেৰে সমদল কৰে । পুৰুষসকলে শ্বহীদ স্কোৱেৰত দল বদ্ধ হৈ ছেলফি উঠে আৰু এটা স্মৃতিস্তম্ভৰ ওপৰত উঠে । আনহাতে, যুৱকসকলে ৰাইফল লৈ ফটোৰ বাবে প'জ দিয়ে ।

উল্লেখ্য যে বিগত দুটা বছৰত এইটো ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিছে যে ক্ষমতাৰ আসন কাবুলত তালিবান নেতৃত্বাধীন চৰকাৰৰ সলনি ইয়াৰ সৰ্বোচ্চ নেতা হিবাতুল্লা হখুন্দজাদাৰ ঘৰ কান্দাহাৰতহে আছে ।

লগতে পঢ়ক :Unemployment Report of China : চীনে প্ৰকাশ নকৰে নিবনুৱাৰ পৰিসংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.