ETV Bharat / international

Unemployment Report of China : চীনে প্ৰকাশ নকৰে নিবনুৱাৰ পৰিসংখ্যা

author img

By

Published : Aug 15, 2023, 6:46 PM IST

চীনে যুৱ নিবনুৱাৰ পৰিসংখ্যা প্ৰকাশ নকৰাৰ সিদ্ধান্ত লৈছে । চৰকাৰে যোৱা মাহত অন্তিমবাৰৰ বাবে চীনৰ নিবনুৱাৰ প্ৰতিবেদন প্ৰকাশ কৰিছিল । কিন্তু চৰকাৰে এনে সিদ্ধান্ত কিয় গ্ৰহণ কৰিলে ?

Unemployment Report of China
Unemployment Report of China

ইণ্টাৰনেচনেল ডেস্ক, ১৫ আগষ্ট : চীনা প্ৰশাসনৰ কৌশলী সিদ্ধান্ত । চীন চৰকাৰে দেশখনৰ যুৱ নিবনুৱাৰ তথ্য প্ৰকাশ কৰাটো বন্ধ কৰিছে । এই পৰিপ্ৰেক্ষিতত কিছুমানে এয়া দেশখনৰ মন্দাৱস্থাৰ এক মুখ্য লক্ষণ হিচাপে গণ্য কৰিছে । "এই সিদ্ধান্ত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি আৰু ইয়াৰ সমাজৰ পৰিৱৰ্তনৰ বাবে লোৱা হৈছে ।" এজন চৰকাৰী মুখপাত্ৰই এই কথা কয় । উল্লেখ্য যে বিগত জুন মাহত চীনৰ নগৰাঞ্চলত ১৬-ৰ পৰা ২৪ বছৰীয়া লোকৰ নিবনুৱাৰ হাৰ ২০ শতাংশতকৈও অধিক অভিলেখ উচ্চতাত উপনীত হৈছিল ।

আনহাতে, চীনৰ কেন্দ্ৰীয় বেংকেও মঙলবাৰে বিকাশ বৃদ্ধিৰ প্ৰচেষ্টাত ঋণ লোৱাৰ ব্যয় হ্ৰাস কৰে । মঙলবাৰে প্ৰকাশিত চৰকাৰী তথ্যই দেখুৱাইছে যে জুলাইত চীনৰ নিবনুৱাৰ হাৰ ৫.৩ শতাংশলৈ বৃদ্ধি পাইছে । একে সময়তে চৰকাৰে কৈছে যে তেওঁলোকে যুৱ নিবনুৱাৰ তথ্য প্ৰকাশ সাময়িকভাৱে স্থগিত ৰাখিব । কিন্তু নিলম্বনৰ বাবে কোনো সময়সীমা দিয়া নাই বুলি বিবিচিয়ে প্ৰকাশ কৰিছে ।

চীনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা ব্যুৰোৰ (এনবিএছ) এজন মুখপাত্ৰই কয় যে যুৱসকলৰ মাজত নিবনুৱাৰ সংখ্যা গণনাৰ পদ্ধতিটো পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে । "অৰ্থনীতি আৰু সমাজ নিৰন্তৰ বিকশিত আৰু পৰিৱৰ্তনশীল হৈ আছে । পৰিসাংখ্যিক কামত নিৰন্তৰ উন্নতিৰ প্ৰয়োজন আছে ।" মুখপাত্ৰজনে কয় ।

ইফালে ফুয়ে ইংগিত দিছে যে ১৬-ৰ পৰা ২৪ বছৰ বয়সৰ শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিয়ে নিবনুৱাৰ সংখ্যাক প্ৰভাৱিত কৰিছে । কিন্তু চীনে কেতিয়াও শিক্ষা গ্ৰহণ কৰাসকলক নিবনুৱা হিচাপে গণ্য কৰা নাই । উল্লেখ্য যে চীনে ২০১৮ চনত যুৱ নিবনুৱা পৰিসংখ্যা প্ৰকাশ কৰা আৰম্ভ কৰিছিল । অৱশ্যে চৰকাৰে বৰ্তমান গ্ৰাম্য অঞ্চলত যুৱসকলৰ নিযুক্তিৰ স্থিতিৰ তথ্য প্ৰকাশ নকৰে । বিবিচিৰ প্ৰতিবেদন অনুসৰি, এই ঘোষণা এনে এক সময়ত আহিছে, যেতিয়া মহামাৰীৰ পিছত দেশখনত অৰ্থনৈতিক পুনৰুদ্ধাৰ হ্ৰাস পাইছে ।

লগতে পঢ়ক :Jet Crashes at US Air Show : আমেৰিকাৰ এয়াৰ শ্ব'ত দুৰ্ঘটনাগ্ৰস্ত মিগ ২৩ যুঁজাৰু জেট; সুৰক্ষিতভাৱে উদ্ধাৰ দুজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.