ETV Bharat / international

Hurricane Hilary: দক্ষিণ কেলিফৰ্ণিয়াৰ ফালে আগবাঢ়িছে ঘূৰ্ণীবতাহ হিলাৰী; ৰেড এলাৰ্ট জাৰি

author img

By

Published : Aug 20, 2023, 4:44 PM IST

Hurricane Hilary
দক্ষিণ কেলিফৰ্ণিয়াৰ ফালে আগবাঢ়িছে ঘূৰ্ণীবতাহ হিলাৰী

ঘূৰ্ণীবতাহ হিলাৰীৰ ফলত দক্ষিণ কেলিফৰ্ণিয়া ধুমুহা আৰু প্ৰচুৰ বৰষুণৰ আগজাননী । গৱৰ্ণৰ গেভিন নিউজমে বৃহত্তৰ অঞ্চলটোত ৰেড এলাৰ্ট জাৰি কৰিছে । লোকসকলক পৰিস্থিতিৰ মুখামুখি হ'বলৈ সতৰ্ক কৰি দিয়া হৈছে ।

ইণ্টাৰনেশ্যনেল ডেস্ক,২০ আগষ্ট : আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ কেলিফৰ্ণিয়াৰ এক বৃহৎ অঞ্চলত জৰুৰীকালীন অৱস্থা ঘোষণা । অঞ্চলটোত ভয়ংকৰ ঘূৰ্ণীবতাহৰ আশংকা কৰা হৈছে । ঘূৰ্ণীবতাহৰ ফলত অঞ্চলটোত ধাৰাসাৰ বৰষুণ আৰু বানৰ আশংকা কৰা হৈছে । যাৰ বাবে গৱৰ্ণৰ গেভিন নিউজমে বৃহত্তৰ অঞ্চলটোত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ।

গৱৰ্ণৰৰ কাৰ্যালয়ে জাৰি কৰা বিজ্ঞপ্তি অনুসৰি এই ঘূৰ্ণীবতাহক হিলাৰী বুলি কোৱা হৈছে । হিলাৰীৰ আশংকাত প্ৰায় ৭,৫০০ বুট যোগান ধৰা হৈছে । ঘূৰ্ণীবতাহৰ আগজাননী দিয়াৰ লগতে অঞ্চলটোত সতৰ্কতামূলক ব্যৱস্থাও লোৱা হৈছে ।

নেশ্যনেল হাৰিকেন চেণ্টাৰৰ মতে দক্ষিণ-পশ্চিমৰ কিছু অংশত ধাৰাসাৰ বৰষুণ হ'ব পাৰে । আনহাতে কেলিফৰ্ণিয়াৰ দিশে আগবঢ়া ঘূৰ্ণীবতাহ অধিক শক্তিশালী হোৱাৰো আশংকা কৰা হৈছে । কেন্দ্ৰৰ মতে, ঘূৰ্ণীবতাহ সৰ্বাধিক ১১০ মাইল প্ৰতি ঘণ্টা গতিবেগত আগবাঢ়িছে ।

তথ্য অনুসৰি ঘূৰ্ণীবতাহ ছান ডিয়েগোৰ পৰা ৬৪০ মাইল দক্ষিণ-পূবত আছে । অৱশ্যে ঘূৰ্ণীবতাহ হিলাৰী দুৰ্বল হোৱাৰ আশংকা কৰা হৈছে কিয়নো ই ঠাণ্ডা পানীৰ মাজেৰে দক্ষিণ কেলিফৰ্ণিয়াৰ ফালে উত্তৰ-উত্তৰ-পশ্চিম দিশে আগবাঢ়িছে ।

দক্ষিণ-পশ্চিমৰ বাসিন্দাসকলক ধুমুহা আৰু বৰষুণৰ বাবে সতৰ্ক কৰি দিয়া হৈছে । ঘূৰ্ণীবতাহৰ আটাইতকৈ বেছি প্ৰভাৱ দেওবাৰ আৰু সোমবাৰ পৰাৰ সম্ভাৱনা আছে । এনে ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি কেলিফৰ্ণিয়াই প্ৰথম ক্ৰান্তীয় ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে । ই ৰাজ্যখনৰ দক্ষিণ সীমান্তৰ পৰা লছ এঞ্জেলছ পৰ্যন্ত বিয়পি পৰাৰ সম্ভাৱনাও আছে ।

ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় প্ৰশাসনৰ তথ্য অনুসৰি, যদি হিলাৰীয়ে কেলিফৰ্ণিয়াত ক্ৰান্তীয় ধুমুহা হিচাপে খুন্দা মাৰে তেন্তে প্ৰায় ৮৪ বছৰৰ ভিতৰত ইয়াৰ প্ৰভাৱ আটাইতকৈ বেছি হ'ব । ইফালে ঘূৰ্ণীবতাহ হিলাৰীৰ ফলত দক্ষিণ কেলিফৰ্ণিয়াৰ কিছু অংশতো অত্যাধিক বৰষুণ হোৱাৰ আশংকা আছে ।

তদুপৰি, লছ এঞ্জেলছ কাউণ্টিৰ বিষয়াসকলে কোৱা মতে অত্যাধিক বৰষুণ আৰু বানপানীৰ বাবে সকলো কাউণ্টি পাৰ্ক, জলজ কেন্দ্ৰ, সমুদ্ৰ তীৰ, খেলপথাৰ, বাথৰুম আৰু ট্ৰেইল সোমবাৰ আৰু মঙলবাৰে বন্ধ থাকিব । মাই মৰ্ণিং জেকেট আৰু ফ্লীট ফক্সৰ সৈতে হলিউড বাউলত দেওবাৰে অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানো বাতিল কৰা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Luna 25 of Russia : বিফল হ'ব নেকি ৰাছিয়াৰ চন্দ্ৰ অভিযানৰ পৰিকল্পনা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.