ETV Bharat / international

Luna 25 of Russia : বিফল হ'ব নেকি ৰাছিয়াৰ চন্দ্ৰ অভিযানৰ পৰিকল্পনা ?

author img

By

Published : Aug 20, 2023, 1:24 PM IST

ভাৰতৰ চন্দ্ৰযান-৩ উৎক্ষেপণৰ প্ৰায় এমাহ পাছত ৰাছিয়াই লুনা-২৫ মহাকাশযান উৎক্ষেপণ কৰিছিল । ভাৰতীয় মহাকাশযানৰ পূৰ্বে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ পৰিকল্পনা কৰিছিল ৰাছিয়াই । কিন্তু হঠাতে কিয় থমকি ৰ'ব লগা হ'ল ৰাছিয়া ?

Luna 25 of Russia
বিফল হ'ব নেকি ৰাছিয়াৰ চন্দ্ৰ অভিযানৰ পৰিকল্পনা

ইণ্টাৰনেশ্যনেল ডেস্ক,২০ আগষ্ট : কি অৱস্থাত আছে ৰাছিয়াৰ লুনা-২৫ ? ভাৰতীয় মহাকাশ সংস্থাৰ দৰেই ৰাছিয়াৰ মহাকাশ সংস্থায়ো আৰম্ভ কৰা চন্দ্ৰ অভিযান সফল হ'ব নে ? শেহতীয়াকৈ ৰাছিয়াই আৰম্ভ কৰা চন্দ্ৰ অভিযান বিফল হোৱাৰ পথত !

ৰাছিয়াৰ বহু আকাংক্ষিত লুনা-২৫ মহাকাশযানে প্ৰাক-অৱতৰণ কক্ষপথত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়তে কাৰিকৰি সমস্যাৰ তথ্য পোহৰলৈ আহিছে । যাৰ ফলত মহাকাশযান অভিযান বিলম্ব হৈছে ।

জানিব পৰা মতে প্ৰায় ৫০ বছৰৰ পাছত ৰাছিয়াৰ প্ৰথম চন্দ্ৰ লেণ্ডাৰ লুনা-২৫ মহাকাশযানখনে শনিবাৰে প্ৰাক-অৱতৰণ কক্ষপথত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়তে কাৰিকৰি সমস্যাৰ সৃষ্টি হয় । ভাৰতৰ চন্দ্ৰযান-৩ লেণ্ডাৰ মডিউলৰ দৰে প্ৰায় একে সময়তে প্ৰাক-অৱতৰণ কক্ষপথত প্ৰৱেশ কৰাৰ কথা আছিল ৰাছিয়াৰ চন্দ্ৰযানৰ কিন্তু সফল হ'ব নোৱাৰিলে ।

চন্দ্ৰযান-৩ৰ যাত্ৰা আৰম্ভ হোৱাৰ প্ৰায় এমাহ পাছত ১০ আগষ্টত উৎক্ষেপণ কৰা লুনা-২৫ মহাকাশযানখনে ২১ আগষ্টত ভাৰতীয় মহাকাশযানৰ পূৰ্বে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ কথা আছিল । কিন্তু ৰাছিয়াই মহাকাশযানখনত এক অস্বাভাৱিক পৰিস্থিতিৰ প্ৰতিবেদন প্ৰকাশ কৰিছে ।

ৰাছিয়াৰ মহাকাশ সংস্থা ৰছকছমছে ইয়াক এক অস্বাভাৱিক পৰিস্থিতি বুলি উল্লেখ কৰিছে । সামাজিক মাধ্যমৰ এক পোষ্টত ৰাছিয়াৰ মহাকাশ সংস্থাই উল্লেখ কৰিছে যে অপাৰেচনৰ সময়ত, স্বয়ংক্ৰিয় ষ্টেচনত এক অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হৈছে । যাৰ ফলত মহাকাশ যানখনে প্ৰাক-অৱতৰণ কক্ষপথত প্ৰৱেশ কৰিব পৰা নাছিল । ইফালে, মহাকাশ সংস্থাটোৰ এটা দলে পৰিস্থিতি বিশ্লেষণৰ চেষ্টা কৰি আছে । চন্দ্ৰ অভিযানৰ পৰা লাভ কৰা প্ৰাথমিক তথ্যত চন্দ্ৰৰ মাটিৰ ৰাসায়নিক উপাদানৰ বিষয়ে তথ্য আছে নেকি আৰু ইয়াৰ সঁজুলিবোৰে 'মাইক্ৰ' উল্কাপিণ্ডৰ প্ৰভাৱ' ধৰি ৰাখিছে নেকি সেই বিষয়ে সংস্থাটোৱে পৰীক্ষা কৰি আছে ।

লুনা-২৫য়ে ২১ আগষ্টত চন্দ্ৰপৃষ্ঠত ছফ্ট লেণ্ডিঙৰ চেষ্টা কৰিব বুলি আশা কৰা হৈছিল যদিও সেই পৰিকল্পনা সম্পূৰ্ণ হ'ব নে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই । লুনা-২৫ৰ বৰ্তমানৰ পৰিস্থিতিৰ ফলত মহাকাশযানখনে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব পাৰিব নে নাই সেয়া ৰাছিয়াৰ মহাকাশ সংস্থা ৰছকছমছে এতিয়ালৈ নিশ্চিত কৰা নাই ।

উল্লেখ্য যে, এতিয়ালৈ মাত্ৰ তিনিখন দেশৰ মহাকাশযানে চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ কৃতিত্ব লাভ কৰিছে পূৰ্বৰ ছোভিয়েট ইউনিয়ন, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে । ভাৰত আৰু ৰাছিয়াই চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰথম অৱতৰণৰ লক্ষ্য লৈছে ।

লগতে পঢ়ক :Chandrayaan3 Spacecraft : চন্দ্ৰযান-৩ৰ আন এক সফলতা; চন্দ্ৰৰ চাৰিওফালে বৃত্তাকাৰ কক্ষপথ লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.