ETV Bharat / international

Hamas attack on Israel: হামাছৰ আক্ৰমণত ইজৰাইলত নিহতৰ সংখ্যা 300 লৈ বৃদ্ধি

author img

By ANI

Published : Oct 8, 2023, 9:30 AM IST

Hamas attack on Israel
হামাছৰ আচম্বিতে ইজৰাইল আক্ৰমণ

পেলেষ্টাইনী শক্তিশালী প্ৰতিদ্বন্দী গোট হামাছৰ ইজৰাইল আক্ৰমণ ৷ গোলা-বাৰুদেৰে নিৰন্তৰ চলোৱা আক্ৰমণত 300 ৰো অধিক ইজৰাইলী নিহত হোৱাৰ লগতে আহত হয় 1590 জনৰো অধিক লোক । উগ্ৰ ইহুদীবাদী নেতা প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে হামাছৰ আত্মগোপনৰ স্থান ধ্বংসাৱশেষলৈ হ্ৰাস কৰাৰ হুংকাৰ ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 8 অক্টোবৰ: পুনৰ আৰম্ভ হৈছে ইজৰাইল-পেলেষ্টাইন ভূমি বিবাদ ৷ বিগত প্ৰায় 74 বছৰ ধৰি চলা দুয়োখন দেশৰ ভূমিকেন্দ্ৰিক বিবাদৰ অন্ত আজিও হোৱা নাই ৷ 1947 চনৰে পৰা পেলেস্তাইনৰ ভূ-খণ্ড দখলৰ বাবে অব্যাহত আছে জুয়োখন দেশৰ মাজৰ এই ক্ষমতাকেন্দ্ৰিক বিবাদ ৷

শনিবাৰে পেলেষ্টাইনী শক্তিশালী প্ৰতিদ্বন্দী গোট হামাছে আকস্মিকভাৱে আৰু ব্যাপক ৰূপত আক্ৰমণ চলায় ইজৰাইলৰ ওপৰত ৷ 300 ৰো অধিক ইজৰাইলী নিহত হয় । আনহাতে আহত হয় 1590 জনৰো অধিক লোক । প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে পেলেষ্টাইনৰ এই আক্ৰমণ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি গাজাত অৱস্থিত হামাছৰ আত্মগোপনৰ স্থান ধ্বংসাৱশেষলৈ পৰিণত কৰাৰ সকীয়নি দিয়ে ।

উপকূলীয় অঞ্চলত তীব্ৰ বিমান আক্ৰমণৰ ফলত গাজাত মৃতকৰ সংখ্যা 232 লৈ বৃদ্ধি পাইছে । গোটেই নিশাটো ইজৰাইলৰ কমেও 22 টা স্থানত ইজৰাইলী বাহিনী আৰু শ শ হামাছৰ যোদ্ধাৰ মাজত যুদ্ধ সংঘটিত হয় । ইজৰাইলৰ সেনাই দিয়া তথ্য অনুসৰি ইয়াৰ ভিতৰত কমেও দুটা অঞ্চল আছিল য’ত বন্দুকধাৰীয়ে বহুতকে পণবন্দী কৰি ৰাখিছিল ।

প্ৰতিদ্বন্দী গোট হামাছৰ সন্ত্ৰাসবাদীয়ে গাজা ষ্ট্ৰিপৰ পৰা ইজৰাইলত প্ৰৱেশ কৰি ইজৰাইলৰ চহৰসমূহ দখল কৰে । পেলেষ্টাইন তথা হামাছৰ এই আক্ৰমণৰ প্ৰতি মুঠেও প্ৰস্তুত নথকা ইজৰাইলীসকলৰ চকুত এতিয়া আতংক, আশংকাৰ ছবি পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, বিবাদিত জেৰুজালেম আৰু গাজা ষ্ট্ৰিপ দখলক লৈ দুয়োখন দেশৰ মাজত অব্যাহত আছে সংঘৰ্ষ । শেহতীয়াকৈ ইজৰাইল চৰকাৰে পেলেষ্টাইনী শ্ৰমিকৰ গাজা সীমান্তলৈ যাতায়ত বন্ধ কৰি দিয়াৰ পিচৰে পৰা ক্ৰমান্বয়ে উত্তেজনা বাঢ়ি আহিছিল দুয়োখন দেশৰ মাজত ।

ঘটনা সন্দৰ্ভত x প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ X যোগে মোদীয়ে কয়, "ইজৰাইলত সন্ত্ৰাসবাদী আক্ৰমণ হোৱাৰ খবৰত আচৰিত হৈ পৰিছো । নিৰীহ ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো । এই কঠিন সময়ত আমি ইজৰাইলৰ কাষত থিয় দিছো ।"

লগতে পঢ়ক: Earthquake in Afghanistan: আফগানিস্তানত ভূমিকম্পত ৩২০ জন লোকৰ মৃত্যু, বহু সহস্ৰাধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.