ETV Bharat / international

Earthquake in Afghanistan: আফগানিস্তানৰ ভূমিকম্পত মৃতকৰ সংখ্যাই স্পৰ্শ কৰিলে 2000, আহত সহস্ৰাধিক

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 8:22 AM IST

Updated : Oct 8, 2023, 2:26 PM IST

Earthquake in Afghanistan
কেইবাটাও ভূমিকম্পই কপাঁলে আফগানিস্তানক

আফগানিস্তানত ভূমিকম্পৰ জোকাৰণি ৷ 6.3, 5.9 আৰু 5.5 প্ৰাৱল্যৰ লগতে অতি কম জোকাৰণিৰ ভূমিকম্প অনুভূত হয় তালিবান শাসিত দেশখনত । ৰাষ্ট্ৰসংঘৰ প্ৰাথমিকভাৱে 320 জন মৃতকৰ সংখ্যা দিছিল যদিও এই সংখ্যা বৃদ্ধিৰ আশংকা প্ৰকাশ কৰিছিল ।

ইণ্টাৰনেশ্যনেল ডেস্ক, 8 অক্টোবৰ: আফগানিস্তানত মৃতকৰ সংখ্যাই স্পৰ্শ কৰিলে 2000 ৷ সংকট জৰ্জৰিত আফগানিস্তান এইবাৰ প্ৰকৃতিৰ ৰোষত ৷ দেশখনৰ দুৰ্যোগ প্ৰশমন বিভাগে জনোৱা মতে, শনিবাৰে পশ্চিম আফগানিস্তানত 6.3 প্ৰাৱল্যৰ শক্তিশালী ভূমিকম্পৰ ফলত কেইবা শতাধিক লোকৰ মৃত্যু হয় । ৰাষ্ট্ৰসংঘই প্ৰাথমিক তথ্যত 320 জন মৃত্যু হোৱাৰ কথা ব্যক্ত কৰে যদিও এই সংখ্যা বৃদ্ধিৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল ৷

ভূমিকম্পৰ ফলত 465 টা ঘৰ ধ্বংস হোৱাৰ খবৰ পোৱা গৈছে আৰু 135 টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে । দুৰ্যোগ প্ৰশমন বিভাগৰ মুখপাত্ৰ মহম্মদ আব্দুল্লা জানে কয় যে হেৰাট প্ৰদেশৰ জেণ্ডা জান জিলাৰ চাৰিখন গাঁৱত এই ভূমিকম্প অনুভূত হৈছে । আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে জনোৱা মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু হেৰাট চহৰৰ পৰা প্ৰায় 40 কিলোমিটাৰ (25 মাইল) উত্তৰ-পশ্চিমে । 6.3, 5.9 আৰু 5.5 প্ৰাৱল্যৰ লগতে কেইবাটাও কম প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ।

হেৰাট চহৰৰ বাসিন্দা আব্দুল ছাকোৰ ছামাদীয়ে কয়," দুপৰীয়া সময়ত কমেও পাঁচটাকৈ প্ৰচণ্ড ভূমিকম্পই মহানগৰীখনত অনুভূত হয় । সকলো মানুহ ঘৰৰ বাহিৰত আছে বুলিও ছামাদীয়ে কয় । অধিক ভূমিকম্প অহাৰ আশংকা কৰা হৈছে । মই আৰু মোৰ পৰিয়াল আমাৰ ঘৰৰ ভিতৰত আছিলো, ভূমিকম্পটো অনুভৱ কৰিলোঁ । ঘৰৰ ভিতৰলৈ যাবলৈ ভয় কৰি পৰিয়ালটোৱে চিঞৰি বাহিৰলৈ দৌৰ দিলে । "

আফগানিস্তানৰ বিশ্ব স্বাস্থ্য সংস্থাই X যোগে কয়, হতাহতক চিকিৎসালয়লৈ নিয়াৰ বাবে জেণ্ডা জানলৈ 12 খন এম্বুলেন্স প্ৰেৰণ কৰা হৈছে । ভূমিকম্পৰ ফলত হোৱা মৃত্যু আৰু ক্ষয়ক্ষতিৰ খবৰ অব্যাহত থকাৰ সময়তে, দলসমূহে আহতসকলৰ চিকিৎসা আৰু অতিৰিক্ত প্ৰয়োজনীয়তাৰ মূল্যায়নত সহায় কৰি চিকিৎসালয়ত আছে ৷ আক্ৰান্তসকলৰ অধিকাংশই মহিলা আৰু শিশু ।

হেৰাটত টেলিফোন সংযোগত বিজুটি ঘটাৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা সবিশেষ পোৱাটো কঠিন হৈ পৰিছে । ছ’চিয়েল মিডিয়াত প্ৰকাশিত ভিডিঅ’ত দেখা গৈছে হেৰাট চহৰৰ ঘৰ আৰু কাৰ্যালয়ৰ বাহিৰত ৰাজপথত শ শ লোক । হেৰাট প্ৰদেশৰ সীমা ইৰাণৰ সৈতে । স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আফগানৰ কাষৰীয়া প্ৰদেশ ফাৰাহ আৰু বদঘিছতো এই ভূমিকম্প অনুভৱ কৰা হৈছে ।

তালিবানে নিযুক্তি দিয়া অৰ্থনৈতিক পৰিক্ৰমাৰ উপ-প্ৰধানমন্ত্ৰী আব্দুল গানী বাৰাদাৰে হেৰাট আৰু বদঘীছত মৃত আৰু আহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰে । তালিবানে স্থানীয় সংগঠনসমূহক ভূমিকম্পত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অতি সোনকালে উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ লৈ যোৱাত সহায় কৰিবলৈ আহ্বান জনায় ৷ গৃহহীনসকলক আশ্ৰয় দিয়াৰ ব্যৱস্থা কৰিবলৈ আৰু সকলোকে খাদ্য যোগান ধৰিবলৈ আহ্বান জনায় । ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে নিৰাপত্তা সংস্থাসমূহে নিজৰ সকলো সম্পদ আৰু সা-সুবিধা ব্যৱহাৰ কৰিব লাগে বুলি কয় ।

2022 চনৰ জুন মাহত পূব আফগানিস্তানৰ এটা ঠেক, পাহাৰীয়া অঞ্চলত এক শক্তিশালী ভূমিকম্পই শিল আৰু বোকা-ইটাৰ ঘৰবোৰ সমতল কৰি পেলায় । দুটা দশকৰ ভিতৰত আফগানিস্তানৰ আটাইতকৈ ভয়ংকৰ ভূমিকম্পত কমেও 1000 লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 1500 লোক আহত হয় ।

লগতে পঢ়ক: Afghanisthan Earthquake : কেইবাটাও সৰু-বৰ ভূমিকম্পত বিধ্বস্ত আফগানিস্তান

Last Updated :Oct 8, 2023, 2:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.