ETV Bharat / international

Mexico plane crash: মেক্সিকোত ব্যক্তিগত বিমান দুৰ্ঘটনাৰ ফলত মৃত্যু শিশুকে ধৰি পাঁচজনৰ

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 10:05 AM IST

Mexico plane crash
মেক্সিকোত ব্যক্তিগত বিমানৰ সংৰ্ঘষৰ ফলত মৃত্যু শিশুকে ধৰি পাঁচজনৰ

মেক্সিকোত ব্যক্তিগত বিমান দুৰ্ঘটনাগ্ৰস্ত ৷ এখন বিমান উৰণ আৰু আন এখন বিমান অৱতৰণ কৰি থকাৰ সময়তে সংঘৰ্ষ হয় । মেক্সিকোৰ উত্তৰ ডুৰাংগোত এই দুৰ্ঘটনাত এজন শিশুকে ধৰি পাঁচজন লোকৰ মৃত্যু হোৱা বুলি কৰ্তৃপক্ষই জনায় । আনহাতে, পশ্চিম মেক্সিকোৰ জালিস্কোত বানপানীৰ ফলত কমেও 7 জন লোকৰ মৃত্যু হোৱাৰ লগতে আন 9 জন লোক নিৰুদ্দেশ হৈ পৰে ।

ইণ্টাৰনেশ্যনেল ডেস্ক, 26 ছেপ্টেম্বৰ: মেক্সিকোৰ উত্তৰ প্ৰদেশ ডুৰাংগোত দুখন ব্যক্তিগত বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এটা শিশুসহ পাঁচজন লোক নিহত হয় বুলি ৰাষ্ট্ৰখনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে । সোমবাৰে পুৱা পশ্চিম ডুৰাংগোৰ লা গালানচিটা চহৰৰ এটা সৰু বিমানবন্দৰত সংঘটিত হয় এই দুৰ্ঘটনাটো । ৰাষ্ট্ৰখনৰ নিৰাপত্তা সচিবালয়ে The Associated Press ক জনোৱা মতে, দুখন বিমান, দুয়োখন চেছনা লঘু বিমান, এখন উৰণৰ সময়ত আৰু আনখন অৱতৰণ কৰি থকাৰ সময়তে সংঘৰ্ষৰ সূত্ৰপাত হয় ।

সংঘৰ্ষৰ পিছত দুয়োখন বিমানত অগ্নিসংযোগ ঘটে । এই দুৰ্ঘটনাত 5 জন যাত্ৰী নিহত হোৱা বুলি ৰাষ্ট্ৰীয় সংস্থাটোৱে জানিবলৈ দিয়ে । ৰাষ্ট্ৰীয় কৰ্তৃপক্ষই এই দুৰ্ঘটনাটো সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্তৰ ।

বানত 7 জন লোকৰ মৃত্যু

ইফালে পশ্চিম মেক্সিকোৰ জালিস্কোত বানপানীৰ ফলত কমেও 7 জন লোকৰ মৃত্যু হোৱাৰ লগতে আন 9 জন লোক নিৰুদ্দেশ হৈ পৰে । X যোগে জালিস্কো চৰকাৰে জনোৱা মতে, সোমবাৰে বিয়লিৰ ভাগত জালোকোট নিজৰাটোৰ পাৰ ওফন্দি উঠাৰ পিছত জৰুৰীকালীন কৰ্মীসকল উপস্থিত হয় । অঞ্চলটোত হোৱা মুষলধাৰ বৰষুণৰ ফলত বানপানীৰ ফলত পথ আৰু ঘৰ-দুৱাৰৰো ক্ষতিসাধন হয় ।

জালিস্কোৰ গৱৰ্ণৰ এনৰিকে আলফাৰোৱে জনোৱা মতে, ওচৰৰ তিনিখন চহৰৰ পৌৰ অগ্নিনিৰ্বাপক বাহিনী, ৰেড ক্ৰ’ছ আৰু জৰুৰীকালীন কৰ্মীয়ে তিনিজন লোকক পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

কুকুৰ, ড্ৰ’ন আৰু এখন চিকিৎসা হেলিকপ্টাৰৰ সহায়ত নিৰুদ্দেশ হোৱা বাকী 9 জন স্থানীয় লোকৰ সন্ধান অব্যাহত ৰাখিছে কৰ্তৃপক্ষই । বৰ্তমান নিজৰাটোৰ পানী কমিছে যদিও পানীৰ বৃহৎ সোঁত অব্যাহত আছে বুলি আলফাৰ’ই X যোগে জনায় ।

লগতে পঢ়ক : India and Canada relation: কানাডাত সন্ত্ৰাসবাদীয়ে বিচাৰি পাইছে নিৰাপদ আশ্ৰয়: শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.