ETV Bharat / international

Putin and Kim Meet : ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু উত্তৰ কোৰিয়াৰ নেতা কিমৰ মহাকাশ কেন্দ্ৰত বৈঠক

author img

By ANI

Published : Sep 13, 2023, 1:58 PM IST

Putin and Kim Meet
Putin and Kim Meet

ভ্লাদিমিৰ পুটিন আৰু কিম জং উন বুধবাৰে ৰাছিয়াৰ মহাকাশ ৰকেট উৎক্ষেপণ স্থান ভষ্টোচনি কছমড্ৰোমত উপস্থিত হয় বুলি চিএনএনৰ বাতৰিত প্ৰকাশ ।

ইণ্টাৰনেচনেল ডেস্ক, ১৩ ছেপ্টেম্বৰ : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে বুধবাৰে ৰাছিয়াৰ পৰা দূৰৈৰ পূব অঞ্চল আমুৰৰ এটা দূৰৱৰ্তী মহাকাশ কেন্দ্ৰত এক বৈঠকত মিলিত হয় বুলি চিএনএনৰ বাতৰিত প্ৰকাশ । দুয়োগৰাকী নেতাই এক সম্ভাৱ্য অস্ত্ৰ চুক্তিৰ বিষয়ে আলোচনা কৰিব বুলি আশা কৰা হৈছে । যাৰ ফলত উত্তৰ কোৰিয়াই ইউক্ৰেইনৰ সৈতে চলি থকা সংঘৰ্ষৰ সময়ত ৰাছিয়াক অস্ত্ৰ সৰবৰাহ কৰিব পাৰে ।

ভ্লাদিমিৰ পুটিন আৰু কিম জং উন বুধবাৰে ৰাছিয়াৰ মহাকাশ ৰকেট উৎক্ষেপণ স্থান ভষ্টোচনি কছমড্ৰোমত উপস্থিত হয় বুলি চিএনএনৰ বাতৰিত প্ৰকাশ । দুয়োগৰাকী নেতাই ভৱনটোত প্ৰৱেশ কৰাৰ পূৰ্বে কৰমৰ্দন কৰে আৰু চমুকৈ কথা পাতে । এক ফুটেজত পিছত কিম জং উনক এখন ক'লা গাড়ীৰ পৰা ওলাই আহি পুটিনৰ সৈতে হাত মিলাই থকা দেখা গৈছে ।

ক্ৰেমলিনৰ দ্বাৰা মুকলি কৰা এটা ভিডিঅ' অনুসৰি, পুটিনক কিমক কোৱা শুনা গৈছে, "হাই । আপোনাক দেখি আনন্দিত । আপোনাৰ ভ্ৰমণ কেনেকুৱা আছিল ?" ইয়াৰ প্ৰত্যুত্তৰত কিম জং উনে কয়, "আপুনি কামত ব্যস্ত থকাৰ সময়তো আমাক আমন্ত্ৰণ জনোৱা আৰু আদৰণি জনোৱাৰ বাবে ধন্যবাদ ।" চিএনএনৰ প্ৰতিবেদনত এই কথা প্ৰকাশ ।

তাৰ পিছত দুয়োজন নেতাই মহাকাশ কেন্দ্ৰত প্ৰৱেশ কৰে । বৰ্তমান দুয়োগৰাকী নেতাই ভষ্টোচনি কছমড্ৰোম ভ্ৰমণ কৰি আছে বুলি চিএনএনে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ৰাছিয়া ১ৰ সাংবাদিকৰ উদ্ধৃতি দি প্ৰতিবেদনত প্ৰকাশ কৰিছে । ৰাছিয়াৰ ভিডিঅ'টোত কিম জং উনক দূৰৱৰ্তী ভষ্টোচনি কছমড্ৰোম মহাকাশ কেন্দ্ৰত উপস্থিত হোৱা আৰু উত্তৰ কোৰিয়াৰ পৰা তেওঁক কঢ়িয়াই অনা সেউজীয়া ৰে'লখনৰ পৰা ওলাই অহা দেখা গৈছে ।

ফুটেজটোত উত্তৰ কোৰিয়াৰ এজন নেতাক ৰে'লৰ পৰা ওলাই অহা আৰু ৰে'লখনত কেইবাজনো ৰাছিয়াৰ বিষয়াৰ সৈতে মূৰ জোকাৰি থকা দেখা গৈছে । কিম জং উন মঙলবাৰে ৰাছিয়াত উপস্থিত হয় বুলি চিএনএনে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে । কিম জং উনৰ গধুৰ অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত ব্যক্তিগত ৰে'লখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সতৰ্কবাণীৰ মাজতে ৰাছিয়াত উপস্থিত হয় আৰু দুয়োজন নেতাই অস্ত্ৰ চুক্তি কৰিব পাৰে বুলি অনুমান কৰা হৈছে ।

আনহাতে, ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা আৰআইএৰ উদ্ধৃতি দি চিএনএনে প্ৰকাশ কৰা বাতৰি অনুসৰি, ৰে'লখনে দেশখনৰ সুদূৰৰ পূব অঞ্চলৰ প্ৰিমোৰ্স্কি ক্ৰাইৰ মাজেৰে উত্তৰ দিশে গৈ আছিল । দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, উত্তৰ কোৰিয়াৰ নেতাজনে মঙলবাৰে পুৱা ৰাছিয়াত প্ৰৱেশ কৰে ।

সোমবাৰে ৰাছিয়া টুডেয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ'ত দেখুওৱা হৈছে যে, ৰে'লখনে কিমক তুমেন নদীৰ কাষত ৰাছিয়া-উত্তৰ কোৰিয়া সীমান্তৰ ওচৰলৈ লৈ গৈছিল । দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ জিয়ন হা-কিউয়ে কয় যে, উত্তৰ কোৰিয়া আৰু ৰাছিয়াই অস্ত্ৰ চুক্তি আৰু প্ৰযুক্তি স্থানান্তৰৰ ওপৰত আলোচনা আগবঢ়াব নেকি সেই বিষয়ত মন্ত্ৰালয়ে নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে ।

লগতে পঢ়ক :Putin On Modi Policies : প্ৰধানমন্ত্ৰী মোদীৰ নীতিক প্ৰশংসা পুটিনৰ; মে'ক ইন ইণ্ডিয়া কাৰ্যসূচীক সঠিক আখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.