ETV Bharat / international

Chandrayaan 3 mission : চন্দ্ৰযান ৩ এক সামগ্ৰিকভাৱে সফল অভিযান; নাছাৰ প্ৰাক্তন বিষয়া মাইক গ'ল্ড

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 12:06 PM IST

mike gold on chandrayaan 3 mission
mike gold on chandrayaan 3 mission

সফল হওক বা নহওক, ভাৰতৰ চন্দ্ৰযান-৩ অভিযান এনে এক সময়ত সামগ্ৰিকভাৱে সফল হ'ব যেতিয়া চন্দ্ৰত স্থায়ী উপস্থিতি স্থাপনৰ প্ৰচেষ্টা চলি আছে । নাছাৰ প্ৰাক্তন বিষয়া মাইক গ'ল্ডে কয় । তেওঁ কয় যে, চন্দ্ৰযান-৩-এ আক্ষৰিকভাৱে সহযোগিতাক চন্দ্ৰলৈ আগুৱাই নিব ।

নিউজ ডেস্ক, ২৩ আগষ্ট : ৰেডৱায়াৰ স্পেচৰ মুখ্য বিকাশ বিষয়া আৰু নাছাৰ প্ৰাক্তন বিষয়া মাইক গ'ল্ডে ভাৰতৰ চন্দ্ৰযান-৩ অভিযানৰ প্ৰশংসা কৰি কয় যে অভিযান সফল হওক বা নহওক, এই অভিযান নিজেই এক সামগ্ৰিক সফলতা । মহাকাশ ভ্ৰাতৃত্বৰ সৈতে এক সুপৰিচিত নাম হৈছে মাইক গ'ল্ড । তেওঁক আৰ্টেমিছ ৰেকৰ্ডৰ স্থপতি বুলিও গণ্য কৰা হয়, যি হৈছে চন্দ্ৰৰ দায়িত্বশীল অন্বেষণৰ বাবে পৰিকল্পনা আৰু আন্তঃগাঁথনি নিৰ্ধাৰণ কৰা চুক্তিৰ এক সংহতি । তেওঁ নাছাত মহাকাশ নীতি আৰু অংশীদাৰিত্বৰ এজন প্ৰাক্তন সহযোগী প্ৰশাসক আছিল ।

এএনআইৰ সৈতে বাৰ্তালাপত মাইক গ'ল্ডে কয়, "আমি এক নতুন যুগত প্ৰৱেশ কৰিছোঁ । চন্দ্ৰৰ অন্বেষণৰ আৰ্টেমিছ যুগ, য'ত আমি কেৱল এবাৰ দুবাৰে নহয় চন্দ্ৰত এক স্থায়ী উপস্থিতি স্থাপন কৰিবলৈ গৈ আছোঁ । আৰু এই অভিযানে চন্দ্ৰৰ বিষয়ে আমাৰ জ্ঞান অৰ্জন, সম্পদ ব্যৱহাৰ কৰাৰ আমাৰ সামৰ্থ্য আৰু অৱশেষত আমি চন্দ্ৰত বসতি স্থাপন কৰাত সহায় কৰিবলৈ অমূল্য তথ্য সংগ্ৰহ কৰিব । গতিকে এইটো সেই প্ৰক্ৰিয়াটোৰ এটা গুৰুত্বপূৰ্ণ অংশ । অৱশ্যে মিছনটো সফল হওক বা নহওক, মোৰ মতে মিছনটো নিজেই এক সামগ্ৰিক সফলতা ।"

"ই আক্ষৰিকভাৱে সহযোগিতাক চন্দ্ৰলৈ আগুৱাই নিব । এই মুহূৰ্তত নাছা আৰু ইছৰোৰ সৈতে আমাৰ যথেষ্ট সহযোগিতা পৃথিৱীৰ ওপৰত কেন্দ্ৰীভূত, যিটো সাংঘাতিক ধৰণৰ । যেনে নিছাৰৰ দৰে প্ৰকল্প, য'ত ভাৰতৰ সৈতে আমাৰ ৰাডাৰ প্ৰণালী থাকিব, যিয়ে পৃথিৱী অধ্যয়ন কৰিবলৈ সক্ষম হ'ব । আনহাতে, জলবায়ু পৰিৱৰ্তন আৰু জলবায়ুৰ পৰিৱৰ্তন সম্পৰ্কীয় কাৰকসমূহৰ মোকাবিলা কৰিবলৈ যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য সৃষ্টি কৰিব । যিটো ভাৰতৰ বাবে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে আৰু সমগ্ৰ বিশ্বৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব ।" তেওঁ কয় ।

আনহাতে, এএনআইৰ এক প্ৰতিবেদনত মাইক গ'ল্ডে লগতে কয়, "চন্দ্ৰযান-৩-ৰ লগতে আৰ্টেমিছৰ সৈতে চুক্তিত আমি দেখিছোঁ যে অংশীদাৰিত্ব পৃথিৱীৰ কক্ষপথৰ বাহিৰত চন্দ্ৰপৃষ্ঠলৈ গৈছে, য'ত ৰবটিক আৰু মানৱ মহাকাশ অন্বেষণৰ পৰৱৰ্তী যুগ অনুষ্ঠিত হ'ব ।"

লগতে পঢ়ক :Chandrayaan 3 Soft Landing: চন্দ্ৰযান 3 অৱতৰণৰ ঐতিহাসিক মুহূৰ্ত ভাৰ্চুৱেলী প্ৰত্যক্ষ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.