ETV Bharat / international

Chandrayaan 3 Soft Landing: চন্দ্ৰযান 3 অৱতৰণৰ ঐতিহাসিক মুহূৰ্ত ভাৰ্চুৱেলী প্ৰত্যক্ষ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 11:03 AM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সমগ্ৰ বিশ্বৰ প্ৰধান নেতাসকলে চন্দ্ৰযান-৩ৰ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণৰ ভাৰতৰ প্ৰচেষ্টা চাবলৈ নিজৰ সময়সূচীৰ পৰা সময় উলিয়াইছে । ১৫ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দক্ষিণ আফ্ৰিকাত উপস্থিত থকা প্ৰধানমন্ত্ৰী মোদীয়ে বুধবাৰে সন্ধিয়া ঐতিহাসিক চন্দ্ৰ অৱতৰণৰ ভাৰ্চুৱেল সাক্ষী হ'ব ।

Chandrayaan 3 Soft Landing
Chandrayaan 3 Soft Landing

নিউজ ডেস্ক, ২৩ আগষ্ট : ১৫ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দক্ষিণ আফ্ৰিকাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ চন্দ্ৰযান-৩-ৰ অংশ হিচাপে ঐতিহাসিক চন্দ্ৰ অৱতৰণৰ ভাৰ্চুৱেলী সাক্ষী হ'ব । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) মতে, চন্দ্ৰযান-৩ চন্দ্ৰৰ অজ্ঞাত দক্ষিণ মেৰুত অৱতৰণ কৰি ইতিহাস সৃষ্টি কৰিবলৈ সাজু হৈছে ।

ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰযান-৩-ৰ ছফ্ট-লেণ্ডিং মসৃণ অৱতৰণৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব । আনহাতে, বুধবাৰে চন্দ্ৰ অৱতৰণৰ প্ৰচেষ্টাৰ পূৰ্বে সমগ্ৰ বিশ্বৰ পৰা শুভেচ্ছা আহিছে । লণ্ডনৰ উক্সব্ৰিজত ভাৰতীয় শিক্ষাৰ্থী আৰু গৱেষণা পণ্ডিতসকলে চন্দ্ৰযান-৩-ৰ সফল অৱতৰণৰ বাবে আদ্য শক্তি মাতাজী মন্দিৰত এক বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰে ।

ইফালে চন্দ্ৰযান-৩-ৰ সফল অৱতৰণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াৰ এটা মন্দিৰত প্ৰবাসী ভাৰতীয় সদস্যসকলে যজ্ঞ অনুষ্ঠিত কৰে । উল্লেখ্য যে, সমগ্ৰ বিশ্বতে ইছৰোৰ চন্দ্ৰ অৱতৰণৰ প্ৰচেষ্টাক কেন্দ্ৰ কৰি প্ৰত্যাশাৰ সৃষ্টি হৈছে । আনহাতে, এই ঐতিহাসিক মুহূৰ্তৰ পূৰ্বে সমগ্ৰ দেশতে প্ৰাৰ্থনা অনুষ্ঠিত কৰা হৈছে । ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযানৰ ঐতিহাসিক মুহূৰ্তৰ পূৰ্বে ঋষিকেশত এক গংগা আৰতি সম্পন্ন কৰা হয় ।

ভুৱনেশ্বৰ, বাৰাণসী আৰু প্ৰয়াগৰাজত ভক্তৰ এটা দলে পূজা সম্পন্ন কৰে আৰু বিক্ৰম লেণ্ডাৰৰ সফল অৱতৰণৰ বাবে প্ৰাৰ্থনা কৰে । ভদোদৰাৰ শিশুসকলেও চন্দ্ৰযান-৩-ৰ সুৰক্ষিত অৱতৰণৰ বাবে প্ৰাৰ্থনা কৰে । ভাৰতৰ চন্দ্ৰ অভিযানৰ সফলতাৰ বাবে ইছলামিক চেণ্টাৰ অৱ ইণ্ডিয়াত বিশেষ নামাজ পঢ়া হয় ।

উল্লেখ্য যে, বুধবাৰে সন্ধিয়া ৫.২০ বজাৰ পৰা ইছৰোৰ চন্দ্ৰ অৱতৰণ কাৰ্যৰ পোনপটীয়া সম্প্ৰচাৰ আৰম্ভ হ'ব । অৱতৰণৰ পোনপটীয়া সম্প্ৰচাৰৰ কাৰ্যীসূচীসমূহ ২৩ আগষ্টত ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫.২৭ বজাৰ পৰা ইছৰো ৱেবছাইট, ইউটিউব চেনেল, ফেচবুক আৰু ৰাজহুৱা সম্প্ৰচাৰক ডিডি নেচনেল টিভিত উপলব্ধ হ'ব ।

উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনৰ পিছত এই কৃতিত্ব অৰ্জন কৰা ভাৰত হ'ব বিশ্বৰ চতুৰ্থখন দেশ । আনহাতে, চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ একমাত্ৰ দেশ হ'ব ভাৰত । চন্দ্ৰযান-৩-ৰ লেণ্ডাৰ মডিউল (এলএম) লেণ্ডাৰ বিক্ৰম আৰু ৰ'ভাৰ প্ৰজ্ঞানে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত এক মসৃণ স্পৰ্শ কৰাৰ পৰিকল্পনা কৰা হৈছে ।

লগতে পঢ়ক :Chandrayaan-3 soft-landing: জোনবাইৰ বুকুত ইতিহাস ৰচিবলৈ সাজু ভাৰত; দেশবাসী হ’ব বিৰল মূহুৰ্তৰ সাক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.