ETV Bharat / international

হামাছশাসিত গাজাত নেতান্যাহুৰ হুংকাৰ; হামাছ শেষ নোহোৱালৈকে যুদ্ধ অব্যাহত থাকিব

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 3:14 PM IST

Netanyahu enters Hamas ruled Gaza
হামাছশাসিত গাজাত নেতানিয়াহুৰ হুংকাৰ

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইছলামিক সন্ত্ৰাসবাদী হামাছশাসিত উপকূলীয় অঞ্চলত প্ৰৱেশ কৰি ইজৰাইলী সৈন্যসকলক সাক্ষাৎ কৰে । তাত তেওঁ কয় যে গাজা যুদ্ধৰ তিনিটা লক্ষ্য আছে- হামাছক আঁতৰোৱা, সকলো অপহৃতক উদ্ধাৰ কৰা আৰু এইটো নিশ্চিত কৰা যাতে গাজা ইজৰাইলৰ বাবে ভাবুকি নহয় । নেতান্যাহুৱে কয় যে ইজৰাইল অন্তিম বিজয়লৈকে থমকি নৰয় ।

ইণ্টাৰনেচনেল ডেস্ক, ২৭ নৱেম্বৰ : যুদ্ধবিধ্বস্ত গাজাৰ কিছু অংশৰ ওপৰত ইজৰাইলৰ নিয়ন্ত্ৰণ স্পষ্ট কৰি প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে দেওবাৰে ইজৰাইলী সৈন্যসকলক সাক্ষাৎ কৰিবলৈ ইছলামিক সন্ত্ৰাসবাদী হামাছশাসিত উপকূলীয় ষ্ট্ৰিপত প্ৰৱেশ কৰে । তাত তেওঁ 'অন্তিম মুহূৰ্তলৈকে' যুদ্ধ চলাই যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ।

নেতান্যাহুৱে কমাণ্ডাৰ আৰু সৈনিকসকলৰ পৰা নিৰাপত্তা সন্দৰ্ভত সংক্ষিপ্ত বিৱৰণ লাভ কৰে । লগতে হামাছৰ এটা সুৰংগও পৰিদৰ্শন কৰা বুলি এক চৰকাৰী প্ৰেছ বিবৃতিত কোৱা হৈছে । "আমি আমাৰ বীৰ সৈনিকসকলৰ সৈতে গাজা ষ্ট্ৰিপত আছোঁ । আমি আমাৰ বন্দীসকলক ঘূৰাই নিবলৈ সকলো প্ৰচেষ্টা চলাই আছোঁ । আমি তেওঁলোক সকলোকে ঘূৰাই নিমেই । এই যুদ্ধত আমাৰ তিনিটা লক্ষ্য আছে: হামাছক নিৰ্মূল কৰা, আমাৰ সকলো উদ্ধাৰ কৰা আৰু এইটো নিশ্চিত কৰা যাতে গাজা ইজৰাইলৰ বাবে ভাবুকি নাথাকে ।" নেতান্যাহুৱে স্থলসেনাসকলক কয় ।

"মই ইয়াত সৈনিকসকলক এই কথা ক'বলৈ আহিছোঁ, তেওঁলোকেও যিটো মোক কয়, মই আপোনালোকক পুনৰাবৃত্তি কৰিছোঁ যে ইজৰাইলৰ নাগৰিকসকল : আমি বিজয়ৰ অন্তিম মুহূৰ্তলৈকে থমকি নৰওঁ । আমাক একোৱেই বাধা দিব নোৱাৰে । লগতে আমি নিশ্চিত যে যুদ্ধৰ বাবে আমাৰ সকলো লক্ষ্যত উপনীত হোৱাৰ শক্তি, সামৰ্থ্য, ইচ্ছা আৰু সংকল্প আছে আৰু আমি এইটোৱেই কৰিম ।" তেওঁ দৃঢ়তাৰে কয় ।

ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে তেওঁৰ চীফ অব ষ্টাফ তজাচি ব্ৰেভাৰমেন, ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ সঞ্চালক তজাচি হানেগবি, তেওঁৰ সামৰিক সচিব মেজৰ জেনেৰেল আভি গিল আৰু ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ (আইডিএফ) উপ-মুখ্য মেজৰ জেনেৰেল আমিৰ বাৰামো তাত উপস্থিত থাকে ।

আনহাতে, ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্ট আৰু চীফ অব ষ্টাফ হাৰ্জি হালেভি আৰু অন্যান্য জ্যেষ্ঠ ইজৰাইলী বিষয়াসকলেও চলিত যুদ্ধৰ সময়ত ষ্ট্ৰিপৰ উত্তৰ অংশ পৰিদৰ্শন কৰিছে আৰু স্পষ্টভাৱে ইংগিত দিছে যে এতিয়া অঞ্চলটোৰ এক ডাঙৰ অংশৰ স্থলভাগৰ ওপৰত ইজৰাইলৰ নিয়ন্ত্ৰণ আছে ।

লগতে পঢ়ক :আমেৰিকানমূলৰ ৪ বছৰীয়া কিশোৰীক মুকলি হামাছৰ, আনন্দিত বাইডেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.