ETV Bharat / international

NASA Voyager 2 Spacecraft : ভয়েজাৰ ২ মহাকাশযানৰ সৈতে সম্পৰ্ক পুনৰ স্থাপন নাছাৰ

author img

By

Published : Aug 5, 2023, 11:17 AM IST

NASA Voyager 2 Spacecraft
NASA Voyager 2 Spacecraft

দুসপ্তাহ ধৰি যোগাযোগ বিচ্ছিন্ন হৈ থকাৰ পিছত নাছাই ভয়েজাৰ ২ মহাকাশযানৰ সৈতে পুনৰ সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে ।

ইণ্টাৰনেচনেল ডেস্ক, ৫ আগষ্ট : নাছাৰ ভয়েজাৰ ২ মহাকাশযানৰ লগত পুনৰ সম্পৰ্ক স্থাপন হৈছে । শুকুৰবাৰে ফ্লাইট নিয়ন্ত্ৰকসকলে এটা ভুলৰ সংশোধন কৰাৰ পিছত ইয়াৰ সৈতে পুনৰ যোগাযোগ হৈছে । যাৰ ফলত দুসপ্তাহ ধৰি যোগাযোগ বিছিন্ন হৈ থকা ভয়েজাৰ ২-ৰ সৈতে পুনৰ সম্পৰ্ক স্থাপন কৰে নাছাই । কোটি কোটি মাইল দূৰৈত আন্তঃনক্ষত্ৰীয় মহাকাশৰ গভীৰতালৈ প্ৰৱেশ কৰা ভয়েজাৰ ২-ৰ দুসপ্তাহ পূৰ্বে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল । নিয়ন্ত্ৰকসকলে ৪৬ বছৰ পুৰণি মহাকাশযানখনলৈ ভুল আদেশ প্ৰেৰণ কৰিছিল আৰু ইয়াৰ এণ্টেনা পৃথিৱীৰ পৰা আঁতৰাই দিছিল । যাৰ ফলত মহাকাশযানখনৰ সৈতে যোগাযোগ সম্ভৱ হোৱা নাছিল ।

বুধবাৰে নাছাৰ ডিপ স্পেচ নেটৱৰ্কে অষ্ট্ৰেলিয়াৰ বিশাল ৰেডিঅ' ডিছ এণ্টেনাত সৰ্বাধিক শক্তিচালিত ট্ৰেন্সমিটাৰ ব্যৱহাৰ কৰি এণ্টেনাটো পুনৰ সক্ৰিয় কৰাৰ আশাত এটা নতুন কমাণ্ড প্ৰেৰণ কৰে । ভয়েজাৰ ২-ৰ এণ্টেনা মাত্ৰ ২ ডিগ্ৰী স্থানান্তৰ কৰাৰ প্ৰয়োজন আছিল । এই কমাণ্ড ১২ বিলিয়ন মাইল (১৯ বিলিয়ন কিলোমিটাৰ)তকৈও অধিক দূৰত্বত থকা ভয়েজাৰ ২-ত উপনীত হ'বলৈ ১৮ ঘণ্টাতকৈও অধিক সময় লাগিছিল । আনহাতে, ইয়াৰ উত্তৰ শুনিবলৈ অন্য ১৮ ঘণ্টা সময় লাগে ।

দীঘলীয়া প্ৰচেষ্টা অৱশেষত ফলপ্ৰসূ হ'ল । শুকুৰবাৰে, মহাকাশযানখনে পুনৰ তথ্য ঘূৰাই দিয়া আৰম্ভ কৰে । কেলিফোৰ্ণিয়াৰ জেট প্ৰপালচন লেবৰেটৰীৰ বিষয়াসকলে এনেদৰে কয় । "মই কেৱল এক স্বস্তিৰ উশাহ লৈছোঁ । মই চকীখনতে হাউলি গৈছিলোঁ ।" প্ৰকল্প মেনেজাৰ চুজান ডডে এছোচিয়েটেড প্ৰেছক কয় । "ভয়েজাৰৰ পৰা সঁহাৰি আহিছে ।" প্ৰকল্প বিজ্ঞানী লিণ্ডা স্পিলকাৰে লগতে কয় ।

উল্লেখ্যে, ভয়েজাৰ ২-য়ে ১৯৭৭ চনত বাহ্যিক সৌৰজগত অন্বেষণ কৰিবলৈ উৎক্ষেপণ কৰাৰ পিছৰে পৰা মহাকাশৰ মাজেৰে পৰিভ্ৰমণ কৰি আহিছে । দুসপ্তাহৰ পিছত উৎক্ষেপণ কৰা ইয়াৰ যমজ ভয়েজাৰ ১ বৰ্তমান আটাইতকৈ দূৰৱৰ্তী মহাকাশযান । ই ১৫ বিলিয়ন মাইল (২৪ বিলিয়ন কিলোমিটাৰ) দূৰৈত আছে আৰু এতিয়াও নাছাৰ সংস্পৰ্শত আছে । ডডে কয় যে দুসপ্তাহ ধৰি ভয়েজাৰ ২-ৰ পৰা কোনো সঁহাৰি অবিহনে থকাটো নাছাৰ আটাইতকৈ দীঘলীয়া বিভ্ৰান্তি হিচাপে পৰিগণিত হৈছে ।

ডডৰ মতে, যেতিয়ালৈকে তাৰ প্লুটোনিয়াম শক্তি আছে, ভয়েজাৰ দুখন ২০২৭ চনত উৎক্ষেপণৰ ৫০ সংখ্যক বাৰ্ষিকীৰ বাবে সক্ৰিয় থাকিব আৰু ভালদৰে থাকিব পাৰে । শেহতীয়া বছৰবোৰত ভয়েজাৰে প্ৰদান কৰা বৈজ্ঞানিক তথ্যবোৰৰ ভিতৰত আন্তঃনক্ষত্ৰীয় চুম্বকীয় ক্ষেত্ৰ আৰু মহাজাগতিক ৰশ্মিৰ প্ৰাচুৰ্যৰ বিৱৰণ আছে ।

লগতে পঢ়ক :Chandrayaan3 Mission : চন্দ্ৰলৈ দুই তৃতীয়াংশ দূৰত্ব অতিক্ৰম চন্দ্ৰযানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.