ETV Bharat / international

Israel Hamas War : যুদ্ধংদেহি ইজৰাইল, পেলেস্তাইনীৰ ওপৰত আটাইতকৈ ভয়ংকৰ আক্ৰমণ

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 10:27 AM IST

ইজৰাইলে গাজা ষ্ট্ৰিপৰ লগতে ছিৰিয়াৰো বিভিন্ন স্থানত আক্ৰমণ অব্যাহত ৰাখিছে । গাজাত মৃত্যুৰ সংখ্যা ৪,৬৫১ লৈ বৃদ্ধি । আহত প্ৰায় ১৪,২৫৪ গৰাকী । ইজৰাইলত ১,৪০০ৰো অধিক লোক নিহত ।

Israel Hamas War
পেলেস্তাইনীৰ ওপৰত আটাইতকৈ ভয়ংকৰ আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক,২৩ অক্টোবৰ : স্থল আক্ৰমণৰ বাবে সাজু ইজৰাইল । ৭ অক্টোবৰৰ হামাছৰ ভয়ংকৰ আক্ৰমণৰ পাছতে কেইবাটাও সকীয়নি প্ৰদান কৰিছে ইজৰাইলে । কেৱল সকীয়নিয়ে নহয় ইতিমধ্যে হামাছৰ বিৰুদ্ধে গাজা ষ্ট্ৰিপত বিমান আক্ৰমণো অব্যাহত ৰাখিছে ইজৰাইলে । ইজৰাইলী যুদ্ধ বিমানে গাজা ষ্ট্ৰিপৰ লগতে ছিৰিয়াৰ দুটাকৈ বিমানবন্দৰ আৰু অধিকৃত পশ্চিম তীৰৰ এটা মছজিদত আক্ৰমণ কৰিছে । ইজৰাইলৰ সামৰিক মুখপাত্ৰই কোৱা মতে দেশখনে আক্ৰমণ বৃদ্ধি কৰিছে । লগে লগে স্থল আক্ৰমণৰ আশংকাও বৃদ্ধি পাইছে ।

ইফালে ইজৰাইলৰ আসন্ন স্থল আক্ৰমণৰ ভাবুকি দিয়াৰ লগে লগে দুয়োপক্ষৰ বাবে যোৱা ৫ টা গাজা যুদ্ধৰ ভিতৰত ই আটাইতকৈ ভয়ংকৰ হিচাপে পৰিগণিত হৈছে । পেলেস্তাইনী স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে কোৱা মতে গাজাত মৃত্যুৰ সংখ্যা ৪,৬৫১ লৈ বৃদ্ধি পাইছে । ইফালে আন আন আৱদ্ধ অঞ্চলত ১৪,২৫৪ৰো অধিক লোক আহত হৈছে ।

মন্ত্ৰালয়ে লগতে কয় যে ৭ অক্টোবৰত হামাছ সন্ত্ৰাসবাদীয়ে ইজৰাইলত প্ৰৱেশ কৰাৰ পাছত অধিকৃত পশ্চিম তীৰত হিংসা আৰু ইজৰাইলৰ অভিযানত ৯৩ গৰাকী পেলেস্তাইনীও নিহত হৈছে । য'ত ১,৬৫০ ৰো অধিক লোক আহত হৈছে । ইফালে ইজৰাইলত ১,৪০০ৰো অধিক লোক নিহত হৈছে । তাৰ বেছিভাগ হামাছৰ প্ৰাৰম্ভিক আক্ৰমণত নিহত হৈছে । ইয়াৰ উপৰিও, আক্ৰমণৰ সময়ত হামাছে ২০৩ গৰাকী লোকক বন্দী কৰিছিল আৰু গাজালৈ লৈ যোৱা হৈছিল বুলি ইজৰাইলী সামৰিক বাহিনীয়ে দাবী কৰিছিল ।

অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধত আৰু আন ৰাজনৈতিক বিষয়াসকলৰ নিৰ্দেশনা অনুসৰি গাজাত দ্বিতীয়টো মানৱীয় সাহায্যৰ পেকেজৰ অনুমতি দিয়া হৈছে । দেওবাৰে আবেলি মানৱীয় সাহায্যৰ দ্বিতীয় কনভয় ইজিপ্তৰ পৰা গাজালৈ পাৰ হ'বলৈ আৰম্ভ কৰিছে বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক :Israel Hamas war : স্থল আক্ৰমণৰ আশংকা বৃদ্ধি পোৱাৰ সময়তে ইজৰাইলৰ বিমান আক্ৰমণত 50 জনতকৈ অধিক পেলেষ্টাইনী লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.