ETV Bharat / international

মেক্সিকোত দুৰ্বৃত্তৰ গুলীচালনাত মেয়ৰসহ নিহত ১৮

author img

By

Published : Oct 6, 2022, 10:05 AM IST

Mexico
Mexico

গুৱেৰেৰো ৰাজ্যৰ গৱৰ্ণৰ এভলিন চালগাডো পিনেদাই ছান মিগুৱেল টোটোলাপানৰ মেয়ৰ কনৰাডো মেণ্ডোজা আলমেদাৰ মৃত্যুত (Mexico City mayor dead in deadly shooting) গভীৰ শোক প্ৰকাশ কৰিছে । গুলীচালনাৰ ঘটনাটো শেহতীয়াভাৱে ধাৰবাহিকভাৱে ঘটি অহা আক্ৰমণৰ শেহতীয়া । এই ঘটনাবোৰে বিগত সপ্তাহবোৰত মেক্সিকোত পৰিস্থিতি ভয়াৱহ কৰি তুলিছে ।

ইণ্টাৰনেচনেল ডেস্ক, ৬ অক্টোবৰ : দক্ষিণ-পশ্চিম মেক্সিকোত সংঘটিত এক ভয়ংকৰ গুলীচালনাৰ ঘটনাত কমেও ১৮ জন লোক নিহত আৰু আন তিনিজন আহত হৈছে (18 dead in deadly shooting in Mexico) । সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ কৰা মতে, এইটো একপ্ৰকাৰৰ সংগঠিত অপৰাধৰ সৈতে সম্পৰ্কিত এক উদাহৰণ যেন অনুমান হৈছে । বিএনঅ' নিউজে স্থানীয় বিষয়াসকলৰ উদ্ধৃতি দি কয় যে বুধবাৰে আবেলি গুৱেৰেৰো ৰাজ্যৰ চিটি হলত বন্দুকধাৰীয়ে অতৰ্কিতে গুলীচালনা কৰে (gunmen opened fire at city hall Mexico) ।

উক্ত ঘটনাত মহানগৰৰ মেয়ৰকে ধৰি এক ডজনৰো অধিক লোক নিহত হয় । এই গুলীচালনা ছান মিগুৱেল টোটোলাপান চহৰত সংঘটিত হয় । গুলীচালনাৰ ঘটনাৰ ফটো ইতিমধ্যে টুইটাৰত ভাইৰেল হৈছে (Mexico City mayor dead in deadly shooting) ।

আনহাতে, চান মিগুৱেল টোটোলাপানত গুলীচালনাত নিহত ২০ জনতকৈও অধিক লোকৰ ভিতৰত এগৰাকী ১২ বছৰৰ তলৰ বুলি নিশ্চিত কৰিছে । মেক্সিকান সাংবাদিক জেকব মোৰালেছ এ-য়ে এক টুইটযোগে কয়, "মেক্সিকোৰ গুৱেৰেৰোৰ ভায়লেনচিয়া চহৰখনৰ কেন্দ্ৰস্থলত, টাউন হলৰ সন্মুখত মেলাৰ বাবে বিভিন্ন ষ্টল স্থাপন কৰা হৈছিল (Mexico City mayor among 18 dead in deadly shooting) ।"

গুৱেৰেৰো ৰাজ্যৰ গৱৰ্ণৰ এভলিন চালগাডো পিনেদাই ছান মিগুৱেল টোটোলাপানৰ মেয়ৰ কনৰাডো মেণ্ডোজা আলমেদাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে (Guerrero State Governor of Mexico) ।

পিনেদাই স্পেনিছ ভাষাত টুইট কৰি কয়, "মই ঘটনাটোক গৰিহণা দিছোঁ আৰু পুনৰবাৰ কৈছোঁ যে গুৱেৰেৰো চৰকাৰ পৌৰ পৰিষদৰ সভাপতি আৰু নগৰ পৰিষদৰ বিষয়াসকলৰ বিৰুদ্ধে হোৱা বৰ্বৰ আক্ৰমণৰ কঠোৰ প্ৰত্যুত্তৰ দিয়া হ'ব ।" তেওঁ লগতে কয়, "আমাৰ প্ৰতিশ্ৰুতি দৃঢ়, আমি চান মিগুৱেল টোটোলাপানৰ জনসাধাৰণ আৰু আমাৰ সমগ্ৰ অঞ্চল টিয়েৰা কেলিয়েণ্টেক নিৰাপত্তা প্ৰদান কৰিবলৈ এখোজো পিছুৱাই নাযাম (Mexico Government condemn deadly shooting)।"

আনহাতে, মহানগৰৰ মেয়ৰৰ মৃত্যু নিশ্চিত কৰি মেণ্ডোজাৰ সৈতে জড়িত পিআৰডি ৰাজনৈতিক দলে কয় যে দলটোৱে এই আক্ৰমণক গৰিহণা দিছে আৰু ইয়াৰ ন্যায় বিচাৰিছে ।

"পিআৰডিৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সঞ্চালকালয়ে আমাৰ সহকৰ্মী গুৱেৰেৰোৰ চান মিগুৱেল টোটোলাপানৰ মেয়ৰ কনৰাডো মেণ্ডোজা আলমেদাৰ কাপুৰুষোচিত হত্যাকাণ্ডক গৰিহণা দিয়ে । আমি গুৱেৰেৰো চৰকাৰৰ পৰা ন্যায় দাবী কৰিছোঁ । হিংসা আৰু বিদ্বেষ যথেষ্ট হ'ল ।" দলটোৱে লগতে এইবুলি টুইট কৰে । উল্লেখ্য, উক্ত গুলীচালনাৰ ঘটনাটো শেহতীয়াভাৱে মেক্সিকোত চলি অহা ধাৰাবাহিক আক্ৰমণৰ শেহতীয়া ঘটনা । বিগত সপ্তাহবোৰত এনেবোৰ ঘটনাই মেক্সিকোক বিচলিত কৰিছে ।

লগতে পঢ়ক :ছিংগাপুৰে নিয়োগ কৰিব ১৮০ গৰাকী ভাৰতীয় চিকিৎসকক

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.