ETV Bharat / international

Congo clashes : সেনা আৰু প্ৰতিবাদকাৰীৰ সংঘৰ্ষত ২৬ জনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 10:29 AM IST

কংগোৰ গোমা চহৰত সশস্ত্ৰ বাহিনী আৰু এটা ধৰ্মীয় সম্প্ৰদায়ৰ মাজত সংঘৰ্ষত প্ৰায় ২৬ গৰাকী লোকৰ মৃত্যু হয় । সেনাই প্ৰায় ১৬০ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে ।

Congo clashes
সেনা আৰু প্ৰতিবাদকাৰীৰ সংঘৰ্ষত ২৬ জনৰ মৃত্যু

নেশ্যনেল ডেস্ক,১ ছেপ্টেম্বৰ : কংগোত ভয়ংকৰ ঘটনা । পশ্চিমীয়া সংগঠনসমূহৰ প্ৰতিবাদৰ মাজতে কংগোৰ সশস্ত্ৰ বাহিনী আৰু এটা ধৰ্মীয় সম্প্ৰদায়ৰ সদস্যৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় । এই ভয়ংকৰ সংঘৰ্ষত প্ৰায় ২৬ গৰাকী লোক নিহত হয় । এগৰাকী স্থানীয় বিষয়াই জনোৱা মতে বুধবাৰে পুৱতি নিশা পূব চহৰ গোমাত এই হিংসাত্মক ঘটনা সংঘটিত হয় য'ত ৱাজালেন্দোৰ সমৰ্থকসকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল । সেই প্ৰতিবাদক মহানগৰৰ মেয়ৰে নিষিদ্ধ ঘোষণা কৰিছিল । ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযান আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ বিৰুদ্ধে তেওঁলোকে ঔপনিৱেশিক সদৃশ ক্ষমতা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপনো কৰিছিল প্ৰশাসনে ।

প্ৰশাসন তথা নিৰাপত্তা বাহিনীয়ে এই প্ৰতিবাদক বাধা দিয়াৰ চেষ্টা কৰে । সেই সময়তে সশস্ত্ৰ বাহিনী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত সংঘৰ্ষ হয় । ইফালে সেনাই প্ৰতিবাদকাৰীসকলৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে । আনহাতে কংগোলীয় সেনাই এক বিবৃতিত কয় যে, প্ৰতিবাদকাৰীসকলে শিলগুটি নিক্ষেপ কৰাৰ ফলত এগৰাকী আৰক্ষী জোৱানৰ মৃত্যু হয় । যাৰ বাবে তেওঁলোকে প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হয় । বিবৃতিত উল্লেখ কৰা মতে ঘটনাটো সন্দৰ্ভত সেনাই প্ৰায় ১৬০ গৰাকী লোকক গ্ৰেপ্তাৰো কৰিছে ।

উত্তৰ কিভু অঞ্চলৰ নাগৰিক সমাজৰ এগৰাকী প্ৰতিনিধিয়ে কোৱা মতে প্ৰাথমিক অনুসন্ধানে ইংগিত দিছে যে সংঘৰ্ষত ২৬ গৰাকী সাধাৰণ লোক নিহত আৰু কমেও ৫০ জন লোক আহত হৈছে । আনহাতে আঘাতপ্ৰাপ্ত লোকসকলক গোমাৰ সমীপৰ নডোশো চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

গোমাৰ মেয়ৰ ফাউষ্টিন নেপেণ্ডা কাপেণ্ডাই ঘোষণা কৰাৰ পাছতে ২৩ আগষ্টত এই প্ৰতিবাদ নিষিদ্ধ কৰা হয় । বুধবাৰে পুৱা প্ৰায় ৪ বজাত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ প্ৰত্যাশাত কংগোলীয় নিৰাপত্তা আৰু প্ৰতিৰক্ষা বাহিনীয়ে মুখ্য চাৰিআলিবোৰত একত্ৰিত হয় । ইফালে প্ৰতিবাদ কৰা সম্প্ৰদায়টোৰ নেতৃত্ব দিছে ধৰ্মীয় নেতা ইফ্ৰাইম বিচিমৱাই, যি কংগোত ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানকে ধৰি অঞ্চলটোত কাম কৰি থকা পশ্চিমীয়া সংগঠনবোৰৰ বিৰোধিতা কৰে যাক মনুস্কো বুলিও কোৱা হয় ।

লগতে পঢ়ক :Manipur violence: সেনাৰ তৎপৰতাত কাংপকপিত বিফল হ’ল দুৰ্বৃত্তৰ অগ্নিসংযোগৰ চেষ্টা; ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.