ETV Bharat / international

Makki Declared Global Terrorist: লস্কৰ সন্ত্ৰাসবাদী মাক্কিক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা ৰাষ্ট্ৰসংঘৰ

author img

By

Published : Jan 17, 2023, 2:16 PM IST

Makki
Makki

আব্দুল ৰহমান মাক্কি হৈছে লস্কৰ-ই-তৈবাৰ উপ-প্ৰধান । তেওঁ লস্কৰৰ ৰাজনৈতিক শাখা জামাত-উড-দাৱাৰ মুৰব্বীও । তেওঁ লস্কৰৰ বৈদেশিক সম্পৰ্ক বিভাগৰ মুৰব্বীও আছিল । তেওঁ হাফিজ চৈয়দৰ খুলশালিয়েক । ভাৰত চৰকাৰেও আব্দুল ৰহমান মাক্কিক ৱাণ্টেড হিচাপে ঘোষণা কৰিছে । মাক্কিক লস্কৰৰ বাবে পুঁজি সংগ্ৰহ কৰা, সন্ত্ৰাসবাদী নিয়োগ কৰা আৰু হিংসাত্মক ঘটনাৰ বাবে যুৱক-যুৱতীসকলক মৌলবাদী সজোৱাৰ বাবে জনাজাত (UNSC declared Makki as global terrorist) ।

নিউজ ডেস্ক, ১৭ জানুৱাৰী : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে (United Nation Security Council) মঙলবাৰে পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী আব্দুল ৰহমান মাক্কিক বিশ্ব সন্ত্ৰাসবাদী হিচাপে তালিকাভুক্ত কৰে (UNSC declared Makki as global terrorist) । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১২৬৭ আইএছআইএল (ডায়েছ) আৰু আল কায়েদা নিষেধাজ্ঞা সমিতিৰ অধীনত মাক্কিক বিশ্বজনীন সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা হৈছে । কিন্তু কোন এই আব্দুল ৰহমান মাক্কি ?

আব্দুল ৰহমান মাক্কিক ২০২০ চনৰ ২৭ অক্টোবৰত বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (Unlawful Activities Prevention Act), ১৯৬৭-ৰ অধীনত ভাৰত চৰকাৰে সন্ত্ৰাসবাদী ঘোষণা কৰিছিল । তেতিয়াৰে পৰা চীনে মাক্কিক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত বিশ্ব সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱত বাধা দি আহিছে । ভাৰতে যোৱা বছৰ লস্কৰ-ই-তৈবাৰ (Laskar E Taiba) নেতাজনক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিবলৈও দাবী জনাইছিল । কিন্তু চীনে এই পথত হেঙাৰ হিচাপে থিয় দিছিল । জুন মাহত ভাৰতেও ইয়াৰ বাবে চীনক সমালোচনা কৰিছিল ।

আব্দুল ৰহমান মাক্কিৰ জন্ম ১৯৫৪ চনৰ ১০ ডিচেম্বৰত পাকিস্তানত । মাক্কি হৈছে লস্কৰ-ই-তৈবাৰ ৰাজনৈতিক কাৰ্যকৰী শাখাটোৰ মুৰব্বী আৰু লস্কৰ-ই-তৈবাৰ বৈদেশিক সম্পৰ্ক বিভাগৰ মুৰব্বী হিচাপেও কাম কৰে । আব্দুল ৰহমান মাক্কি লস্কৰ-ই-তৈবাৰ বাবে পুঁজি সংগ্ৰহৰ সৈতেও জড়িত ।

লালকিল্লাৰ ওপৰত আক্ৰমণকে ধৰি আব্দুল ৰহমান মাক্কি হৈছে ভাৰতত সংঘটিত সাতটা আক্ৰমণৰ মূল সূত্ৰধাৰ (Red fort attacked by Abdul Rahman Makki)। লগতে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ উপ-প্ৰধানো । তেওঁ লস্কৰৰ মুৰব্বী হাফিজ মহম্মদ চৈয়দৰ এজন নিকট আত্মীয় । মাক্কিয়ে এতিয়ালৈকে ভাৰতত কেইবাটাও গুৰুত্বপূৰ্ণ সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰিছে (Abdul Rahman Makki declared global terrorist) । যাৰ ভিতৰত আছে ২০০০ চনৰ লালকিল্লা আক্ৰমণ, ২০০৮ চনৰ ৰামপুৰ শিবিৰ আক্ৰমণ, ২০১৮ চনত বাৰামুলা, শ্ৰীনগৰ আক্ৰমণ আৰু বান্দিপোৰা আক্ৰমণ । সন্ত্ৰাসবাদী সংগঠন লস্কৰে ২৬/১১-ৰ মুম্বাই আক্ৰমণো সংঘটিত কৰিছিল ।

গৃহ মন্ত্ৰালয়ৰ মতে, মাক্কিয়ে ২০০৬ চনৰ ৭ মে'ত হায়দৰাবাদৰ ওডিয়ান চিনেমাৰ ভিতৰত এটা ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আইইডি) বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল, য'ত চাৰিজন লোক আহত হৈছিল । গোচৰটো NIA-ৰ দ্বাৰা তদন্ত কৰা হৈছে । একে সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰেও মাক্কিৰ ওপৰত 2 নিযুত ডলাৰ পুৰস্কাৰ ঘোষণা কৰিছে । আনকি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সিদ্ধান্তৰ আগতেই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতে মাক্কিক ঘৰুৱা আইনৰ অধীনত সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে ।

মাক্কিক ২০১৯ চনত পাকিস্তান চৰকাৰে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল । তেতিয়া পাকিস্তানৰ ওপৰত ফাইনেন্সিয়েল একচন টাস্ক ফ'ৰ্চৰ (এফ.এ.টি.এফ.) হেঁচা আছিল । পিছত ২০২০ চনত পাকিস্তানৰ এখন আদালতে মাক্কিক সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন যোগান ধৰাৰ বাবে দোষী সাব্যস্ত কৰে আৰু তেওঁক শাস্তি প্ৰদান কৰে ।

লগতে পঢ়ক :California shooting: কেলিফৰ্ণিয়াত ধাৰাষাৰ গুলীবৰ্ষণত, কেঁচুৱা-মাতৃসহ নিহত ৬ গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.