ETV Bharat / international

Imran Khans arrest operation Halt : ইমৰাণ খানলৈ সাময়িক সকাহ লাহোৰ উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Mar 15, 2023, 7:26 PM IST

লাহোৰ হাইকোৰ্টৰ ন্যায়াধীশ তাৰিক ছালিম শ্বেইখে জামান পাৰ্কৰ বাহিৰত হোৱা 'অত্যাচাৰ' বন্ধ কৰিবলৈ বিচৰা পিটিআই নেতা ফাৱাদ চৌধুৰীৰ দ্বাৰা দাখিল কৰা এখন আবেদনৰ শুনানিৰ সময়ত এই নিৰ্দেশসমূহ প্ৰদান কৰে । দিনটোৰ আৰম্ভণিতে ইমৰাণ খানে বিবৃতি দিয়ে যে তেওঁ ন্যায়াধীশসকলৰ ওপৰত দুটা আক্ৰমণৰ কথা উল্লেখ কৰি নিৰাপত্তাজনিত কাৰণত পূৰ্বৰ শুনানিবোৰৰ পৰা বিৰত আছিল (Imran Khans arrest operation Halt) ।

Imran Khan
Imran Khan

ইণ্টাৰনেচনেল ডেস্ক, ১৫ মাৰ্চ : বুধবাৰে লাহোৰ উচ্চ ন্যায়ালয়ে জামান পাৰ্কত আৰক্ষীৰ অভিযান বৃহস্পতিবাৰে পুৱা ১০ বজালৈকে বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰে । যাৰ ফলত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তান তেহৰিক ইনচাফৰ (Pakistan Tahreek Insaaf, PTI) মুৰব্বী ইমৰাণ খানে সাময়িক সকাহ লাভ কৰে । আদালতৰ পৰা এই নিৰ্দেশ আৰক্ষী আৰু পিটিআই কৰ্মীসকলৰ মাজত কেইবা ঘণ্টা ধৰি হোৱা কাজিয়াৰ কেইঘণ্টামান পিচত আহে (Lahore HC orders halt on Imran Khans arrest) ।

আদালতৰ নিৰ্দেশৰ পূৰ্বে, আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহে বুধবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সমৰ্থকৰ বিৰুদ্ধে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোকৰ অভিযান অব্যাহত ৰাখিছিল (PTI Chief Imran Khan) । লাহোৰ হাইকোৰ্টৰ ন্যায়াধীশ তাৰিক ছালিম শ্বেইখে জামান পাৰ্কৰ বাহিৰত হোৱা 'অত্যাচাৰ' বন্ধ কৰিবলৈ বিচৰা পিটিআই নেতা ফাৱাদ চৌধুৰীৰ দ্বাৰা দাখিল কৰা এখন আবেদনৰ শুনানিৰ সময়ত এই নিৰ্দেশ প্ৰদান কৰে । আনহাতে, দিনটোৰ আৰম্ভণিতে ইমৰাণ খানে বিবৃতি দিয়ে যে তেওঁ ন্যায়াধীশসকলৰ ওপৰত দুটা আক্ৰমণৰ কথা উল্লেখ কৰি নিৰাপত্তাজনিত কাৰণত পূৰ্বৰ শুনানিবোৰত উপস্থিত থকাৰ পৰা বিৰত আছিল (Imran Khans arrest operation Halt) ।

উল্লেখ্য, পিটিআই কৰ্মীসকলে জামান পাৰ্কৰ বাহিৰত প্ৰতিবাদ কৰি থকাৰ সময়তে আইন প্ৰৱৰ্তনকাৰী সংস্থাবোৰে (law enforcement agencies of Pakistan) তেওঁলোকক পিচলৈ খেদি পঠায় । সংবাদ মাধ্যম ডনৰ বাতৰি অনুসৰি, আৰক্ষীৰ মতে, পাকিস্তান ছুপাৰ লীগৰ খেলসমূহ চলি থকাৰ বাবে আদালতৰ নিৰ্দেশিত অভিযান বন্ধ ৰখা হৈছে । "চলিত পাকিস্তান ছুপাৰ লীগ (Pakistan Super League, PSL) ৮ ক্ৰিকেট মেচ শেষ নোহোৱালৈকে আৰক্ষীয়ে ইমৰাণ খানৰ বাসগৃহলৈ আগবাঢ়িব নোৱাৰে ।" আৰক্ষী বিষয়াসকলৰ উদ্ধৃতিৰে সূত্ৰই কয় ।

আনহাতে, আৰক্ষী প্ৰত্যাহাৰৰ পিছত পিটিআইৰ মুৰব্বী ইমৰাণ খান তেওঁৰ বাসগৃহৰ পৰা মাস্ক পিন্ধি ওলাই আহে আৰু কৰ্মীসকলক সাক্ষাৎ কৰে । ইয়াৰে এটা ভিডিঅ' পিটিআইৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰা হৈছে ।

উল্লেখ্য যে লাহোৰৰ জামান পাৰ্ক অঞ্চলটো ১১ ঘণ্টাতকৈও অধিক সময়ৰ বাবে যুদ্ধক্ষেত্ৰলৈ পৰিণত হৈছিল । ইমৰাণ খানৰ সমৰ্থকসকলে তাত সমবেত হৈ আৰক্ষী কৰ্মীসকলক পাকিস্তানৰ বহিষ্কৃত প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাত বাধা দিয়াৰ ফলত কেইবাজনো আৰক্ষী আঘাতপ্ৰাপ্ত হয় । কৰ্মীসকলে বিষয়াসকলৰ ওপৰত শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে । আনহাতে, আৰক্ষীয়ে পানীহিলৈ আৰু কন্দুৱা গেছ নিক্ষেপ কৰি প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰে । ইফালে আইন প্ৰণয়নকাৰীসকলে পিটিআই কৰ্মীসকলকো গ্ৰেপ্তাৰ কৰে ।

ইমৰাণ খানক কেইবাবাৰো আদালতত হাজিৰ নোহোৱাৰ বাবে তোশখানা গোচৰত জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল আৰু বুধবাৰে গোচৰটোত গ্ৰেপ্তাৰ কৰা হ'ব বুলি আশা কৰা হৈছিল । ইয়াৰ পূৰ্বে আদালতে পঞ্জাবৰ মহাপৰিদৰ্শক, মুখ্য সচিব আৰু ইছলামাবাদ আৰক্ষীৰ (অভিযান) মুৰব্বীক আবেলি ৩ বজাৰ ভিতৰত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল বুলি ডনৰ বাতৰিত প্ৰকাশ । বুধবাৰে পুৱা পঞ্জাব আৰক্ষী আৰু ৰেঞ্জাৰৰ সমৰ্থনত ইছলামাবাদ আৰক্ষীয়ে তোশখানা গোচৰৰ সন্দৰ্ভত প্ৰাক্তন প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ বাবে মঙলবাৰে আৰম্ভ হোৱা প্ৰচেষ্টা পুনৰ আৰম্ভ কৰে । ইমৰাণ খানে কেইবাবাৰো আদালতত হাজিৰ হোৱাৰ পৰা এৰাই যোৱাৰ ফলত ন্যায়াধীশে তেওঁৰ বাবে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে ।

লগতে পঢ়ক :K Kavitha ED Summon : ২৪ মাৰ্চত ছুপ্ৰিম কোৰ্টত কবিতাৰ আবেদনৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.