K Kavitha ED Summon : ২৪ মাৰ্চত ছুপ্ৰিম কোৰ্টত কবিতাৰ আবেদনৰ শুনানি

author img

By

Published : Mar 15, 2023, 4:05 PM IST

ED summon to Kavitha

বিআৰএছ এমএলচি কবিতাৰ (BRS MLC K Kavitha) অধিবক্তাসকলে উচ্চতম ন্যায়ালয়ক কয় যে ইডিয়ে ইতিমধ্যে তেওঁক এবাৰ জেৰা কৰিছে আৰু এগৰাকী মহিলাক সোধা-পোছাৰ নামত ইডিৰ মুখ্য কাৰ্যালয়লৈ মাতি অনাটো দেশৰ আইনবিৰোধী । অৱশ্যে আদালতে অন্তৱৰ্তীকালীন সকাহ অস্বীকাৰ কৰাৰ ফলস্বৰূপে কেচিআৰৰ জীয়াৰী কবিতাই বৃহস্পতিবাৰে ইডিৰ জেৰাৰ বাবে দিল্লীত উপস্থিত হ'ব লাগিব (ED to quiz K Kavitha in Delhi) ।

নিউজ ডেস্ক, ১৫ মাৰ্চ : উচ্চতম ন্যায়ালয়ে বুধবাৰে দিল্লী আবকাৰী নীতিৰ গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ে (Enforcement Directorate, ED) জাৰি কৰা চমনৰ বিৰুদ্ধে বিআৰএছ এমএলচি কে কবিতাৰ আবেদনক অন্তৱৰ্তীকালীন সকাহ দিবলৈ অস্বীকাৰ কৰে (Supreme Court refused K Kavithas interim relief) । অৱশ্যে শীৰ্ষ ন্যায়ালয়ে ২৪ মাৰ্চত কবিতাৰ আবেদনৰ শুনানি তালিকাভুক্ত কৰিবলৈ সন্মত হৈছে (SC to hear Kavitha plea on March 24) । ফলস্বৰূপে কবিতাই এতিয়া বৃহস্পতিবাৰে দিল্লীৰ মুখ্য কাৰ্যালয়ত ইডিৰ জেৰাৰ বাবে উপস্থিত হ'ব লাগিব (ED to quiz K Kavitha in Delhi) ।

উল্লেখ্য, এসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ (Telangana Chief Minister K Chandrasekhara Rao) কন্যাক দিল্লীত ইডিৰ বিষয়াসকলে সোধা-পোছা কৰিবলৈ গৈ আছে । আনহাতে, কেচিআৰৰ সমগ্ৰ পৰিয়ালটোৱে এই সংকটৰ সময়ত কবিতাৰ কাষত থিয় দিবলৈ একেলগে সমবেত হৈছে । কেচিআৰৰ জীয়াৰীয়ে পূৰ্বৰ ইডিৰ প্ৰশ্নৰ এদিন আগতে, ১০ মাৰ্চত দিল্লীৰ যন্তৰ-মন্তৰত দিনজোৰা অনশনত বহিছিল ।

আনহাতে, বুধবাৰে কবিতাৰ অধিবক্তাসকলে উচ্চতম ন্যায়ালয়ক ইডিৰ চমনৰ পৰা সকাহ দিয়াৰ বাবে তেওঁৰ আবেদনৰ শুনানিৰ বাবে ৰখাটো বিচাৰিছিল । এগৰাকী মহিলাক প্ৰৱৰ্তন সঞ্চালকালয়ৰ কাৰ্যালয়লৈ মাতিব পাৰিনে বুলিও তেওঁলোকে আদালতৰ ওচৰত প্ৰশ্ন উত্থাপন কৰে (K Kavitha summoned by ED) । এগৰাকী মহিলাক এতিয়া ইডিয়ে সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে বুলি উল্লেখ কৰি তেওঁলোকে কয় যে ই সম্পূৰ্ণৰূপে দেশৰ আইনবিৰোধী । তেওঁৰ অধিবক্তাসকলে আঙুলিয়াই দিয়ে যে কবিতাই ইতিমধ্যে ইডিৰ সন্মুখত উপস্থিত হৈছে আৰু এতিয়া পুনৰ তেওঁক চমন জাৰি কৰা হৈছে ।

অধিবক্তাৰ আবেদন শুনাৰ পিছত দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে (Chief Justice of India D Y Chandrachud) বিষয়টো সন্দৰ্ভত 24 মাৰ্চত শুনানিৰ বাবে তালিকাভুক্ত কৰে । ইডিয়ে ইতিমধ্যে হায়দৰাবাদস্থিত ব্যৱসায়ী অৰুণ ৰামচন্দ্ৰন পিল্লাইক গ্ৰেপ্তাৰ কৰিছে । অৰুণ আৰু কবিতাৰ মাজত এই গোচৰত সম্পৰ্ক থকা বুলি সংস্থাটোৱে অভিযোগ কৰিছে । উল্লেখ্য, ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত কেন্দ্ৰৰ পৰা বিজেপি চৰকাৰক ওফৰাবলৈ দেশৰ বিৰোধীক একত্ৰিত কৰিবলৈ বিআৰএছ ছুপ্ৰিমো তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰে (Telangana CM KCR) লোৱা প্ৰতিজ্ঞাৰ মাজতে কবিতাৰ বিৰুদ্ধে ইডিৰ অভিযানে ৰাজনৈতিক উত্তেজনা বৃদ্ধি কৰিছে ।

উল্লেখ্য যে ১১ মাৰ্চত কবিতাক ইডিয়ে ৯ ঘণ্টাতকৈও অধিক সময় ধৰি সোধা-পোছা কৰিছিল । সেই সময়ত বিআৰএছ নেত্ৰীগৰাকীক আবকাৰী গোচৰৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু দিল্লী সুৰা কেলেংকাৰী সম্পৰ্কীয় লেনদেনৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল । ইডিৰ বিষয়াসকলে এইটোও দাবী কৰিছিল যে অভিযুক্ত নেত্ৰীগৰাকীয়ে প্ৰৱঞ্চনাৰ সময়ত কেইবাটাও মোবাইল ফোন সলনি কৰিছিল বুলি সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক :Sameer Khakhar passes away : বলীউডৰ প্ৰবীণ অভিনেতা সমীৰ খাখৰৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.