ETV Bharat / international

যুদ্ধবিৰতি সমাপ্ত; গাজাত ইজৰাইলৰ আক্ৰমণত নিহত ১৭৮

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 10:11 AM IST

Israeli strikes on Gaza
যুদ্ধবিৰতি সমাপ্ত; গাজাত ইজৰাইলৰ আক্ৰমণত নিহত ১৭৮

হামাছৰ দুই শতাধিক ঠিকনাত ইজৰাইলে চলোৱা আক্ৰমণত গাজা ষ্ট্ৰিপত কমেও ১৭৮ জন লোক নিহত হৈছে । যুদ্ধবিৰতি সমাপ্ত হোৱাৰ পিছতে হামাছেও ইজৰাইললৈ পুনৰ ৰকেট নিক্ষেপ আৰম্ভ কৰে । আনহাতে, আমেৰিকাই পেলেষ্টাইনী নাগৰিকসকলৰ সুৰক্ষাৰ বাবে আৰু অধিক কাম কৰিবলৈ ইজৰাইলক আহ্বান জনাইছে । ইফালে মধ্যস্থতাকাৰী কাটাৰে ইজৰাইল-হামাছৰ মাজত যুদ্ধবিৰতি চুক্তি নৱীকৰণৰ প্ৰচেষ্টা পুনৰ আৰম্ভ কৰিছে ।

ইণ্টাৰনেশ্যনেল ডেস্ক, 2 ডিচেম্বৰ : হামাছ-ইজৰাইলৰ প্ৰথম পৰ্যায়ৰ অস্থায়ী যুদ্ধবিৰতিৰ চুক্তি সমাপ্ত হৈছে । শুকুৰবাৰে সপ্তাহজোৰা যুদ্ধবিৰতিৰ সময় উকলি যোৱাৰ পিছতে আৰম্ভ হয় পুনৰ যুদ্ধ । হামাছ নিয়ন্ত্ৰণাধীন স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, প্ৰথম ঘণ্টাৰ যুদ্ধত সমগ্ৰ গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণত কমেও ১৭৮ জন লোক নিহত হৈছে । আনহাতে, ইজৰাইলে দাবী কৰিছে যে দুই শতাধিক হামাছৰ ঠিকনাত আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে ।

ইফালে হামাছেও ইজৰাইলক প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰে । গাজাস্থিত সন্ত্ৰাসবাদীয়ে ইজৰাইললৈ পুনৰ ৰকেট নিক্ষেপ আৰম্ভ কৰে । আনহাতে, লেবাননৰ সৈতে ইয়াৰ উত্তৰ সীমান্তত সক্ৰিয় হৈ থকা ইজৰাইল আৰু হিজবুল্লা সন্ত্ৰাসবাদীৰ মাজতো যুদ্ধ আৰম্ভ হয় । ইয়াৰ মাজতে মধ্যস্থতাকাৰী কাটাৰে কৈছে যে যুদ্ধবিৰতি চুক্তি নৱীকৰণৰ প্ৰচেষ্টা চলি আছে ।

উল্লেখ্য যে ইজৰাইলে ইয়াৰ পূৰ্বে গাজাত বেছিভাগ সামৰিক কাৰ্যকলাপ স্থগিত ৰাখিছিল আৰু হামাছৰ হাতত বন্দী হৈ থকা শতাধিক বন্দীক মুক্তি দিয়াৰ বিনিময়ত ৩০০ পেলেষ্টাইনী বন্দীক মুকলি কৰি দিয়ে । ইজৰাইলে লগতে কয় যে ১১৫ গৰাকী পুৰুষ, ২০ গৰাকী মহিলা আৰু দুটা শিশু এতিয়াও বন্দী হৈ আছে ।

উল্লেখ্য যে বিগত কেইবা সপ্তাহ ধৰি চলা ইজৰাইলৰ বোমাবর্ষণ আৰু স্থল অভিযানত গাজাৰ ২.৩ নিযুত বাসিন্দাৰ তিনি-চতুৰ্থাংশতকৈও অধিক লোক গৃহহীন হৈ পৰিছে । ইয়াৰ ফলত চৰম মানৱীয় সংকটৰ সৃষ্টি হৈছে । খাদ্য, পানী আৰু অন্যান্য সামগ্ৰীৰ ব্যাপক অভাৱ হৈছে ।

হামাছশাসিত গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, যুদ্ধবিৰতি আৰম্ভ হোৱালৈকে ১৩,৩০০ তকৈও অধিক পেলেষ্টাইনী নিহত হৈছে । ইয়াৰে ভিতৰত প্ৰায় দুই-তৃতীয়াংশ মহিলা আৰু শিশু । অৱশ্যে এই হতাহতৰ সংখ্যা ইয়াতকৈ বহুত বেছি হোৱাৰ সম্ভাৱনা আছে । আনহাতে, প্ৰায় ১,২০০ গৰাকী ইজৰাইলী নিহত হৈছে । তেওঁলোকৰ বেছিভাগ হামাছে ৭ অক্টোবৰত কৰা ইজৰাইলৰ ওপৰত আক্ৰমণত নিহত হৈছে, যাৰ ফলত এই যুদ্ধৰ সূচনা হয় ।

উল্লেখ্য যে এদিন পূৰ্বে আমেৰিকাৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে ইজৰাইলৰ বিষয়াসকলক পেলেষ্টাইনী নাগৰিকসকলক সুৰক্ষা দিবলৈ আৰু অধিক কাম কৰিবলৈ আহ্বান জনায় । হামাছক ধ্বংস কৰাৰ বাবে ইজৰাইলৰ আগ্ৰাসী মনোভাবৰ পৰিপ্ৰেক্ষিতত আমেৰিকাই এই আহ্বান জনায় । অৱশ্যে ইজৰাইলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সহযোগী আমেৰিকাৰ এই আবেদনত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৱে কিমান গুৰুত্ব দিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :ডুবাইত বিশ্ব জলবায়ু কাৰ্য সন্মিলনত বিশ্বৰ বহু শীৰ্ষ নেতাৰ অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.