ETV Bharat / international

British voters information hacked : লাখ লাখ ব্ৰিটিছ ভোটাৰৰ তথ্য যাব পাৰে হেকাৰৰ হাতলৈ; নিৰ্বাচন আয়োগ

author img

By

Published : Aug 9, 2023, 10:29 AM IST

নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিছে যে বেছিভাগ তথ্য ইতিমধ্যে ৰাজহুৱা ডমেইনত আছিল আৰু ২০১৪-ৰ পৰা ২০২২ চনৰ ভিতৰত ভোট দিবলৈ পঞ্জীয়ন কৰা লোকসকলৰ নাম আৰু ঠিকনা হেকাৰসকলে নিৰ্বাচনী ফলাফল প্ৰভাৱিত কৰিবলৈ ব্যৱহাৰ কৰাৰ সম্ভাৱনা নাই ।

British voters information hacked
British voters information hacked

ইণ্টাৰনেচনেল ডেস্ক, ৯ আগষ্ট : ব্ৰিটেইনৰ নিৰ্বাচনী পঞ্জীত পঞ্জীয়ন হোৱাৰ পিছত লাখ লাখ ব্ৰিটিছ ভোটাৰৰ বিষয়ে হেকাৰসকলৰ ওচৰত তথ্য থাকিব পাৰে । ব্ৰিটেইনৰ নিৰ্বাচন আয়োগে এই উলংঘন আৱিষ্কাৰ হোৱাৰ প্ৰায় এবছৰ পিছত মঙলবাৰে এই কথা প্ৰকাশ কৰিছে ।

আনহাতে, নিৰ্বাচন আয়োগে এই উলংঘনৰ বাবে ব্ৰিটিছ ভোটাৰসকলৰ ওচৰত ক্ষমা বিচাৰিছে । নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিছে যে বেছিভাগ তথ্য ইতিমধ্যে ৰাজহুৱা ডমেইনত আছিল আৰু ২০১৪-ৰ পৰা ২০২২ চনৰ ভিতৰত ভোট দিবলৈ পঞ্জীয়ন কৰা লোকসকলৰ নাম আৰু ঠিকনা হেকাৰসকলে নিৰ্বাচনী ফলাফল প্ৰভাৱিত কৰিবলৈ ব্যৱহাৰ কৰাৰ সম্ভাৱনা নাই ।

  • The electoral registers include the name and address of those registered to vote between 2014 and 2022, the names of overseas voters, but not the details of anonymous voters. While much of this data is already in the public domain, we understand the concern this may cause.

    — Electoral Commission (@ElectoralCommUK) August 8, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

"ব্ৰিটেইনৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া যথেষ্ট পৰিমাণে বিক্ষিপ্ত হৈ আছে আৰু ইয়াৰ মুখ্য দিশবোৰ কাগজৰ নথি-পত্ৰ আৰু গণনাৰ ওপৰত নিৰ্ভৰ হৈ আছে ।" আয়োগৰ মুখ্য কাৰ্যবাহী শ্বন মেকনেলীয়ে কয় । ইয়াৰ অৰ্থ হৈছে প্ৰক্ৰিয়াটো প্ৰভাৱিত কৰিবলৈ চাইবাৰ আক্ৰমণ ব্যৱহাৰ কৰাটো অতি কঠিন হ'ব । আয়োগে বিগত অক্টোবৰত তথ্য আয়ুক্তৰ কাৰ্যালয়ক উলংঘন আৱিষ্কাৰ কৰাৰ তিনি দিনৰ ভিতৰত এই বিষয়ে জনায় ।

দ্য গাৰ্ডিয়ানে আয়োগৰ উদ্ধৃতি দি কয় যে, ই আক্ৰমণটো তৎক্ষণাৎ ৰাইজক জনোৱা হোৱা নাছিল । কিয়নো হেকাৰসকলৰ প্ৰৱেশৰ প্ৰক্ৰিয়া বন্ধ কৰা, উলংঘনৰ পৰিমাণ নিৰ্ধাৰণ কৰা আৰু নিৰাপত্তা উন্নত কৰাৰ বাবে আইচিঅ' আৰু ৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষা কেন্দ্ৰৰ সৈতে নিৰ্বাচন আয়োগৰ কাম কৰাৰ প্ৰয়োজন আছিল ।

হেকাৰে গৱেষণাৰ বাবে আৰু ৰাজনৈতিক অনুদানৰ অনুমতি আছেনে নাই পৰীক্ষা কৰিবলৈ আয়োগে ব্যৱহাৰ কৰা নিৰ্বাচনী পঞ্জীৰ প্ৰসংগ প্ৰতিলিপি ফাদিল কৰিছিল । প্ৰতিখন পঞ্জীত প্ৰায় ৪০ নিযুত লোকৰ তথ্য আছে । হেকাৰসকলে আয়োগৰ ইমেইল ব্যৱস্থাতো প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল ।

যদিও আয়োগে জানে যে হেকাৰসকলে কি পদ্ধতি প্ৰত্যক্ষ কৰিব পাৰে, কিন্তু এইটো নাজানে যে কি ফাইলত হেকাৰ প্ৰৱেশ কৰিছিল । মেকনেলীয়ে কয় । আনহাতে, এই আক্ৰমণৰ পিছৰে পৰা আয়োগৰ তথ্য-প্ৰযুক্তিৰ নিৰাপত্তা উন্নত কৰা হৈছে বুলিও তেওঁ লগতে কয় । ইফালে তথ্য আয়ুক্তৰ কাৰ্যালয়ে জনাইছে যে এতিয়াও এই হেকিঙৰ তদন্ত কৰি আছে ।

লগতে পঢ়ক :Washington news: 15 আগষ্ট দিনটো গণতন্ত্ৰ উদযাপনৰ দিন হিচাপে আমেৰিকাৰ সদনত প্ৰস্তাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.