ETV Bharat / international

Astronauts Return to Earth : ৬ মাহৰ ষ্টেচন মিছনৰ সামৰণি; স্পেচএক্স কেপচুলত পৃথিৱীলৈ উভতিল ৪ মহাকাশচাৰী

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 1:44 PM IST

Astronauts Return to Earth
Astronauts Return to Earth

মহাকাশচাৰীসকল ঘৰলৈ উভতি অহত এদিন পলম হয় । কাৰণ স্প্লেশ্বডাউন স্থানত বতৰ বেয়া আছিল ।

ইণ্টাৰনেচনেল ডেস্ক, ৪ ছেপ্টেম্বৰ : আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত ছয় মাহ কটোৱাৰ পিছত সোমবাৰে পৃথিৱীলৈ ঘূৰি আহিছে চাৰিজন মহাকাশচাৰী । তেওঁলোক উভতি অহা স্পেচএক্স কেপচুলটো ফ্লৰিডা উপকূলৰ আটলাণ্টিকত পেৰাচুটৰ সহায়ত অৱতৰণ কৰোৱা হয় । মহাকাশৰ পৰা সুকলমে উভতি অহা মহাকাশচাৰীকেইগৰাকী হৈছে নাছাৰ ষ্টিফেন বোৱেন আৰু ৱাৰেন উডি হোবাৰ্গ, ৰাছিয়াৰ আন্দ্ৰেই ফেডিয়ায়েভ আৰু সংযুক্ত আৰব আমিৰেটছৰ চুলতান আল-নেয়াদি । চুলতান আল-নেয়াদি হৈছে কক্ষপথত সৰ্বাধিক সময় অতিবাহিত কৰা আৰব বিশ্বৰ প্ৰথমগৰাকী ব্যক্তি ।

মহাকাশ কেন্দ্ৰৰ পৰা ওলাই অহাৰ পূৰ্বে তেওঁলোকে কয় যে, মাৰ্চত গৈ তাত উপস্থিত হোৱাৰ পিছৰে পৰা তেওঁলোকে গৰম পানীৰে স্নান, ধোঁৱা ওলাই থকা কফিৰ কাপ আৰু সামুদ্ৰিক বতাহৰ বাবে ব্যাকুল হৈ আছি । উল্লেখ্য যে, স্প্লেশ্বডাউন স্থানত বেয়া বতৰৰ বাবে তেওঁলোকৰ ঘৰলৈ ঘূৰি অহাত এদিন পলম হয় ।

স্পেচএক্সে এক্সত (পূৰ্বৰ টুইটাৰ) মহাকাশচাৰীসকলৰ উভতি অহাৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে । তাত লিখা আছে, "ড্ৰেগনৰ স্প্লেশ্বডাউন নিশ্চিত– পৃথিৱীলৈ উভতি অহাৰ বাবে স্বাগতম- Steve, @Astro_Woody, Andrey, and @Astro_Alneyadi!" উল্লেখ্য যে, স্পেচএক্সে এসপ্তাহ পূৰ্বে তেওঁলোকৰ ওভতনি যাত্ৰা আৰম্ভ কৰিছিল ।

আনহাতে, চলিত মাহৰ শেষৰ ফালে ক্ৰুত আন এটা সলনি ঘটিব, য'ত দুগৰাকী ৰাছিয়ান আৰু এজন আমেৰিকানে দীৰ্ঘদিন ধৰি প্ৰতীক্ষাৰ অন্তত ঘৰলৈ ঘূৰি আহিব । তেওঁলোক গোটেই বছৰ ধৰি তাত আছে । তেওঁলোকৰ চয়ুজ কেপচুলৰ সকলো কুলেণ্ট নিৰ্গত হোৱাৰ পিছত তেওঁলোকৰ তাত থকাৰ সময় দুগুণ কৰা হৈছিল আৰু এক নতুন মহাকাশযান উৎক্ষেপণ কৰিবলগা হৈছিল । ক্ৰু অদল-বদলৰ মাজতে মহাকাশ কেন্দ্ৰটোত সাতজন মহাকাশচাৰীয়ে বাস কৰে ।

লগতে পঢ়ক :Aditya L1 mission: সুকলমে আছে আদিত্য এল-১; স্বাভাৱিক প্ৰক্ৰিয়াৰে কৰিছে কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.