ETV Bharat / international

FIFA World CUP 2022 : আঘাতৰ বাবে পৰৱৰ্তী মেচৰ পৰা বাহিৰ ব্ৰাজিলৰ নেইমাৰ আৰু ডেনিলো

author img

By

Published : Nov 26, 2022, 1:38 PM IST

ব্ৰাজিলিয়ান ফুটবল কনফেডাৰেচনে (Brazilian Football Confederation, CBF) শুকুৰবাৰে এই কথা নিশ্চিত কৰিছে । ব্ৰাজিল দলৰ চিকিৎসক ৰড্ৰিগো লাচমাৰে ছাৰ্বিয়াক ২-০ গ'লত পৰাস্ত কৰাৰ এদিন পিছত ৰাইট বেক ডেনিলো আৰু ষ্ট্ৰাইকাৰ নেইমাৰৰ অৱস্থাৰ বিষয়ে এক আপডেট দিয়ে ।

FIFA
FIFA

স্পৰ্টছ ডেস্ক, ২৬ নৱেম্বৰ : বিশ্বকাপত ব্ৰাজিল দলৰ বাবে মোক্ষম আঘাত (injury hit in Brazil squad) । নিজৰ গ্ৰুপ পৰ্যায়ৰ পৰৱৰ্তী মেচত ব্ৰাজিল অৱতীৰ্ণ হ'ব নেইমাৰ আৰু ডেনিলো অবিহনে (Neymar and Danilo out against Switzerland match) । গোৰোহাৰ আঘাতত ভুগি থকাৰ বাবে চলিত ফিফা বিশ্বকাপৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে পৰৱৰ্তী মেচখনত অংশগ্ৰহণ কৰিব নোৱাৰে মেইমাৰ আৰু ডেনিলোৱে (Neymar and Danilo injured) ।

ব্ৰাজিলিয়ান ফুটবল কনফেডাৰেচনে (Brazilian Football Confederation, CBF) শুকুৰবাৰে এই কথা নিশ্চিত কৰিছে । ব্ৰাজিল দলৰ চিকিৎসক ৰড্ৰিগো লাচমাৰে ছাৰ্বিয়াক ২-০ গ'লত পৰাস্ত কৰাৰ এদিন পিছত ৰাইট বেক ডেনিলো আৰু ষ্ট্ৰাইকাৰ নেইমাৰৰ অৱস্থাৰ বিষয়ে এক আপডেট দিয়ে । "নেইমাৰ আৰু ডেনিলোৱে কালি (বৃহস্পতিবাৰে) খেলৰ ঠিক পিছতে চিকিৎসা আৰম্ভ কৰিছে ।" লাচমাৰে CBF-ৰ এক বিবৃতিত কয় ।

উল্লেখ্য, শুকুৰবাৰে খেলুৱৈ দুজনৰ আঘাতৰ বিষয়ে অধিক জানিবৰ বাবে তেওঁলোকৰ পুনৰ এমআৰআই (MRI) আৰু অন্যান্য পৰীক্ষা কৰোৱা হয় । MRI স্কেনত দেখুৱাইছে যে নেইমাৰে সোঁ গোৰোহাৰ পাৰ্শ্বীয় লিগামেণ্টত আঘাত পোৱাৰ লগতে হাড় ফুলিছিল (FIFA world cup 2022) । আৰু ডেনিলোৰ বাঁও গোৰোহাৰ মেডিয়েল লিগামেণ্টৰ আঘাত আছে । খেলুৱৈ দুজন বৰ্তমান চিকিৎসাধীন হৈ আছে ।

"আমাৰ বাবে শান্ত হৈ থকাটো অতি গুৰুত্বপূৰ্ণ । এই মূল্যায়ন দৈনিক কৰা হ'ব যাতে আমাৰ ওচৰত তথ্য থাকে আৰু তাৰ ওপৰত নিৰ্ভৰ কৰি সৰ্বশ্ৰেষ্ঠ সিদ্ধান্ত লোৱা হ'ব (Qatar world cup football) । কিন্তু আমি বৰ্তমান ক'ব পাৰোঁ যে পৰৱৰ্তী খেলৰ বাবে আমাৰ দুজন খেলুৱৈ নাথাকিব । কিন্তু আমাৰ প্ৰচেষ্টা চলি আছে আৰু তেওঁলোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে তেওঁলোকৰ দ্ৰুত আৰোগ্যৰ বাবে চিকিৎসাধীন হৈ আছে ।" তেওঁ লগতে কয় ।

উল্লেখ্য, ২৮ নৱেম্বৰত ডোহাৰ ষ্টেডিয়াম ৯৭৪-ত ব্ৰাজিল আৰু ছুইজাৰলেণ্ডে গ্ৰুপ জিৰ শীৰ্ষস্থানৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । দুয়োটা দলে বৰ্তমান তিনি পইণ্টেৰে গ্ৰুপটোৰ শীৰ্ষত আছে । শুকুৰবাৰে ব্ৰাজিলৰ খেলুৱৈসকলে ডোহাৰ আল আৰাবি ষ্টেডিয়ামত প্ৰশিক্ষণৰ বাবে খেলপথাৰত নামে ।

লগতে পঢ়ক :FIFA World Cup 2022: বিশ্বকাপত আমেৰিকাক পৰাস্ত কৰা স্বপ্ন ভংগ ইংলেণ্ডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.