ETV Bharat / international

চীনত ৯ বছৰৰ ভিতৰত আটাইতকৈ ভয়াবহ ভূমিকম্প; নিহতৰ সংখ্যা ১৩১ জনলৈ বৃদ্ধি

author img

By ANI

Published : Dec 20, 2023, 10:23 AM IST

Death toll in China earthquake rises to 131
চীনত ৯ বছৰৰ ভিতৰত আটাইতকৈ ভয়াবহ ভূমিকম্প

China Earthquake: উত্তৰ-পশ্চিম চীনত সোমবাৰে নিশা অহা ভূমিকম্পক বিগত ৯ বছৰত দেশখনৰ হোৱা আটাইতকৈ মাৰাত্মক ভূমিকম্প হিচাপে গণ্য কৰা হৈছে ৷ এই ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩১ জনলৈ বৃদ্ধি পাইছে ৷ আনহাতে আহত হৈছে প্ৰায় ৭ শতাধিক ৷ বিধ্বস্ত পথ আৰু আন্তঃগাঁথনি তথা শূন্যৰ তলৰ উষ্ণতাৰ বাবে উদ্ধাৰৰ কামত ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দল ৷

নিউজ ডেস্ক, ২০ ডিচেম্বৰ: উত্তৰ-পশ্চিম চীনত সোমবাৰে নিশা ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩১ জনলৈ বৃদ্ধি পাইছে ৷ ইফালে ভূমিকম্পত আহত হৈছে প্ৰায় ৭০০ গৰাকী লোক । আল জাজিৰাই উল্লেখ কৰা মতে, বিগত ৯ বছৰত দেশখনত হোৱা এইটো আটাইতকৈ ভয়াবহ ভূমিকম্প আছিল । কৰ্তৃপক্ষই দ্ৰুতভাৱে কেইবাটাও জৰুৰীকালীন বাহিনী গঠন কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও ভূমিকম্পৰ ফলত পথ আৰু আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হোৱাত আৰু শূন্যৰ তলৰ উষ্ণতাৰ বাবে উদ্ধাৰৰ কাম কঠিন হৈ পৰিছিল ৷ জানিব পৰা মতে এখন গাঁও আংশিকভাৱে পোত যায় ।

চীনৰ ৰাষ্ট্ৰপতি জি ঝিনপিঙে উদ্ধাৰ আৰু সাহায্য অভিযানত সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে সকলোকে আহ্বান জনায় । চীনৰ ৰাজ্যিক সংবাদ মাধ্যমৰ মতে, প্ৰায় ১৫০০ অগ্নিনিৰ্বাপক বাহিনী মোতায়েন কৰা হয় আৰু আন ১৫০০ টা অগ্নিনিৰ্বাপক বাহিনী সাজু কৰি ৰখা হৈছে । দুৰ্যোগ সাহায্যৰ বাবে ৩০০ৰো অধিক বিষয়া আৰু সৈনিককো সংগঠিত কৰা হৈছে ।

চীনৰ ৰাজ্যিক পৰিকল্পনাকাৰীয়ে কয় যে, তেওঁলোকে গানছু আৰু কিংহাই প্ৰদেশৰ বাবে ২৫ কোটি ইউয়ান (৩৫ মিলিয়ন মাৰ্কিন ডলাৰ) আৱণ্টন দিছে । চীনৰ ৰাজ্যিক সম্প্ৰচাৰক চিচিটিভিৰ মতে, গানছুত ১১৩ জন লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰা হৈছে, আনহাতে ৫৩৬ জন আহত হৈছে । কিংহাইত চিচিটিভিৰ বাতৰি অনুসৰি ১৮ জন লোক নিহত হোৱাৰ বিপৰীতে ১৯৮ জন আহত হৈছে । ২০১৪ চনৰ পিচত এই মৃত্যুৰ সংখ্যা সৰ্বাধিক ৷

উল্লেখ্য যে, ২০১৪ চনত চীনত হোৱা ভূমিকম্পৰ ফলত প্ৰায় ৬১৭ জন লোকৰ মৃত্যু হৈছিল আৰু দক্ষিণ-পশ্চিম চীনৰ ইউনান প্ৰদেশখন ধ্বংস হৈছিল । গানছু প্ৰাদেশিক কৰ্তৃপক্ষই পূৰ্বে উল্লেখ কৰিছিল যে ৪,৭০০ৰো অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে । জিনহুয়াই জনোৱা মতে, কিছুমান গাঁৱত বিদ্যুৎ আৰু পানী যোগানত ব্যাঘাত জন্মিছিল । আল জাজিৰাৰ মতে, ৰাজ্যিক টেলিভিছনত দেখা গৈছে যে উদ্ধাৰকাৰী দলক কঢ়িয়াই নিয়া ট্ৰাক আৰু জৰুৰীকালীন সেৱাৰ বাহনসমূহ বৰফেৰে আবৃত ঘাইপথত আগবাঢ়ি গৈছে ।

লগতে পঢ়ক: 6.2 প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ’ল চীনৰ গানছু প্ৰদেশ, 118 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.