ETV Bharat / international

Sensational incident in Flight : উৰন্ত বিমানত কেপ্তেইনক প্ৰাণে মৰাৰ ভাবুকি পাইলটৰ!

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 8:55 AM IST

কেলিফৰ্ণিয়াৰ এখন চলন্ত বিমানত চাঞ্চল্যকৰ ঘটনা ৷ চিকিৎসাৰ প্ৰয়োজন হোৱা যাত্ৰীৰ বাবে বিমানখন অন্য দিশলৈ নিলে বিমানৰ কেপ্তেইনক গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে এজন পাইলটৰ বিৰুদ্ধে । FBI আৰু ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে যুটীয়াভাৱে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷

sensational incident in Flight
উৰন্ত বিমানত কেপ্তেইনক প্ৰাণে মৰাৰ ভাবুকি পাইলটৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 1 অক্টোবৰ: বিমানৰ পাইলটৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ চিকিৎসাৰ প্ৰয়োজন হোৱা যাত্ৰীৰ বাবে বিমানখন অন্য দিশলৈ নিলে বিমানখনৰ কেপ্তেইনক গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে এজন পাইলটৰ বিৰুদ্ধে । কেলিফৰ্ণিয়াত সংঘটিত হৈছে এই ঘটনা ৷

ফেডাৰেল আদালতৰ ৰেকৰ্ড অনুসৰি 2022 চনৰ আগষ্ট মাহত সংঘটিত হোৱা এটা কাণ্ডক লৈ 18 অক্টোবৰত ইউটাৰ গ্ৰেণ্ড জুৰীয়ে জোনাথন জে ডানৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল । পৰিবহণ বিভাগৰ মহাপৰিদৰ্শকৰ কাৰ্যালয়ে মঙলবাৰে প্ৰেৰণ কৰা ইমেইলত কয় যে ডান আছিল বিমানখনৰ প্ৰথমজন বিষয়া বা সহ-পাইলট আৰু পৰিবহণ নিৰাপত্তা প্ৰশাসনে চলোৱা এটা কাৰ্যসূচীৰ অধীনত বন্দুক কঢ়িয়াই নিবলৈ অনুমোদন লাভ কৰিছিল ।

মহাপৰিদৰ্শকৰ কাৰ্যালয়ে জনোৱা মতে, যাত্ৰীৰ চিকিৎসাৰ বাবে সম্ভাৱ্য বিমান ডাইভাৰচনৰ বিষয়ে মতানৈক্য ঘটিছিল কেপ্তেইন আৰু ডানৰ মাজত ৷ পিছত ডানে কেপ্তেইনক বিমানখন ডাইভাৰ্ট কৰিলে তেওঁলোকক গুলীয়াই হত্যা কৰা হ’ব বুলি ভাবুকি প্ৰদান কৰিছিল বুলি ডানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তোলে ।

মহাপৰিদৰ্শকগৰাকীয়ে ডানক কেলিফৰ্ণিয়াৰ পাইলট বুলি জানিবলৈ দিয়ে । কাণ্ডটো সংঘটিত হোৱা বিমান সংস্থাটো বৰ্তমানলৈ চিনাক্ত হোৱা নাই যদিও এইখন বাণিজ্যিক বিমান সংস্থাৰ বিমান বুলি জনায় । মহাপৰিদৰ্শকগৰাকীয়ে Federal Bureau of Investigation চমুকৈ FBI আৰু ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনৰ সৈতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জনায় ।

উটাহৰ ফেডাৰেল জিলা আদালতত দাখিল কৰা অভিযোগনামাত ডানে ক্ৰুৰ সদস্যজনক আক্ৰমণ আৰু ভয় দেখুৱাবলৈ বিপজ্জনক অস্ত্ৰ ব্যৱহাৰ কৰিছিল বুলি উল্লেখ কৰা হৈছে । অভিযোগনামাত বিমান সংস্থাটোৰ নাম উল্লেখ কৰা হোৱা নাছিল আৰু ছল্ট লেক চিটিৰ আমেৰিকাৰ এটৰ্নীৰ কাৰ্যালয়ে অভিযোগনামাত উল্লেখ কৰা তথ্যৰ বাহিৰে আন কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰিছিল । 16 নৱেম্বৰত অভিযোগনামা দাখিলৰ দিন । উল্লেখ্য যে কৰ্তব্যৰত বিমান কৰ্মীৰ ক্ষেত্ৰত হস্তক্ষেপ কৰাটো এটা গুৰুতৰ অপৰাধ, যাৰ শাস্তি 20 বছৰ পৰ্যন্ত কাৰাদণ্ড ।

লগতে পঢ়ক: Israel Hamas war: যুদ্ধৰ ফলত আশ্ৰয়হীন হৈ পৰিছে 29 খনকৈ আঞ্চলিক পৰিষদৰ শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.