ETV Bharat / international

পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত পুটিন, ভাৰতৰ সৈতে উন্নত সামৰিক সম্পৰ্কৰ প্ৰতিশ্ৰুতি

author img

By

Published : Jul 2, 2020, 8:13 PM IST

পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত পুটিন
পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে 2036 চনলৈ শাসনভাৰ পুনৰ লাভ কৰিছে ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ৷ আজি অনুষ্ঠিত হৈ যোৱা সংশোধনী ভোটত জয়লাভ কৰে পুটিনে ৷ পুটিনৰ জয়লাভৰ পিচতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয় পুটিন ৷ দুয়োগৰাকী শীৰ্ষ নেতাই দুয়োখন ৰাষ্ট্ৰৰ সামৰিক আৰু অন্যান্য সম্পৰ্ক অধিক শক্তিশালী কৰাত অধিক গুৰুত্ব আৰোপ কৰাত গুৰুত্ব দিয়ে ৷

নিউজ ডেস্ক, 2 জুলাই : বৃহস্পতিবাৰে টেলিফোনিক বাৰ্তালাপত মিলিত হয় ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ 2 জুলাই ৰাছিয়াত অনুষ্ঠিত হৈ যোৱা সংশোধনী ভোটত জয়লাভ কৰি পুটিনে দেশখনৰ ৰাষ্ট্ৰপতি হিচাপে 2036 চনলৈ শাসনভাৰ লাভ কৰে ৷ ইয়াৰ পিচতেই দুয়োগৰাকী নেতাই টেলিফোনিক বাৰ্তালাপত মিলিত হয় ৷ এই বাৰ্তালাপত দুয়োগৰাকী নেতাই সকলোধৰণে দুয়োখন দেশৰ মাজৰ বিশেষ সামৰিক সম্পৰ্ক সুদৃঢ় কৰাত অধিক গুৰুত্ব প্ৰদান কৰে ৷

লগতে পঢ়কঃ ৰাছিয়াৰ বিজয় দিৱসঃ কি এই বিজয় দিৱস আৰু 24 জুনৰ বিশেষত্ব

মোডীয়ে টেলিফোনযোগে পুটিনক শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা 75সংখ্যক বিজয় দিৱস আৰু সাংবিধানিক সংশোধনী ভোটৰ পিচতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদত অধিস্থিত হোৱা ক্ষমতা লাভ কৰাত শুভেচ্ছা জ্ঞাপন কৰে ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইক্ষেত্ৰত এক বিজ্ঞপ্তি জাৰী কৰিছে ৷ ভাৰত আৰু ৰাছিয়াৰ মাজৰ বন্ধুত্বৰ চিনস্বৰূপে 24 জুনত অনুষ্ঠিত হৈ যোৱা ৰাছিয়াৰ এই বিজয় দিৱস পেৰেডত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ এটা দলে অংশগ্ৰহণ কৰিছিল ৷

পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত পুটিন, ভাৰতৰ সৈতে উন্নত সামৰিক সম্পৰ্কৰ প্ৰতিশ্ৰুতি
প্ৰধানমন্ত্ৰী মোডীৰ সৈতে ৰাষ্ট্ৰপতি পুটিন

এই আলোচনাত দুয়োগৰাকী শীৰ্ষ নেতাই কোভিড-19ৰ ক্ষেত্ৰত দুয়োখন দেশে গ্ৰহণ কৰা দিশসমূহৰ বিষয়েও আলোচনা কৰে ৷ কোভিড-19ৰ পৰৱৰ্তী সময়ত দুয়োখন দেশৰ মাজৰ বহুকেইটা যুটীয়া অনুষ্ঠানৰ বাবেও এই বাৰ্তালাপত আলোচনা কৰে দুয়োগৰাকী শীৰ্ষ নেতাই ৷ কোভিড-19ৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা দুখন দেশ হৈছে ভাৰত আৰু ৰাছিয়া ৷ সমগ্ৰ বিশ্বতে কোভিড-19 আক্ৰান্ত দেশৰ ভিতৰত ৰাছিয়া তৃতীয় স্থানত থকাৰ লগতে ভাৰত আছে চতুৰ্থ স্থানত ৷ শেহতীয়া তথ্য অনুসৰি, ভাৰতত বৰ্তমানে কোভিড-19ত আক্ৰান্তৰ সংখ্যা হৈছে 6,04,641 আৰু ইয়াৰে 2,26,947 গৰাকী সক্ৰিয় হৈ আছে ৷ দেশত এতিয়ালৈকে 9 মিলিয়ন লোকৰ নমুনা সংগ্ৰহ কৰা হৈছে ৷

লগতে পঢ়কঃ প্ৰতিৰক্ষা খণ্ডলৈ প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদৰ 38,900 কোটিৰ অনুমতি

দুয়োগৰাকী নেতাই এই আলোচনাৰ সময়ত চলিত বৰ্ষৰ শেষৰফালে ভাৰতত অনুষ্ঠিত হ'বলগীয়া ভাৰত-ৰাছিয়া দ্বিপাক্ষিক আলোচনাক লৈয়ো বাৰ্তালাপ কৰে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে পুটিনক এই আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে ভাৰতলৈ আমন্ত্ৰণ কৰাৰ লগতে পুটিনেও মোডীক এই বিষয়ত ধন্যবাদ জ্ঞাপন কৰে ৷

ভাৰত-চীনৰ মাজৰ শেহতীয়া পৰিস্থিতিৰ সময়তে দুয়োগৰাকী শীৰ্ষ নেতাৰ মাজত হোৱা আলোচনাই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে ৷ বিশেষকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে পুটিনৰ কাৰ্যকাল 2036 চনলৈকে বৃদ্ধি পোৱা দিশটোৱে বিশ্বৰ বহুটো দেশক পুটিনৰ মহাশক্তিৰ বিষয়ে ভাবিবলৈ বাধ্য কৰি তুলিছে ৷

লগতে পঢ়কঃ দ্বিতীয় বিশ্বযুদ্ধৰ শ্বহীদৰ নামত প্ৰতিমূৰ্তি উন্মোচন কৰিলে পুটিনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.