ETV Bharat / international

বিশ্বৰ পৰা শীঘ্ৰে স্বীকৃতি লাভ কৰিব বুলি নিশ্চিত তালিবান

author img

By

Published : Sep 27, 2021, 2:25 PM IST

সমগ্ৰ বিশ্বৰ পৰা অতি শীঘ্ৰে স্বীকৃতি লাভ কৰিব বুলি আশাবাদী তালিবান ৷ স্বীকৃতি লাভ কৰাটো তেওঁলোকৰ অধিকাৰ বুলি মন্তব্য তালিবানৰ মুখপাত্ৰ( spokesperson of the Taliban) আৰু তথ্য আৰু সংস্কৃতিৰ উপমন্ত্ৰী(Deputy Minister of information and culture) জাবিউল্লাহ মুজাহিদৰ(Zabiullah Mujahid) ৷

Taliban claims they will be soon be recognised by the world
বিশ্বৰ পৰা শীঘ্ৰে স্বীকৃতি লাভ কৰিব বুলি নিশ্চিত তালিবান

ইণ্টাৰনেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ : অতি শীঘ্ৰে বিশ্বৰ পৰা স্বীকৃতি লাভ কৰাৰ দাবী তালিবানৰ ৷ তালিবানৰ মুখপাত্ৰ (spokesperson of the Taliban) আৰু তথ্য আৰু সংস্কৃতিৰ উপমন্ত্ৰী(Deputy Minister of information and culture) জাবিউল্লাহ মুজাহিদে(Zabiullah Mujahid) বিশ্বই শীঘ্ৰেই তালিবানক স্বীকৃতি দিব বুলি দাবী কৰিছে ৷ আফগানিস্তানৰ স্থানীয় সংবাদ মাধ্যমে দেওবাৰে এই কথা প্ৰকাশ কৰিছে ৷

উপমন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, কেইবাখনো দেশৰ প্ৰতিনিধিয়ে আফগানিস্তান ভ্ৰমণ কৰিছে আৰু তেওঁলোকে (তালিবান) স্বীকৃতিৰ বাবে ৰাষ্ট্ৰসংঘৰ মহা সচিবলৈ(UN Secretary-General) এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ মুজাহিদৰ মতে স্বীকৃতি লাভ কৰাটো তেওঁলোকৰ অধিকাৰ আৰু সেয়ে তালিবানৰ নেতাসকলে ৰাষ্ট্ৰসংঘৰ সৈতে কথা-বাৰ্তা পাতি আছে ৷

উল্লেখ্য যে, তালিবানক স্বীকৃতি দিয়াৰ বাবে আন্তৰ্জাতিক সম্প্ৰদায়সমূহে কেতবোৰ বিশেষ চৰ্ত ৰাখিছে ৷ তাৰ ভিতৰত আছে মানৱ অধিকাৰ আৰু মহিলাৰ অধিকাৰক সন্মান কৰা, এক সামগ্ৰিক চৰকাৰ গঠন কৰা, আফগানিস্তানক সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ বাবে সুৰক্ষিত আশ্ৰয়স্থল হ'বলৈ নিদিয়া ৷

আফগানিস্তানৰ ইছলামিক আমিৰাতে(Islamic Emirate of Afghanistan) এই সকলোবোৰ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছে যদিও সেইসমূহৰ কোনোটো চৰ্ত এইপৰ্যন্ত কাৰ্যকৰী হোৱা পৰিলক্ষিত হোৱা নাই ৷ ইফালে, ৰাছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, কানাডা, ফ্ৰান্স, UK য়ে প্ৰকাশ কৰা মতে, তেওঁলোকে তালিবানৰ দ্বাৰা গঠিত চৰকাৰক স্বীকৃতি দিয়াৰ পৰিকল্পনা কৰা নাই ৷

দেশখনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটো সৈন্য প্ৰত্যাহাৰৰ(withdrawal of US and NATO troops) মাজতে আফগানিস্তান চৰকাৰী বাহিনীৰ বিৰুদ্ধে আক্ৰমণাত্মক আৰু দ্ৰুত অগ্ৰগতিৰ পিছত তালিবানে কাবুল দখল কৰাৰ ইতিমধ্যে এমাহৰো অধিক সময় পাৰ হৈ গৈছে ৷

লগতে পঢ়ক : তালিবানৰ শীৰ্ষ নেতৃত্বৰ মাজত বিভাজন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.