ETV Bharat / international

আফগানিস্তানত দেশ এৰি পলায়ন কৰা ইছলামিক গণৰাজ্যৰে চৰকাৰ থাকিব !

author img

By

Published : Sep 29, 2021, 6:03 PM IST

তালিবানৰ আগমনৰ লগে লগে দেশ এৰি পলায়ন কৰা ইছলামিক গণৰাজ্য চৰকাৰে পুনৰুত্থানৰ ঘোষণা কৰিছে । প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহৰ নেতৃত্বত নিৰ্বাসিত আফগান চৰকাৰ অব্যাহত ৰখাৰ কথা ঘোষণা কৰা হয় । দেশখন তালিবানৰ দখলত থকাৰ সময়তে কোনে কৰিলে এই ঘোষণা ?

Taliban
আফগানিস্তানত দেশ এৰি পলায়ন কৰা ইছলামিক গণৰাজ্যৰে চৰকাৰ থাকিব

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৯ ছেপ্টেম্বৰ : যোৱা মাহত আফগানিস্তান দখল কৰিছিল তালিবানে । তালিবানৰ আগমনৰ সময়ত দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানি আৰু বহু শীৰ্ষ বিষয়াই পলায়ন কৰিছিল । ইতিমধ্যে তালিবানে আফগানিস্তানত নিজৰ অন্তৱৰ্তীকালীন চৰকাৰো ঘোষণা কৰিছে । পিছে দীৰ্ঘদিনৰ অন্তত দেশ এৰি পলায়ন কৰা আফগানিস্তানৰ ইছলামিক গণৰাজ্য চৰকাৰে পুনৰ দেশ শাসনৰ ঘোষণা কৰিছে ।

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহৰ নেতৃত্বত নিৰ্বাসিত আফগান চৰকাৰ অব্যাহত ৰখাৰ কথা ঘোষণা কৰে পূৰ্বৰ চৰকাৰে । ছুইজাৰলেণ্ডত আফগান দূতাবাসে প্ৰকাশ কৰা বিবৃতি অনুসৰি ইছলামিক ৰিপাব্লিক অৱ আফগানিস্তান হৈছে আফগানিস্তানৰ একমাত্ৰ বৈধ চৰকাৰ যি জনসাধাৰণৰ ভোটৰ দ্বাৰা নিৰ্বাচিত হৈছে আৰু আন কোনো চৰকাৰে বৈধ চৰকাৰক সলনি কৰিব নোৱাৰে । বিবৃতি অনুসৰি আশ্ৰাফ ঘানিৰ পলায়নৰ পাছত প্ৰথম উপ-ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহে দেশখনক নেতৃত্ব দিব ।

বিবৃতিটোত লগতে কোৱা হৈছে যে আফগানিস্তানক বাহ্যিক শক্তিয়ে দখল কৰিছে আৰু দেশখনৰ জ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লোৱাৰ পাছত আফগান চৰকাৰৰ ঐতিহাসিক দায়িত্ব হিচাপে তেওঁলোকে নিৰ্বাসিত চৰকাৰ ঘোষণা কৰাৰ সিদ্ধান্ত লৈছিল । বিবৃতি মতে চৰকাৰৰ তিনিটা ক্ষমতা যেনে কাৰ্যবাহী, ন্যায়িক আৰু আইনী ব্যৱস্থা শীঘ্ৰেই সক্ৰিয় কৰা হ'ব ।

ইফালে আহমেদ মাছুদৰ নেতৃত্বৰ তালিবান বিৰোধী পাঞ্জশিৰ প্ৰতিৰোধ ফ্ৰণ্টক সমৰ্থন জনোৱাৰ কথাও ঘোষণা কৰে দূতাবাসে আৰু লগতে কয় যে আফগানিস্তানৰ সকলো দূতাবাস আৰু কনচুলেট স্বাভাৱিক ভাৱে কাৰ্যকৰী হ'ব । বিবৃতিটো পূৰ্বৰ চৰকাৰৰ নেতা, ৰাজনৈতিক নেতা আৰু অন্যান্য ৰাজনীতিবিদসকলৰ দ্বাৰা লিখা আৰু মুকলি কৰা হৈছে কিন্তু ইয়াৰে কোনো এগৰাকীৰো নাম প্ৰকাশ কৰা হোৱা নাই ।

আনহাতে মঙলবাৰে তালিবানে কৈছিল যে তেওঁলোকে মুহাম্মাদ জাহিৰ শ্বাহৰ যুগৰ অস্থায়ী সংবিধান গ্ৰহণ কৰিব যিটো ৫৭ বছৰ আগতে অনুমোদন জনোৱা হৈছিল । উল্লেখ যে দেশখনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটো সৈন্য প্ৰত্যাহাৰৰ মাজতে চৰকাৰী বাহিনীৰ বিৰুদ্ধে আক্ৰমণাত্মক আৰু দ্ৰুত অগ্ৰগতিৰ পিছত তালিবানে ১৫ আগষ্টত কাবুল দখল কৰিছিল ।

লগতে পঢ়ক :তালিবানে আমেৰিকাক কিয় দিলে সকীয়নি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.