ETV Bharat / international

তালিবানে আমেৰিকাক কিয় দিলে সকীয়নি ?

author img

By

Published : Sep 29, 2021, 12:27 PM IST

সম্প্ৰতি তালিবানৰ হাতত আফগানিস্তান । আমেৰিকা সেনাই শেষবাৰৰ বাবে আফগানিস্তান এৰি যোৱাৰ পৰাই বিভিন্ন ধৰণে তালিবান আৰু আমেৰিকাৰ মাজত বিতৰ্ক অব্যাহত আছে । এইবাৰ পুনৰ আমেৰিকাক সকীয়াই দিলে তালিবানে । এইবাৰ এই সকীয়নিৰ কাৰণ কি ?

Taliban ask US not to operate drones
পুনৰ আমেৰিকাক সকীয়াই দিলে তালিবানে

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৯ ছেপ্তেম্বৰ : তালিবানে (Taliban) যোৱা মাহত আফগানিস্তানক নিজৰ অধীনলৈ আনিছিল আৰু ছেপ্তেম্বৰ মাহৰ প্ৰথম ভাগত ইয়াৰ অন্তৱৰ্তীকালীন চৰকাৰ ঘোষণা কৰিছিল । তাৰ পাছৰে পৰা সমগ্ৰ বিশ্বতে আফগানিস্তানক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলি আছে । ইয়াৰ মাজতে আফগানিস্তানত আমেৰিকাৰ ড্ৰোণ (US drone) আক্ৰমণকলৈও বিভিন্ন মহলত চৰ্চা চলিছে ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে আমেৰিকাৰ ড্ৰোণ আক্ৰমণ সন্দৰ্ভত তালিবানেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । তালিবানৰ মতে আমেৰিকাৰ ড্ৰোণবোৰে আফগানৰ আকাশ মাৰ্গত চলি আছে । নেতিবাচক পৰিণাম প্ৰতিহত কৰিবলৈ এই ক্ষেত্ৰত দায়বদ্ধ হ'বলৈ আৰু ড্ৰোণৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ আমেৰিকাক আহ্বান তালিবানৰ ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পদক্ষেপক ৰাষ্ট্ৰীয় নিৰাপত্তা ভংগ বুলি অভিহিত কৰি তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে সকলো দেশ আৰু ৱাশ্বিংটনক পাৰস্পৰিক দায়ৱদ্ধতা অনুসৰি কাম কৰিবলৈ আহ্বান জনায় । তেওঁ সকীয়নি দি কয় যে দায়ৱদ্ধতাৰে কাম কৰিলে পৰিণাম ভাল হ'ব । অন্যথা পৰিণাম বেয়াৰ দিশে যাব বুলি সকীয়াই দিয়ে তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে ।

লগতে পঢ়ক:আফগানিস্তানৰ ভূমিত আমেৰিকাই ৰাখিব 2,500 সেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.