ETV Bharat / international

ধৰ্ষণকাৰীৰ শাস্তি মৃত্যুদণ্ডঃ ক'ত ?

author img

By

Published : Oct 13, 2020, 2:27 PM IST

Updated : Oct 13, 2020, 3:37 PM IST

ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন ৷ এতিয়াৰ পৰাই ধৰ্ষণকাৰীয়ে লাভ কৰিব মৃত্যুদণ্ডৰ দৰে চৰম শাস্তি ৷ মঙলবাৰে আইনত পৰিণত ধৰ্ষণকাৰীৰ মৃত্যুদণ্ড আইন ৷

Bangladesh government has approved measures to allow for the death penalty for rape
ধৰ্ষণকাৰীৰ শাস্তি মৃত্যুদণ্ডঃ ক'ত ?

নিউজ ডেস্ক, 13 অক্টোবৰ : দেশত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ধৰ্ষণৰ ঘটনা ৷ ধৰ্ষণ নামৰ ব্যাধিটো সমাজৰ পৰা আঁতৰাবলৈ বহু কেইখন কঠোৰ আইন ৰূপায়ন কৰা হৈছে যদিও সঁচা অৰ্থত প্ৰতিৰোধ কৰিব পৰা নাই ধৰ্ষণৰ ঘটনা ৷ আনকি, ধৰ্ষণৰ ঘটনা বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে ৷

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ হাথৰছ জিলাত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ভাৰতবৰ্ষ ৷ 19 বছৰীয়া যুৱতি এগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ পিচত মৃত্যু হোৱাৰ ফলত আজিও দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ একেদৰে নিৰ্ভয়া কাণ্ডৰ ঘটনাও আন এক জলন্ত উদাহৰণ ৷

আনহাতে, ধৰ্ষণ বা কোনো ধৰণৰ অপৰাধমূলক ঘটনাৰ লগত জড়িত হৈ থাকে ন্যায় ব্যৱস্থা বা চৰকাৰে প্ৰণয়ন কৰা কঠোৰ আইন ৷ ধৰ্ষণৰ বাবে বহু কেইখন কঠোৰ আইন প্ৰণয়ন কৰা হৈছে যদিও ধৰ্ষণকাৰীৰ সংখ্যা বৃদ্ধি হৈ থকাত বৰ্তমান চিন্তিত হৈ পৰিছে দেশৰ সচেতন মহল ৷ তেনে ক্ষেত্ৰত দেশবাসীয়ে বিশ্বৰ অন্য ৰাষ্ট্ৰৰ লগতে ভাৰতবৰ্ষতো ধৰ্ষণকাৰীৰ 'মৃত্যুদণ্ড' হোৱাটো বিচাৰে ৷ আনকি, এই সন্দৰ্ভত এখন আইন প্ৰণয়ন কৰাৰ দাবী বিভিন্ন সময়ত সচেতন মহলে কৰি আহিছে ৷

লগতে পঢ়ক : খেল অনুষ্ঠিত হোৱাৰ পূৰ্বে ISL ৰ 7 গৰাকী খেলুৱৈ ক'ভিড-19 ত আক্ৰান্ত

তেনে সময়তে শেহতীয়াকৈ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে ধৰ্ষণকাৰীৰ বিৰুদ্ধে 'মৃত্যুদণ্ড' ৰ আইন গৃহীত কৰিছে ৷ দেশখনত সংঘটিত হোৱা ধৰ্ষণকাণ্ডৰ ওপৰত লক্ষ্য ৰাখি এই আইন গৃহীত কৰিছে ৷ মঙলবাৰে ৰাষ্ট্ৰপতিয়ে আইনখন কাৰ্যকৰী কৰিব বুলি জানিব পৰা গৈছে ৷

ইফালে সোমবাৰে, বাংলাদেশৰ কেবিনেট সচিব খাণ্ডকাৰ আনোৱাৰুল ইছলামে এক সংবাদমেল সম্বোধন কৰি জনাই যে, বৰ্তমান দেশখনৰ আইনৰ কিছু সংশোধন কৰি ধৰ্ষণকাৰীক সৰ্বাধিক শাস্তি প্ৰদান কৰা হ'ব ৷

আনহাতে, বাংলাদেশৰ আইন মন্ত্ৰী আনিছুল হকে ৰূপায়ন কৰা আইনখনে দেশখনত ধৰ্ষণৰ সংখ্যা কমাই আনিব বুলি মন্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক : চলিত বৰ্ষত অনুষ্ঠিত নহয় দেশৰ ৰাজধানীৰ সবাতকৈ ডাঙৰ উৎসৱ 'ৰামলীলা'

উল্লেখ্য যে, বাংলাদেশে 2013 চনৰ পৰা 23 গৰাকী লোকক ফাঁচি দিয়া হৈছে আৰু এটা বিশেষ সূত্ৰৰ মতে, কমেও 1,718 গৰাকী অপৰাধী মৃত্যুৰ শাৰীত আছে

উল্লেখ্য যে, ভাৰতবৰ্ষতো 'মৃত্যুদণ্ড' ৰ দাবী উত্থাপন আহিছে আৰু এই সম্পৰ্কত কিছু আইন বাস্তৱত প্ৰতিফলিত হোৱাও পৰিলক্ষিত হৈছে ৷ উদাহৰণস্বৰূপে, ভাৰতত মৃত্যুদণ্ডৰ সৈতে শাস্তি যোগ্য অপৰাধবোৰৰ ভিতৰত শিশু যৌন অপৰাধ প্ৰতিৰোধ আইন (POCSO) 2012, অনুসূচীত জাতি আৰু অনুসূচীত জাতি প্ৰতিৰোধ আইন 1989, বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন 1967, মহাৰাষ্ট্ৰৰ অপৰাধ নিয়ন্ত্ৰণ আইন 1999 আদি

লগতে পঢ়ক : চিকনিত ভাবুকি কঢ়িয়াইছে বেকী নদীৰ খহনীয়াই

Last Updated : Oct 13, 2020, 3:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.