ETV Bharat / international

কৰ'ণাৰ পৰা আৰোগ্য হোৱা ৰোগীৰ মন্তব্যঃ "মৃত্যুয়ে ভাল আছিল !"

author img

By

Published : Jun 16, 2020, 2:01 PM IST

Updated : Jun 16, 2020, 2:42 PM IST

আমেৰিকা
70 বৰ্ষীয় মাইকেল ফ্লৰ

The Seattle Times য়ে জানিবলৈ দিয়া অনুসৰি, তেওঁৰ পৰিয়ালৰ লোকে তেওঁৰ মৃত্যু হোৱাৰ আশংকাত ফোনৰ জৰিয়তে অন্তিম বিদায়ো জনাইছিল ৷ চিকিৎসাধীন অৱস্থাত তেওঁৰ স্বাস্থ্য অতি সংকটজনক হৈ পৰিছিল বুলি জানিবলৈ দিয়ে এগৰাকী নাৰ্ছে ৷

ইন্টাৰনেশ্যনেল ডেস্ক, 16 জুন : আমেৰিকাৰ এখন হাস্পতালত 62 দিন ধৰি কৰ'ণা ভাইৰাছৰ চিকিৎসা গ্ৰহণ কৰি থকা এজন বয়োজ্যেষ্ঠ লোকক চিকিৎসাৰ অন্তত প্ৰদান কৰা হ'ল 181 পৃষ্ঠাৰ এখন বিল ৷ প্ৰায় 1.1 মিলিয়ন আমেৰিকান ডলাৰৰ (ভাৰতীয় মূল্য প্ৰায় 8 কোটি) বিল দেখি হতভম্ব হৈ পৰিল আমেৰিকান ব্যক্তিগৰাকী ৷

70 বৰ্ষীয় মাইকেল ফ্লৰ হৈছে ৱাশ্বিংটনৰ ছুইডিছ মেডিকেল চেন্টাৰত সৰ্বাধিক দিন চিকিৎসাধীন হৈ থকা Covid-19 ৰোগী ৷ বিলখন বৃহৎ অৰ্থৰ হ'ব বুলি জানিছিল যদিও 181 পৃষ্ঠাৰ বিলখন দেখি তেওঁ হতচকিত হৈ পৰে ৷

The Seattle Times য়ে জানিবলৈ দিয়া অনুসৰি, তেওঁৰ পৰিয়ালৰ লোকে তেওঁৰ মৃত্যু হোৱাৰ আশংকাত ফোনৰ জৰিয়তে অন্তিম বিদায়ো জনাইছিল ৷ চিকিৎসাধীন অৱস্থাত তেওঁৰ স্বাস্থ্য অতি সংকটজনক হৈ পৰিছিল বুলি জানিবলৈ দিয়ে এগৰাকী নাৰ্ছে ৷

West Seattle স্থিত ঘৰত উপস্থিত হোৱাৰ পাচতে বিলখন দেখি তেওঁ দ্বিতীয় বাৰৰ বাবে মৃত্যুৰ কাষ চপা যেন অনুভৱ কৰিছিল বুলি জানিবলৈ দিয়ে ৷ তেওঁৰ ICU কোঠাটোৰ প্ৰতিদিনৰ মূল্য আছিল 9,736 আমেৰিকান ডলাৰ ৷ সেই অনুসৰি, ICU তে তেওঁৰ খৰছ হৈছিল 408,912 আমেৰিকান ডলাৰ ৷

ফ্লৰে কয় যে, দুদিন ধৰি তেওঁৰ হৃদপিণ্ড, বৃক্ক আৰু হাওফাঁও বিকল হৈ পৰিছিল আৰু চিকিৎসকসকলে তেওঁক আৰোগ্য কৰি তুলিবৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ উল্লেখ্য যে, ফ্লৰৰ স্বাস্থ্যজনিত বীমাকৰণ কৰি থোৱাৰ বাবে সকলো ধন পৰিশোধ কৰিবলগা নহয়, সেয়েহে তেওঁ অলপ সকাহ লাভ কৰিছে ৷

ফ্লৰে কয়, "মই জীয়াই থকাৰ বাবে দোষী অনুভৱ কৰো ৷ মই ভাবিছিলো কিয় মই ? মই এই অশান্তি লাভ কৰাৰ যোগ্য হয় জানো ?"

আৰু পঢ়ক : হাস্পতালত 10 ঘন্টাৰ ভিতৰত বিয়পিব পাৰে কৰ'ণা ভাইৰাছ : অধ্যয়ন

Last Updated :Jun 16, 2020, 2:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.