ETV Bharat / international

সাংবাদিকৰ বাবে আটাইতকৈ মাৰাত্মক দেশ মেক্সিকো: আইএফজে

author img

By

Published : Mar 13, 2021, 5:55 PM IST

আই এফ জে
আই এফ জে

আইএফজেৰ ৩০ সংখ্যক বাৰ্ষিক প্ৰতিবেদনত সাংবাদিকসকলৰ বাবে আটাইতকৈ মাৰাত্মক দেশ মেক্সিকো বুলি প্ৰকাশ পাইছে ৷ মেক্সিকোত প্ৰতি বছৰে গড় হিচাপত ১৪ জনকৈ সাংবাদিকক হত্যা কৰা হয় । যাৰ ফলত পাঁচ বছৰত চতুৰ্থবাৰৰ ভিতৰত শীৰ্ষস্থানত অৱস্থান কৰিছে মেক্সিকোৱে ৷ ১৯৯০ চনৰ পৰা এতিয়ালৈ মুঠ ২,৬৮০ জন সাংবাদিকক হত্যা কৰা হৈছে বুলি কয় আইএফজে-এ ।

ইণ্টাৰনেশ্যনেল ডেস্ক,১৩ মাৰ্চ: ইণ্টাৰনেশ্যনেল ফেডাৰেচন অৱ জাৰ্ণেলিষ্ট চমুকৈ আইএফজে-ৰ ৩০ সংখ্যক বাৰ্ষিক প্ৰতিবেদনত সাংবাদিকসকলৰ বাবে আটাইতকৈ মাৰাত্মক দেশ মেক্সিকো বুলি প্ৰকাশ পাইছে । মেক্সিকোত প্ৰতি বছৰে গড় হিচাপত ১৪ জনকৈ সাংবাদিকক হত্যা কৰা হয় । যাৰ ফলত পাঁচ বছৰত চতুৰ্থবাৰৰ ভিতৰত শীৰ্ষস্থানত অৱস্থান কৰিছে মেক্সিকোৱে ৷ ১৯৯০ চনৰ পৰা এতিয়ালৈ মুঠ ২,৬৮০ জন সাংবাদিকক হত্যা কৰা হৈছে বুলি প্ৰকাশ কৰে আইএফজে-এ । ২০২০ চনত বিশ্বজুৰি মুঠ ৬৫ জন সাংবাদিক আৰু সংবাদকৰ্মী কৰ্তব্যৰত অৱস্থাত নিহত হৈছিল । ২০১৯ চনত ১৯ জনতকৈ অধিক সংবাদকৰ্মী নিহত হৈছিল । বৰ্তমান ২০০ ৰো অধিক সাংবাদিকক কাৰাবন্দী কৰি ৰখা হৈছে । আক্ৰমণৰ লক্ষ্য হিচাপে লৈ বোমা আক্ৰমণ আৰু গুলীয়াগুলিত ১৬ খন বিভিন্ন দেশৰ সাংবাদিকৰ মৃত্যু হৈছিল ।

প্ৰতিবেদনত জনোৱা অনুসৰি, আফগানিস্তানত দহ জন, পাকিস্তানত ন জন, ভাৰতত আঠ জন, ফিলিপাইনছ আৰু চিৰিয়াত চাৰিজনকৈ, নাইজেৰিয়া আৰু ইয়েমেনত তিনিটাকৈ সাংবাদিকৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে । ইৰাক, চোমালিয়াৰ পৰাও হত্যাৰ খবৰ লাভ কৰা গৈছিল । আনহাতে বাংলাদেশ, কেমেৰুণ, হণ্ডুৰাছ, পাৰাগুৱে, ৰাছিয়া আৰু চুইডেনতো সাংবাদিক হত্যা কৰাৰ খবৰ লাভ কৰা হৈছে । চীনত অতি কমেও ২৩ জন, ইজিপ্তত ২০ জন, ইৰিট্ৰিয়াত ১৬ জন আৰু চৌদি আৰৱত ১৪ জন সংবাদ মাধ্যমৰ লোকক আটক কৰা হৈছিল ।

তুৰ্কী হৈছে 'বিশ্বৰ সাংবাদিকসকলৰ আটাইতকৈ ডাঙৰ কাৰাগাৰ' । অতি কমেও ৬৭ জন মিডিয়া কৰ্মী কাৰাবন্দী হৈ আছে তুৰ্কীৰ কাৰাগাৰত । শেহতীয়াকৈ এছ'চিয়েটেড প্ৰেছৰ সাংবাদিক থীন শ্ব'ক সামৰিক বাহিনীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত ম্যানমাৰত গ্ৰেপ্তাৰ কৰা হৈছিল । ম্যানমাৰৰ সামৰিক বাহিনীয়ে যোৱা ১ ফেব্ৰুৱাৰীত আং চান চ্যু কীক গ্ৰেপ্তাৰ কৰাৰ পাচত ৩৮ জন সাংবাদিককো আটক কৰা হৈছিল আৰু ১৯ জন বৰ্তমানেও কাৰাবন্দী হৈ আছে ।

লগতে পঢ়ক: গুগল মেপত নতুন অত্যাধুনিক প্ৰযুক্তিৰ সংযোজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.