ETV Bharat / international

মেক্সিকোত আৰক্ষীৰ ওপৰত গুলীচালনাঃ ১৩ জনৰ মৃত্যু

author img

By

Published : Mar 19, 2021, 7:01 PM IST

মেক্সিকো চহৰৰ সমীপত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ গুলীচালনা
মেক্সিকো চহৰৰ সমীপত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ গুলীচালনা

বৃহস্পতিবাৰে মেক্সিকো চহৰৰ সমীপত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ গুলীচালনা । আৰক্ষীৰ কনভয়লৈ লক্ষ্য কৰি চলোৱা আক্ৰমণত ৮ গৰাকী আৰক্ষী বিষয়াসহ মুঠ ১৩ জন লোকে প্ৰাণ হেৰুৱায় ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৯ মাৰ্চ: পুনৰ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল মেক্সিকোৰ আৰক্ষী বিষয়া । বৃহস্পতিবাৰে মেক্সিকো চহৰৰ সমীপত আৰক্ষীৰ কনভয়লৈ লক্ষ্য কৰি গুলীচালনা কৰে অস্ত্ৰধাৰী দুৰ্বৃত্তই । ২০১৯ চনৰ অক্টোবৰ মাহৰ পৰা দেশত আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণৰ ভিতৰত এয়া আছিল আটাইতকৈ ডাঙৰ ঘটনা । ২০১৯ চনত মিছোৱাকেনত হোৱা এম্বুছত ১৪ গৰাকী আৰক্ষী বিষয়াৰ মৃত্যু হৈছিল ।

মেক্সিকো চহৰৰ দক্ষিণ-পশ্চিম দিশৰ গ্ৰামাঞ্চলত আৰক্ষীৰ অনুসন্ধান অব্যাহত থকাৰ সময়তে এই ঘটনা সংঘটিত হয় । ৰাজ্যিক ৰাজহুৱা সুৰক্ষা বিভাগৰ মুৰব্বী ৰডৰিগ' মাৰ্টিনেজ চেলিছে কয় যে, স্থল সেনা, নৌসেনা আৰু নেশ্যনেল গাৰ্ডৰ জোৱানসকলে হত্যাকাৰীসকলৰ সন্ধান চলাই আছিল । আকাশমাৰ্গৰ পৰাও তেওঁলোকৰ সন্ধান উলিওৱাৰ চেষ্টা কৰা হৈছিল । এই অঞ্চলটোত বাহৰ পাতি থকা অপৰাধীৰে সৈতে যিকোনো মুহূৰ্ততে যুঁজ দিয়াৰ বাবে আৰক্ষীৰ কনভয়ে অঞ্চলটোত টহল দি আছিল ।

এই আক্ৰমণ আৰক্ষীৰ ওপৰত কৰা হৈছে যদিও পৰোক্ষভাৱে মেক্সিকো চৰকাৰকে লক্ষ্য কৰি লোৱা হৈছে । বিষয়াগৰাকীয়ে কয়, সেনায়ো ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব । আক্ৰমণকাৰী দলটো কোন ঠাইৰ পৰা আহিছিল সেই বিষয়ে কোনো তাৎক্ষণিক সংকেত পোৱা নাছিল ।

চহৰখন ইক্সটাপান দে লা চাল নামেৰে জনাজাত এখন ৰিজৰ্টৰ সমীপতে আছে । সপ্তাহান্তৰত এই ৰিজৰ্টত সময় কটাই ভাল পায় স্থানীয় লোক তথা পৰ্যটকে । কিন্তু এই ৰিজৰ্টখন টেক্সকোৰ দৰে চহৰৰ ওচৰত অৱস্থিত, য'ত উগ্ৰপন্থী সংগঠনৰ আধিপত্য আছে । এই আক্ৰমণে ৰাষ্ট্ৰপতি আন্দ্ৰেছ মেনুৱেল ল'পেজ ওব্ৰাডৰৰ বাবে এক প্ৰত্যাহ্বান আনিছে ।

PLEASE CHANGE THUMBNAIL IMAGE

লগতে পঢ়ক:তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি মাগফুলিৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.