ETV Bharat / entertainment

থিয়েটাৰ মৰণ নথকা এক জীৱন্ত কলা: তপন দাস

author img

By

Published : Sep 16, 2022, 1:35 PM IST

Updated : Sep 16, 2022, 3:18 PM IST

Tapan Das interview
থিয়েটাৰ মৰণ নথকা এক জীৱন্ত কলা:তপন দাস

ইটিভি ভাৰত অসমে আজি আপোনালোকলৈ আগবঢ়াইছো অসমৰ জনপ্ৰিয় অভিনেতা তপন দাসৰ এক সাক্ষাৎকাৰ (Tapan Das interview)-

চিটাৰা ডেস্ক, 16 ছেপ্টেম্বৰ : যেন নতুনকৈ প্ৰাণ পাই উঠিছে অসমৰ ভ্ৰাম্যমাণ জগতে ৷ ক’ভিড মহামাৰীৰ বাবে দুবছৰ দীঘলীয়া বিৰতিৰ অন্তত পুনৰ সজীৱ হৈ পৰিছে নাটকৰ আখৰা গৃহ সমূহ ৷ দৰ্শকক পুনৰ থিয়েটাৰ চোৱাৰ মাদকতাৰে পৰিপূৰ্ণ কৰিবলৈ উৎকৃষ্ট মানদণ্ডৰ নাটকেৰে আগবাঢ়ি আহিছে ভাম্যমাণ থিয়েটাৰ দল সমূহ ৷

অসমৰ এজন জনপ্ৰিয় অভিনেতা তপন দাস বৰদৈচিলা থিয়েটাৰেৰে পুনৰ দৰ্শকৰ মাজলৈ আহিছে (Assamese actor Tapan Das) ৷ স্বভাৱতেই তেনেই সহজ-সৰল মনৰ অভিনেতাজনে ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে নাটক, ছবি থিয়েটাৰ এই গোটেই প্ৰক্ৰিয়াটোৱেই আচলতে এক বাণিজ্য (Tapan Das about bhramyaman theatre) ৷ এই ক্ষেত্ৰটোৰ সৈতে জড়িত হৈ থকা প্ৰতিজনেই আচলতে সমূহীয়া ভাৱে কাম কৰে, গতিকে ই বাণিজ্যতকৈ কোনো গুণে পৃথক নহয় ৷

অভিনয়ৰ ক্ষেত্ৰত কোনো ধৰণৰ সীমাৱদ্ধতাত নিজকে বান্ধি ৰখা নাই আজিলৈকে তপন দাসে ৷ শিল্পী এজনে এক নিৰ্দিষ্ট ধৰণৰ চৰিত্ৰতে সোমাই থাকি যাব নালাগে বুলি বিশ্বাস কৰে তেওঁ ৷ লগতে তেওঁ সময়ে সময়ে সলনি হোৱা দৰ্শকৰ ৰুচিৰ কথাও উল্লেখ কৰে ৷

শুনোচোন আহক সাক্ষাৎকাৰত কিনো ক’লে অভিনেতাজনে-

থিয়েটাৰ মৰণ নথকা এক জীৱন্ত কলা:তপন দাস

লগতে পঢ়ক : Sudarshan Theatre rehearsal: দুটা বছৰৰ অন্তত পুনৰ প্ৰাণ পাই উঠিছে ভ্ৰাম্যমাণ থিয়েটাৰ

Last Updated :Sep 16, 2022, 3:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.