ETV Bharat / entertainment

Urvashi Rautela news:এইবাৰ সোলাল চয়াদাৰ সৈতে নাম সাঙোৰ খাইছে উৰ্ৱশী ৰৌতেলাৰ

author img

By

Published : Feb 7, 2023, 1:55 PM IST

Is Urvashi Rautela dating Solal Sayada
উৰ্ৱশী ৰৌতেলাৰ প্ৰেম

উৰ্ৱশী ৰৌতেলাৰ শেহতীয়া ছ’চিয়েল মিডিয়া পোষ্টে ডেটিঙৰ উৰাবাতৰিৰ সূচনা কৰিছে । সোলাল চয়াদাৰ সৈতে চেলফি শ্বেয়াৰ কৰাৰ পিছত এতিয়া অভিনেত্ৰী গৰাকীয়ে তেওঁলোকে একেলগে ঘূৰি থকা নতুন ফটো শ্বেয়াৰ কৰিছে (Urvashi Rautela news) । ছ’চিয়েল মিডিয়াত উৰ্ৱশী আৰু সোলালৰ ফটো ভাইৰেল হৈ থকাৰ সময়তে অনুৰাগীসকলে এইয়া জানিবলৈ আগ্ৰহী যে অভিনেত্ৰী গৰাকীয়ে ঋষভ পাণ্টৰ অধ্যায়ৰ সামৰণি মাৰিছে নেকি ?

চিটাৰা ডেস্ক, 7 ফেব্ৰুৱাৰী : পুনৰ এবাৰ ডেটিঙৰ বাতৰিৰে চৰ্চালৈ আহিছে বলীউডৰ অভিনেতা উৰ্ৱশী ৰৌতেলা ৷ সোলাল চয়াদাৰ সৈতে উৰ্ৱশীৰ ফটোৱে খলকনি লগাইছে সামাজিক মাধ্যমত ৷ সোলাল চয়াদাৰ সৈতে পূৰ্বেও উৰ্ৱশীয়ে ফটো শ্বেয়াৰ কৰিছে ৷ কিন্তু এতিয়া ফ্ৰান্সৰ পেৰিছৰ পৰা শ্বেয়াৰ কৰা ফটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ চয়াদাৰ সৈতে ইখনৰ পিছত সিখনকৈ ফটো শ্বেয়াৰ কৰি থকাৰ বাবে উৰ্ৱশীৰ অনুৰাগীসকল কৌতুহলী হৈ পৰিছে ৷ সকলোৱে জানিব বিচাৰিছে ঋষভৰ সৈতে সকলো শেষ নেকি তেওঁৰ ?

Is Urvashi Rautela dating Solal Sayada
সোলাল চয়াদা

মঙলবাৰে উৰ্ৱশীয়ে ছ’চিয়েল মিডিয়াত পেৰিছৰ এখন ৰেষ্টুৰেণ্টৰ পৰা ধাৰাবাহিকভাৱে কেইবাখনো ফটো শ্বেয়াৰ কৰে । অভিনেত্ৰী গৰাকীয়ে স্বচ্ছ টপ পিন্ধা দেখা গৈছে যিটো তেওঁ ক’লা ৰঙৰ ক্ৰপ টপ আৰু এযোৰ ডেনিমৰ সৈতে যুটি বান্ধি পিন্ধিছিল । সোলালে ক্লিক কৰা ছবিবোৰত উৰ্ৱশীক সাংঘাতিক আকৰ্ষণীয় ৰূপত দেখা গৈছে । তিনিখন ছবিৰ ক্ৰমটোত সোলালে নিজৰ কিলাৰ লুক দেখুৱাইছে ।

উৰ্ৱশীৰ টাইমলাইনত প্ৰথমবাৰৰ বাবে ওলোৱা নাই সোলাল । বিগত সপ্তাহত ৰৌতেলাই চেভাল ব্লাংক পেৰিছৰ পৰা সোলালৰ সৈতে এখন চেলফি শ্বেয়াৰ কৰিছিল, যিটো স্থান প্ৰেমিক-প্ৰেমিকাৰ বাবে লগ পোৱাৰ গোপনীয় আশ্ৰয়স্থল বুলি গণ্য কৰা হয় (Urvashi Rautela instagram) । ছবিখন শ্বেয়াৰ কৰি উৰ্ৱশীয়ে সোলালক টেগ কৰি লিখিছে, "Je ne regrette rien," যাৰ অৰ্থ ইংৰাজীত হৈছে "সঁচা কথা ক'বলৈ গ'লে, মোৰ কোনো অনুশোচনা নাই" ৷

সোলালৰ সৈতে উৰ্ৱশীৰ শেহতীয়া পোষ্টসমূহে অনুৰাগীক সোলাল সন্দৰ্ভত কৌতুহলী কৰি তুলিছে আৰু তেওঁ ঋষভ পাণ্টৰ সৈতে সকলো শেষ কৰিলে নেকি সেই বিষয়ে জানিবলৈ উৎসুক হৈ পৰিছে অনুৰাগীসকল । পিছে সকলোৱে জানিব বিচাৰিছে কোন এই সোলাল চয়াদা ? উৰ্ৱশী উৰাবাতৰি প্ৰেমিক সোলাল পেৰিছৰ এজন দন্ত চিকিৎসক ।

উৰ্ৱশীয়ে সোলালৰ সৈতে ছবি শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পিছতে অনুৰাগীসকলে প্ৰশ্ন উত্থাপন কৰিছে ‘ঋষভ পাণ্ট কা ক্যা হোগা? (ঋষভ পন্তৰ কি হ'ব?) কমেণ্ট ছেকচনলৈ লৈ গৈ এজন ইউজাৰে লিখিলে, "কি হৈছে মেডাম"? আনহাতে আন এজনে লিখিছে, "ইছ চে বঢ়িয়া তো ঋষভ থা পাগলি (ঋষভ ইয়াতকৈ ভাল আছিল)" ৷ আনকি এজন অনুৰাগীয়ে প্ৰশ্ন কৰিলে যে, "বিবাহ কেতিয়া"?

যোৱা মাহত গাড়ী দুৰ্ঘটনাৰ পিছত ঋষভ চিকিৎসাধীন হৈ থকা চিকিৎসালয়খনৰ এখন ছবি শ্বেয়াৰ কৰাৰ পিছতে উৰ্ৱশীক যথেষ্ট ট্ৰ’ল কৰা হৈছিল । যোৱা বছৰ উৰ্ৱশী আৰু ঋষভ দীৰ্ঘদিন ধৰি বাতৰিত আছিল আৰু তেওঁলোকক লৈ যথেষ্ট মিম শ্বেয়াৰ হৈছিল । ঋষভে "মেৰা পিছা চোড়ো বেহেন" মন্তব্যৰে নিজৰ পক্ষ পৰিষ্কাৰ কৰিছিল যদিও উৰ্ৱশীয়ে ক্ৰিপটিক পোষ্টেৰে ক্ৰিকেটাৰগৰাকীৰ প্ৰতি থকা প্ৰেমক প্ৰমাণ কৰি আছিল (Urvashi Rautela Rishabh Pant news)।

লগতে পঢ়ক : Paresh Rawal latest news: বাংলা সম্প্ৰদায়ৰ ওপৰত কৰা মন্তব্যৰ গোচৰত পৰেশ ৰাৱালক কলকাতা উচ্চ ন্যায়ালয়ে দিলে সকাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.