ETV Bharat / entertainment

প্ৰভাস অভিনীত ছালাৰৰ অগ্ৰিম বুকিং কেতিয়াৰ পৰা আৰম্ভ হ’ব?

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 10:28 AM IST

When will start advance booking for Salaar Part 1 Ceasefire?
ছালাৰৰ অগ্ৰিম বুকিং

Salaar Advance Booking: প্ৰভাসৰ বহু প্ৰত্যাশিত ছবি ‘ছালাৰ’ক লৈ এক বিশেষ খবৰ ওলাইছে । অহা ২২ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব ছবিখন । মুক্তিৰ ইমান দিন আগতে ছবিখনৰ অগ্ৰিম বুকিং আৰম্ভ কৰা হ’ব ।

চিটাৰা ডেস্ক, ৫ ডিচেম্বৰ: এনিমেল আৰু ছেম বাহাদুৰ ছবি দুখনৰ পিচত এই বছৰটোৰ শেষৰ দুখন বহু প্ৰত্যাশিত ছবি হৈছে ডাংকি আৰু ছালাৰ । এই ছবি দুখনৰ বাবে এতিয়া অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগী ৷ দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাসৰ অভিনীত হাই ভল্টেজ একচন থ্ৰিলাৰ ‘ছালাৰ’ ছবিখন অহা ২২ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব । শেহতীয়াকৈ ছবিখনৰ অগ্ৰিম বুকিঙৰ কথা ঘোষণা কৰা হৈছে ।

প্ৰভাসৰ ছবি ‘ছালাৰ’ৰ অগ্ৰিম বুকিং কেতিয়াৰ পৰা আৰম্ভ হ’ব ?

কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছিল ছবিখনৰ ট্ৰেইলাৰ, লগতে ছবিখনৰ নিৰ্মাতাই ছবিখনৰ অগ্ৰিম বুকিঙৰ বিষয়েও তথ্য প্ৰদান কৰিছিল । এই তথ্য ‘ছালাৰ’ৰ ট্ৰেইলাৰৰ শেষত দিয়া হৈছিল । উল্লেখ্য যে, ১৫ ডিচেম্বৰৰ পৰা ছবিখনৰ অগ্ৰিম বুকিং আৰম্ভ হ’ব ।

শ্বাহৰুখ খানৰ ডাংকিৰ সৈতে সংঘৰ্ষ হ’ব ছালাৰৰ

উল্লেখ্য যে, প্ৰভাসৰ ছবি ছালাৰৰ লগতে শ্বাহৰুখ খানৰ ডাংকি ছবিখনো অহা ২২ ডিচেম্বৰত বক্স অফিচত মুক্তি পাব । অৰ্থাৎ একেদিনাই দুয়োখন ছবি বক্স অফিচত মুক্তি পাব ৷ এনে পৰিস্থিতিত উপাৰ্জনৰ ক্ষেত্ৰত কোনখন ছবি আগবাঢ়িব, সেয়া মুক্তিৰ পিচতহে গম পোৱা যাব ।

ছবিখনৰ ট্ৰেইলাৰ

‘ছালাৰ’ৰ ট্ৰেইলাৰৰ কথা ক’বলৈ গ’লে প্ৰশান্ত নীলৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ জোৰদাৰ ট্ৰেইলাৰটোৱে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে । ট্ৰেইলাৰত প্ৰভাসৰ আকৰ্ষণীয় এন্ট্ৰি দেখুওৱা হৈছে । ট্ৰেইলাৰত থকা ডাৰ্ক আৰু মাইনছৰ দৃশ্যৰ বাবে এই ছবিখনে কেজিএফৰ কথা মনত পেলাই দিয়ে । যাৰ বাবে প্ৰভাসৰ অনুৰাগী কিছু হতাশ হৈছে।

এই ছবিখনৰ অভিনেতা-অভিনেত্ৰী

ছবিখনত প্ৰভাসৰ লগতে মুখ্য নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছে শ্ৰুতি হাছানে ৷ ইয়াৰ উপৰিও জগপতি বাবু আৰু পৃথ্বীৰাজ সুকুমাৰণেও গুৰত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব । ইফালে ছবিখনৰ জোৰদাৰ ট্ৰেইলাৰটো চোৱাৰ পিচত এই ছবিখনে ‘কে জি এফ’ আৰু ‘বাহুবলী’ৰ দৰে ছবিৰ অভিলেখ ভংগ কৰিব পাৰে বুলি অনুমান কৰা হৈছে ।

লগতে পঢ়ক: মুক্তিৰ চতুৰ্থ দিনত কিমান উপাৰ্জন কৰিলে এনিমেলে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.