ETV Bharat / entertainment

মুক্তিৰ চতুৰ্থ দিনত কিমান উপাৰ্জন কৰিলে এনিমেলে ?

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 2:28 PM IST

Animal Advance Booking Day 4: বক্স অফিচত ঢৌ তুলিছে ৰণবীৰ কাপুৰৰ 'এনিমেল' এ । ছবিখনৰ বাম্পাৰ এডভান্স বুকিং কৰা হৈছে । 'এনিমেল' মুক্তিৰ চতুৰ্থ দিনৰ অগ্ৰিম বুকিঙত কিমান উপাৰ্জন কৰিলে জানো আহক ।

Animal box office collection: Ranbir Kapoor film breaches Rs 200 crore mark in 3 days, early estimates for first Monday look promising
ৰণবীৰ কাপুৰৰ 'এনিমেল চতুৰ্থ দিনাৰ উপাৰ্জন

চিটাৰা ডেস্ক, ৪ ডিচেম্বৰ : ‘এনিমেল’ ছবিখনে মুক্তিৰ পাচতে বক্স অফিচত চুনামিৰ সৃষ্টি কৰিছে ৷ এই ছবিখনত ৰণবীৰক ইয়াৰ পূৰ্বে কোনো দিনে নেদেখা অৱতাৰত দেখা পোৱা গৈছে ৷ যাৰবাবে দৰ্শকৰ পৰা ছবিখনে যথেষ্ট সঁহাৰি লাভ কৰিছে আৰু বক্স অফিচত ছবিখনে প্ৰত্যেক দিনা নতুন নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । সেয়েহে, মুক্তিৰ তিনিদিনত এই ক্ৰাইম ড্ৰামা ছবিখনে ঘৰুৱা বক্স অফিচত ২০০ কোটিৰো অধিক ধন উপাৰ্জন কৰিছে। আগতীয়াকৈ বুকিঙৰ পৰাও ছবিখনে যথেষ্ট ধন উপাৰ্জন কৰিছে । জানো আহক 'এনিমেল'ৰ চতুৰ্থ দিনৰ বাবে কিমান অগ্ৰিম বুকিং কৰা হৈছে ।

চতুৰ্থ দিনা 'এনিমেল'ৰ অগ্ৰিম বুকিং ৰিপ’ৰ্ট কেনেকুৱা ?

৬৩.৮ কোটি টকাৰে মুকলি হোৱা এই ছবিখনে উইকেণ্ডত সকলো অভিলেখ ভংগ কৰে । ছেকনিল্কৰ প্ৰতিবেদন অনুসৰি শনিবাৰে ছবিখনে ৬৬.২৭ কোটি টকা সংগ্ৰহ কৰাৰ বিপৰীতে দেওবাৰে ছবিখনৰ উপাৰ্জন হৈছে ৭২.৫০ কোটি টকা । ইয়াৰ লগে লগে ছবিখনে তিনিদিনত ভাৰততে উপাৰ্জন কৰে ২০২.৫৭ কোটি টকা । ছবিখনৰ প্ৰতি দৰ্শকৰ উন্মাদনা দেখিলে ক’ব পাৰি যে সোমবাৰেও ছবিখনে উত্তম ব্যৱসায় কৰিব বুলি আশা কৰা হৈছে । বৰ্তমান ছবিখনৰ সোমবাৰ অৰ্থাৎ মুক্তিৰ চতুৰ্থ দিনৰ অগ্ৰিম বুকিঙৰ পৰিসংখ্যাই এই কথা নিশ্চিত কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">
  • ছেকনিল্কৰ প্ৰতিবেদন অনুসৰি চতুৰ্থ দিনা অগ্ৰিম বুকিং কৰি প্ৰায় ১১ কোটি টকা উপাৰ্জন কৰিছে এনিমেলে ।
  • ছবিখনৰ চতুৰ্থ দিনৰ এডভান্স বুকিঙৰ পৰিসংখ্যা অতি উত্তম । এনে পৰিস্থিতিত সোমবাৰে বক্স অফিচত ‘এনিমেল’ ছবিখনে কিমান কোটি টকা সংগ্ৰহ কৰিব সেয়া লক্ষণীয় হ’ব ।

সন্দীপ ৰেড্ডী ভাংগাই পৰিচালনা কৰিছে ‘এনিমেল’

উল্লেখ্য যে, 'এনিমেল'ৰ পৰিচালনা কৰিছে সন্দীপ ৰেড্ডী ভাংগাই । ছবিখনত ৰণবীৰ কাপুৰৰ উপৰিও ববি দেওলে তেওঁৰ উগ্ৰ অৱতাৰেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । অৱশ্যে ছবিখনত অতি কম সময়ৰ বাবে দেখুওৱা হয় ববি দেওলক ৷ কিন্তু ববি দেওলৰ ১৫ মিনিটৰ চৰিত্ৰটোৱেও দৰ্শকৰ হৃদয় চুই যায় । একে সময়তে ‘এনিমেল’ত ৰশ্মিকা মান্দান্না আৰু অনিল কাপুৰৰ অভিনয়কো যথেষ্ট প্ৰশংসা কৰা হৈছে । বৰ্তমান এই ছবিখন দেশৰ লগতে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় ছবিক চেৰ পেলাই শীৰ্ষস্থান দখল এনিমেলৰ, বিশ্বজুৰি কিমান উপাৰ্জন কৰিলে ছবিখনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.