ETV Bharat / entertainment

Actor Dalip Tahil sentenced jail: বলীউডৰ অভিনেতা দালিপ টাহিলক দুমাহৰ কাৰাদণ্ড

author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 1:15 PM IST

Actor Dalip Tahil sentenced jail
বলীউডৰ অভিনেতা দালিপ টাহিলক দুমাহৰ কাৰাদণ্ড

হিট এণ্ড ৰাণ গোচৰত আদালতে দোষী সাব্যস্ত কৰে বলীউডৰ অভিনেতা দালিপ টাহিলক । দুমাহৰ কাৰাদণ্ড প্ৰদান কৰে অভিনেতা টাহিলক । এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

চিটাৰা ডেস্ক,২২ অক্টোবৰ : ২০১৮ চনৰ এক পুৰণি গোচৰত দোষী সাব্যস্ত বলীউডৰ বিশিষ্ট নেতা দালিপ টাহিল । হিট এণ্ড ৰাণ গোচৰত অভিনেতাগৰাকীক দুমাহৰ কাৰাদণ্ড প্ৰদান কৰে আদালতে । অভিযোগ অনুসৰি অভিনেতাগৰাকীয়ে সুৰাপান কৰি বাহন চলাইছিল আৰু তেওঁৰ বাহনে খুন্দিয়াইছিল এগৰাকী মহিলাক । দীৰ্ঘদিন ধৰি এই বিষয়টোৰ বিচাৰ প্ৰক্ৰিয়া চলি আছিল । পাছত এগৰাকী চিকিৎসকৰ প্ৰমাণৰ ওপৰত ভিত্তি কৰি অভিনেতাগৰাকীক দোষী সাব্যস্ত কৰা হয় । ইফালে ২০১৮ চনত গ্ৰেপ্তাৰ হোৱাৰ সময়ত দালিপ টাহিলে সুৰাৰ পৰীক্ষাৰ বাবে তেজৰ নমুনা প্ৰদান কৰা নাছিল আৰু আৰক্ষীক সহযোগিতা কৰিবলৈ অস্বীকাৰ কৰিছিল ।

উল্লেখ্য যে সন্দেহৰ আৱৰ্তত থকা এই ঘটনাটোত দালিপৰ বাহন আৰু এখন অটোৰিক্সাৰ মাজৰ সংঘৰ্ষ আছিল । যাৰ ফলত দুগৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত হৈছিল । অভিযোগ অনুসৰি দুৰ্ঘটনাৰ পাছত অভিনেতাগৰাকী প্ৰথমে ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰিছিল কিন্তু গণেশ বিসৰ্জন শোভাযাত্ৰাৰ ফলত হোৱা যান-জঁটৰ ফলত তেওঁ পলায়ন কৰিব পৰা নাছিল ।

দুগৰাকী যাত্ৰীয়ে অৱশেষত দালিপৰ বাহনখন প্ৰত্যক্ষ কৰে আৰু তেওঁৰ সৈতে তৰ্কত লিপ্ত হয় । তেওঁলোকৰ মাজত কাজিয়া হৈছিল আৰু অৱশেষত আৰক্ষীক অৱগত কৰা হয় । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিনেতা দালিপ টাহিলক জিম্মাত লয় । দুৰ্ঘটনাটোত এগৰাকী যাত্ৰীয়ে পিঠি আৰু ডিঙিত গুৰুতৰভাৱে আঘাত পাইছিল ।

বাজিগাৰ, কয়ামত চে কয়ামত তক, কহো না প্যাৰ হে আৰু মিছন মঙ্গলৰ দৰে আইকনিক চলচ্চিত্ৰকে ধৰি ১০০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে । অৱশ্যে দালিপ টাহিলে এতিয়ালৈ তেওঁৰ শাস্তিক লৈ ৰাজহুৱাভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । লক্ষণীয়ভাৱে শেহতীয়া মাহবোৰত তেওঁৰ কিছুমান হাস্যকৰ ভিডিঅ'ৰ বাবে সামাজিক মাধ্যমত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :Vivek Agnihotri: পুনৰবাৰ এক নতুন কাহিনী লৈ আহি আছে বিবেক অগ্নিহোত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.