ETV Bharat / entertainment

Vivek Agnihotri: পুনৰবাৰ এক নতুন কাহিনী লৈ আহি আছে বিবেক অগ্নিহোত্ৰী

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 6:14 PM IST

বলীউডৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে পুনৰবাৰ নিজৰ ছবিৰ জৰিয়তে ডাঙৰ পৰ্দাত আলোড়নৰ সৃষ্টি কৰিবলৈ সাজু হৈছে । আজি অৰ্থাৎ ২১ অক্টোবৰত তেওঁ নিজৰ নতুন প্ৰজেক্টৰ বিষয়ে ঘোষণা কৰিলে এই ঘোষণা ।

Vivek Agnihotri
বিবেক অগ্নিহোত্ৰী

চিটাৰা ডেস্ক, 21 অক্টোবৰ: ‘দ্য তাছকেন্দ ফাইলছ’, ‘দ্য কাশ্মীৰ ফাইলছ’, ‘দ্য ভেকচিন ৱাৰ’ৰ দৰে উৎকৃষ্ট ছবি নিৰ্মাণ কৰা পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়ে এতিয়া অতি শীঘ্ৰেই আন এখন ছবি নিৰ্মাণ কৰিবলৈ সাজু হৈছে ৷

ইয়াৰ লগতে তেওঁৰ নতুন প্ৰজেক্টৰ কথাও ঘোষণা কৰিছে ৷ বিবেক অগ্নিহোত্ৰীৰ নতুন ছবিখনৰ নাম হ’ব ‘পৰ্ব: এন এপিক টেইল অফ ধৰ্মা’, যিখন এছ এল ভৈৰপ্পাৰ ‘পৰ্ব’ গ্ৰন্থৰ আধাৰত নিৰ্মিত ৷

বিবেক অগ্নিহোত্ৰীৰ ঘোষণা

বিবেক অগ্নিহোত্ৰীয়ে আজি অৰ্থাৎ ২১ অক্টোবৰত বেংগালুৰুত ছবিখনৰ কথা ঘোষণা কৰি এই তথ্য তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ইনষ্টাগ্ৰামযোগে সদৰী কৰে ৷ এটা পোষ্টত ‘পৰ্ব’ৰ পোষ্টাৰ শ্বেয়াৰ কৰাৰ সময়ত তেওঁ লিখিছে, ‘বৃহৎ ঘোষণা, মহাভাৰতৰ ইতিহাস নে পৌৰাণিক কাহিনী ? পদ্ম ভূষণ ড° এছ এল ভৈৰপ্পাৰ 'মডাৰ্ণ ক্লাছিক' উপস্থাপন কৰাৰ বাবে আমি ভগৱানৰ ওচৰত কৃতজ্ঞ ৷ পৰ্ব-ধৰ্মৰ এক মহাকাব্য কাহিনী ৷ এই কাৰণেই এই ইয়াক ‘মাষ্টাৰপিছ অৱ মাষ্টাৰপিছ’ বুলি অভিহিত কৰা হৈছে ৷

ছবিখনৰ কাম আৰম্ভ হৈছে

ইয়াৰ পিছতে এটা ভিডিঅ’ শ্বেয়াৰ কৰা হয়, য’ত পৰিচালক বিবেক অগ্নিহোত্ৰী আৰু এছ এল ভৈৰপ্পাই চুক্তিত স্বাক্ষৰ কৰা দেখা গৈছে ৷ ইয়াৰ সমান্তৰালকৈ তেওঁ এই ভিডিঅ’টোত ‘পৰ্ব’ কি সেই কথাও বিবৰি কয় ৷ ভিডিঅ’টো শুনাৰ পিছত অনুমান কৰিব পাৰি যে এই ছবিখনৰ কাহিনী মহাভাৰতৰ আধাৰত নিৰ্মাণ হ’বলৈ গৈ আছে ৷ ইয়াৰ লগতে এই ছবিখন তিনিটা ভাগত হ’ব, যাৰ কামো ইতিমধ্যে আৰম্ভ হৈছে ৷

ব্যৱহাৰকাৰীসকলে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল

বিবেক অগ্নিহোত্ৰীৰ নতুন প্ৰজেক্টক লৈ ব্যৱহাৰকাৰীয়ে নিজৰ প্ৰতিক্ৰিয়া দিয়া দেখা গৈছে ৷ মন্তব্যটোত এজন ব্যৱহাৰকাৰীয়ে পৰিচালকজনক তেওঁৰ নতুন প্ৰজেক্টৰ বাবে অভিনন্দন জনাইছে ৷ একে সময়তে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘চিনেমাখনৰ বাবে অতি আগ্ৰহী’ ৷ তৃতীয় এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘আপোনাৰ নতুন প্ৰজেক্টৰ বাবে অভিনন্দন ছাৰ, নতুন যুগৰ ‘পৰ্ব’লৈ আগ্ৰহী ৷ ইয়াৰ লগতে আন বহু লোকেও তেওঁক এই নতুন প্ৰজেক্টৰ বাবে অভিনন্দন জ্ঞাপন কৰে ৷

লগতে পঢ়ক: Kangana Ranaut Post: নৱৰাত্ৰিত ভতিজা লাভ কংগনা ৰাণাৱটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.