ETV Bharat / entertainment

Urvashi Rautela news: ঋষভ পণ্টৰ স্বাস্থ্যৰ সন্দৰ্ভত উৰ্ৱশীয়ে ক’লে; ‘‘আমাৰ প্ৰাৰ্থনা তেওঁৰ লগত আছে’’

author img

By

Published : Feb 17, 2023, 7:44 PM IST

Urvashi Rautela
উৰ্ৱশী ৰৌতেলা

ঋষভ পণ্টৰ স্বাস্থ্য সন্দৰ্ভত অভিনেত্ৰী উৰ্ৱশী ৰৌতেলাৰ নতুন বক্তব্য চৰ্চালৈ আহিছে (Urvashi Rautela latest news) ৷ যেতিয়া পাপাৰাজ্জীয়ে অভিনেত্ৰী গৰাকীক ক্ৰিকেটাৰগৰাকীৰ স্বাস্থ্যৰ বিষয়ে সুধিছিল তেওঁ স্পষ্ট শব্দৰে কয় যে, আমাৰ প্ৰাৰ্থনা তেওঁৰ লগত আছে ।

চিটাৰা ডেস্ক, 17 ফেব্ৰুৱাৰী : বলীউডৰ ধুনীয়া আৰু সাহসী অভিনেত্ৰী উৰ্ৱশী ৰৌতেলাৰ নাম ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পণ্টৰ সৈতে প্ৰায়ে উত্থাপিত হৈ থাকে । উৰ্ৱশীয়েও নিজৰ ছ’চিয়েল মিডিয়াত পোষ্টবোৰ এনেকৈ দিয়ে, সেই দেখি সকলোৱে অনুমান কৰে যে, অভিনেত্ৰী গৰাকীয়ে পোষ্টটো নিশ্চয়কৈ ঋষভৰ বাবেই দিছে ৷ ছ'চিয়েল মিডিয়াত সক্ৰিয় ৰূপত থাকে উৰ্ৱশী ৰৌতেলা ৷ নেটিজেনে কিবা সুৰুঙা বিচাৰি পায়েই দুয়োৰে নাম সংযুক্ত কৰিবলৈ (Urvashi Rautela on Rishabh Pant) ৷

উৰ্ৱশী ৰৌতেলাৰ পোষ্টবোৰে দৰাচলতে অনুৰাগীৰ মাজত উত্তেজনাৰ সৃষ্টি কৰে লগতে অভিনেত্ৰী গৰাকীয়ে মিম জগতলৈ নিজেই নিজক আমন্ত্ৰণ জনাই লয় (Urvashi Rautela spoke about Rishabh Pant) ৷ শেহতীয়াকৈ, ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈছে, য'ত উৰ্ৱশী ৰৌতেলাক ঋষভৰ সুস্থতাৰ বাবে প্ৰাৰ্থনা কৰা দেখা গৈছে (Urvashi Rautela on Rishabh Pant)।

উৰ্ৱশী ৰৌতেলা আৰু ঋষভ পণ্টৰ বিষয়টোৱে বিগত বছৰৰ পৰাই নেটিজেনক আমোদ দি আহিছে (Urvashi Rautela Rishabh Pant news) ৷ ঋষভ আথবা RP এই বৰ্ণ কেইটাৰ সৈতে উৰ্ৱশী ৰৌতেলাৰ যেন এক এৰাব নোৱাৰা সম্পৰ্ক ৷ প্ৰতিবাৰেই কোনোবা নতুন কাৰোবাৰ সৈতে ফটো শ্বেয়াৰ কৰিলেও বেছিভাগ তেওঁলোকৰ নামসমূহো ইয়াৰ মাজতে সীমাৱদ্ধ হৈ থাকে ৷

আপোনালোকক জনাও যে উৰ্ৱশী ৰৌতেলাৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে, যিটো আহিছে বিমানবন্দৰৰ পৰা । বিমানবন্দৰত দেখা পোৱা উৰ্ৱশী ৰৌতেলাৰ ভিডিঅ’টোত লাইক আৰু কমেন্টৰ ঢৌ উঠিছে । ভিডিঅ’টোত ৰঙা ৰঙৰ সাজ পিন্ধা দেখা গৈছে অভিনেত্ৰী গৰাকীক । সম্পূৰ্ণ ৰঙা সাজত তেওঁক অতি ধুনীয়া দেখা গৈছে । এযোৰ চশমা আৰু খোলা চুলিৰে এই এয়াৰপ’ৰ্ট লুকটো আকৰ্ষণীয় কৰি তোলে তেওঁ ৷

আমাৰ প্ৰাৰ্থনা ঋষভ পণ্টৰ সৈতে আছে:

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত পাপাৰাজ্জীয়ে উৰ্ৱশী ৰৌতেলাক সুধি থকা দেখা গৈছে যে আপুনি ঋষভ পণ্টৰ শেহতীয়া ফটোখন দেখিছেনে ? তাৰ পিছত উৰ্ৱশী ৰৌতেলাই হয় বুলি উত্তৰ দিয়ে । আন এজনে কয় যে ঋষভ ছাৰ সুস্থ হৈ উঠিছে আৰু গোটেই দেশে তেওঁৰ বাবে প্ৰাৰ্থনা কৰিছে (Rishabh Pant health update), তেতিয়া উৰ্ৱশীয়ে কয় হয়, আমাৰ প্ৰাৰ্থনাও তেওঁৰ লগত আছে ।

লগতে পঢ়ক : Swara Fahad news:স্বামী ফাহাদক ভাই বুলি সম্বোধন কৰে স্বৰাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.