ETV Bharat / entertainment

Urvashi Rautela shares Ambani hospital pic: ঋষভ পন্তৰ চিকিৎসা চলি থকাৰ ফটো শ্বেয়াৰ কৰিলে উৰ্বশী ৰৌতেলাই

author img

By

Published : Jan 6, 2023, 2:17 PM IST

Urvashi Rautela shares ambani hospital pic
গোপনীয় পোষ্টেৰে সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি উৰ্বশী ৰৌতেলাৰ

উৰ্বশী ৰৌতেলাই আকৌ এবাৰ গোপনীয় পোষ্টেৰে সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে । অভিনেত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে চিকিৎসালয়খনৰ ফটো শ্বেয়াৰ কৰিছিল য'ত ঋষভ পন্তক বুধবাৰে ডেৰাডুনৰ পৰা বিমানযোগে লৈ যোৱাৰ পাছত চিকিৎসা কৰা হৈছে(Urvashi Rautela shares ambani hospital pic) ।

চিটাৰা ডেস্ক,৬ জানুৱাৰী: ক্ৰিকেটাৰ ঋষভ পন্ত পথ দুৰ্ঘটনাত পতিত হোৱাৰ পিছৰে পৰাই বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰৌতেলাই ছচিয়েল মিডিয়াত বিভিন্ন গোপনীয় পোষ্ট শ্বেয়াৰ কৰি থকা পৰিলক্ষিত হৈছে(Urvashi Rautela cryptic posts for rishabh pant ) । ক্ৰিকেটাৰগৰাকীৰ আৰোগ্য কামনা কৰি প্ৰাৰ্থনা কৰাৰ দৰে এটা শব্দৰ বাৰ্তা শ্বেয়াৰ কৰাৰ পৰা ক্ৰিকেটাৰগৰাকীক চিকিৎসা প্ৰদান কৰি থকা চিকিৎসালয়খনৰ ফটোও শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । উৰ্বশীৰ সামাজিক মাধ্যমৰ পোষ্টবোৰৰ পৰা ঋষভৰ সৈতে তেওঁৰ কিবা সম্পৰ্ক আছে বুলি অনুৰাগীসকলে অনুমান কৰিছে(Urvashi Rautela instagram) ।

বৃহস্পতিবাৰে, উৰ্বশীয়ে ইনষ্টাগ্ৰাম ষ্ট'ৰীজত কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানখনৰ এখন ফটো শ্বেয়াৰ কৰে য'ত ক্ৰিকেটাৰজনক বুধবাৰে ডেৰাডুনৰ মেক্স হস্পিটেলৰ পৰা এয়াৰ-লিফ্ট কৰা হৈছিল(Urvashi Rautela shares ambani hospital pic) । উৰ্বশীয়ে স্পষ্ট কৰা নাই যে তেওঁ ক্ৰিকেটাৰজনক সাক্ষাৎ কৰিছিল নে নাই । কিন্তু তেওঁ পোষ্টটো শ্বেয়াৰ কৰাৰ পিছতেই ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল আৰু অনুৰাগীসকলে অনুমান কৰিবলৈ আৰম্ভ কৰিছিল যে অভিনেত্ৰীগৰাকীয়ে পন্তক চিকিৎসালয়ত সাক্ষাৎ কৰিছে(Urvashi Rautela Rishabh pant news ) ।

Urvashi Rautela shares ambani hospital pic
কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ এখন ফটো

উল্লেখ্য যে, ৩০ ডিচেম্বৰত পথ দুৰ্ঘটনাত পতিত হোৱাৰ পিছত ডেৰাডুনত চিকিৎসা গ্ৰহণ কৰি থকা ঋষভক এয়াৰ এম্বুলেন্সত মুম্বাইলৈ অনা হৈছিল(rishabh pant car accident) । জানিব পৰা গৈছিল যে তেওঁ গাড়ীখনত অকলে আছিল আৰু দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত তেওঁ টোপনি গৈছিল বুলি জনা গৈছে । ক্ৰিকেটাৰজন ৩০ ডিচেম্বৰত এক মাৰাত্মক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছিল । শৰীৰ কিছু অংশ অগ্নিদগ্ধ হোৱাৰ বাবে প্লাষ্টিক চাৰ্জাৰীৰ পৰামৰ্শ দিছিল চিকিৎসকে । দিল্লীৰ পৰা ৰুৰকীলৈ উভতি অহাৰ সময়ত তেওঁ দুৰ্ঘটনাটোৰ সন্মুখীন হৈছিল । তেওঁৰ গাড়ীখনে হাম্মাদপুৰ ঝালৰ ওচৰৰ ৰুৰকীৰ নৰচান সীমান্তৰ ডিভাইডাৰত খুন্দা মাৰিছিল ।

ইফালে, পন্তৰ দুৰ্ঘটনাৰ পিছত এইটো উৰ্বশীৰ দ্বিতীয়টো গোপনীয় পোষ্ট । ইয়াৰ পূৰ্বে তেওঁ টুইটাৰত "Praying for you" বুলি এক বাৰ্তাৰ সৈতে এখন ফটো আপলোড কৰিছিল । যিটো পোষ্ট অনুৰাগীসকলে ঋষভৰ বাবে বুলি সন্দেহ কৰিছিল । কোনো ব্যক্তিৰ নাম উল্লেখ নকৰাকৈ উৰ্বশীয়ে টুইটাৰৰ জৰিয়তে লিখিছিল, "মই আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সুস্থতাৰ বাবে প্ৰাৰ্থনা কৰোঁ" । উল্লেক্ষণীয় যে উৰ্বশী সন্দৰ্ভত এক উৰাবাতৰি আৰম্ভ হৈছিল যে ঋষভ আৰু উৰ্বশীক ২০১৮ চনত মুম্বাইৰ বহুতো জনপ্ৰিয় ৰেষ্টুৰেণ্ট, পাৰ্টি আৰু বিভিন্ন অনুষ্ঠানত একেলগে প্ৰৱেশ আৰু প্ৰস্থান কৰা দেখা গৈছিল ।

ইয়াৰ উপৰিও দুয়ো ডেটিঙতো গৈছিল বুলি প্ৰকাশ পাইছিল বাতৰি । কিছুদিন পিছত একেটা বছৰতে এক প্ৰতিবেদনত দাবী কৰা হৈছিল যে দুয়োজনে ইজনে সিজনক হোৱাটছএপত ব্লক কৰিছে । ২০১৯ চনত ঋষভ পন্তে এই উৰাবাতৰিবোৰ নস্যাৎ কৰি তেওঁৰ প্ৰেমিকা ঈশা নেগীৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা ঘোষণা কৰে । ঋষভে ইনষ্টাগ্ৰামত ঈশাৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল আৰু ঈশাৰ বাবে লিখিছিল, "কেৱল আপোনাক সুখী কৰিব বিচাৰো, কাৰণ মই বহুত সুখী হোৱাৰ কাৰণ হৈছে আপুনি ।"

লগতে পঢ়ক: Rajamouli won the Best Director Award: ৰাজামৌলীলৈ নিউয়ৰ্ক ফিল্ম ক্ৰিটিকচ চাৰ্কলৰ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.